• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

গৰমৰ দিনত কি খাব, কি নাখাব? জানি থওক, কামত আহিব আপোনাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 19, 2022 5:24 pm
summer season
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰম দিনৰ সময়ত বায়ুৰ তাপমান লাহে লাহে বাঢ়িবলৈ ধৰে আৰু পিছলৈ ই অসহ্যকৰ হৈ পৰে। গৰমৰ দিনত দিনবোৰ বৰ দীঘলীয়া হয়। আমাৰ ইয়াত বায়ুৰ আৰ্দ্ৰতা বেছি। সেইবাবে গৰমত ঘাম বেছিকৈ ওলায়। ইয়াৰ ফলস্বৰুপে শৰীৰ শুষ্ক হৈ পৰে। তদুপৰি ঘামৰ লগত ভালেমান খনিজ পদাৰ্থও শৰীৰৰ পৰা ওলাই যায়।

ফলত শৰীৰ দুৰ্বল হৈ পৰে। সুৰ্যৰ ৰশ্মিৰ প্ৰভাৱ ছালৰ ওপৰতো পৰে আৰু ছালৰ ক্ষতি কৰে। গতিকে এনে এক পৰিৱেশত আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ তথা শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কেতবোৰ বিশেষ ফল-মুল আৰু শাক-পাচলি গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰে।

Apply Now

গৰমৰ দিনত কেইবিধমান ফল-মুল আৰু শাক-পাচলি অতিকৈ গুৰুত্বপূৰ্ণ কি জানেনে?

ক) আম:- ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে ভাল পোৱা আম এবিধ সুস্বাদু ফল। আমাক ‘ফলৰ ৰজা’ বুলি কোৱা হয়। এইবিধ ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। ইয়াত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট (Antioxidant) থাকে। সেইবাবে আম কেন্সাৰ প্ৰতিৰোধী। ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু খাদ্যৰ পাচনতো সহায় কৰে। তদুপৰি ই দেহৰ ইমিউনিটি (Immunity) বৃদ্ধি কৰে।

আমে দেহৰ ওজন বৃদ্ধি কৰে বুলি কোৱা হয় যদিও সীমিত পৰিমাণৰ আম খালে বিশেষ একো অসুবিধাৰ সৃষ্টি নকৰে। অৱশ্যে এটা কথা উল্লেখ কৰা দৰকাৰ যে আমাৰ গ্লাইচেমিক ইনডেক্স (Glycemic Index) যিহেতু বেছি সেইবাবে ডায়েবেটিছ থকাসকলে এবাৰত ৫০ গ্ৰামতকৈ অধিক আম খোৱাটো অনুচিত।

ডায়েবেটিছ নথকাসকলে এবাৰত ১০০ গ্ৰাম আম (মধ্যমীয়া জোখৰ এটা) খাব পাৰে। হয়, ডায়েবেটিছ থকাসকলেও সীমিত পৰিমাণৰ আমৰ সোৱাদ ল’ব পাৰে। সাধাৰণভাৱে আম খোৱাৰ উপৰি আম চালাড হিচাপেও ব্যৱহাৰ কৰা হয়।

তদুপৰি পুডিং আদি প্ৰস্তুত কৰোতেও আম ব্যৱহৃত হয়। বহুতে আম আৰু গাখীৰৰ দ্বাৰা চৰবত বা ‘Mango shake’ প্ৰস্তুত কৰে। যেনেকৈয়ে নাখাওক কিয়, আম গৰম দিনৰ বাবে এক উপকাৰী খাদ্য।

 

খ) বিলাহী:- আমাৰ দেশত প্ৰচুৰ পৰিমাণে বিলাহী উৎপন্ন হয়। সেইবাবে ই সহজে উপলব্ধ। আমাৰ শৰীৰৰ বাবে বিলাহী বেছ উপকাৰী। ইয়াত লাইকোপেন (Lycopane) নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে। ই কেন্সাৰ প্ৰতিৰোধী আৰু আমাৰ হৃদযন্ত্ৰৰ বাবেও দৰকাৰী।

তদুপৰি আমাৰ ছালৰ বাবেও ই উপকাৰী। বিলাহী বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। এইবিধ পাচলিক চালাড হিচাপেও খোৱা হয়। বিলাহী ভিটামিন-চি, ভিটামিন- কে আৰু পটাছিয়ামৰ ভাল উৎস। বিলাহীয়ে আমাৰ দেহক সতেজ কৰাত সহায় কৰে।

 

গ) তৰমুজ:- অতিপাত গৰমত তৰমুজ খোৱাটো শৰীৰৰ বাবে উপকাৰী। তৰমুজত ৯২ শতাংশ পানী থাকে। গতিকে দেহৰ জলযোজনৰ বাবে অতি উপযোগী। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে তৰমুজত থকা লাইকোপেনৰ কেন্সাৰ প্ৰতিৰোধত বিশেষ ভূমিকা আছে।

তদুপৰি লাইকোপেনে কলেষ্টেৰল আৰু ৰক্তচাপ কমোৱাত সহায় কৰে। তৰমুজত যথেষ্ট পৰিমাণৰ ভিটামিন-চি আৰু ভিটামিন এ থাকে। এই দুবিধ ভিটামিনে গাৰ ছাল আৰু চুলিৰ যতন হয়। তৰমুজৰ প্ৰচুৰ পৰিমাণৰ পানী আৰু কম পৰিমাণৰ আঁহবোৰে খাদ্য পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

যিহেতু তৰমুজত কেলৰিৰ পৰিমাণ কম (একাপত মাত্ৰ ৪৬ কেলৰি) সেইবাবে ই আমাৰ শৰীৰৰ বাবে অতি লাভজনক।

 

ঘ) তিঁয়হ:- গৰমৰ দিনৰ বাবে আমাৰ চিৰপৰিচিত তিঁয়হ বেছ উপকাৰী। ইয়াতো পানীৰ পৰিমাণ যথেষ্ট। সেইবাবে দেহৰ জলযোজনত সহায় কৰে। এইবিধ খাদ্য পটাছিয়ামৰো ভাল উৎস। তিঁয়হ কেঁচাই খাবলৈ ভাল। গতিকে চালাডত ইয়াৰ ব্যৱহাৰ বেছিকৈ হয়। অৱশ্যে ইয়াক আঞ্জা হিচাপেও খোৱা হয়।

 

ঙ) মিঠা আলু:- মিঠা আলুক খাদ্য হিচাপে বৰ গুৰুত্ব দিয়া নহয়। কিন্তু ই এবিধ উপকাৰী খাদ্য। এইবিধ খাদ্য, বিটা-কেৰ’টিন, ভিটামিন-বি-১ আৰু বি-২ ভিটামিন চি, মেংগানিজ, ফছফৰাছ, কপাৰ আৰু পটাছিয়ামৰ ভাল উৎস। ইয়াৰ অৰ্থ হ’ল মিঠা আলুৰ ব্যৱহাৰে আমাৰ দেহৰ বিভিন্ন দিশৰ যত্ন লয়। গৰমৰ দিনৰ প্ৰতিকুল পৰিৱেশত এইবিধ খাদ্যই আমাক সহায় কৰে।

 

চ) দৈ:- গৰমৰ দিনৰ বাবে দৈ এবিধ উত্তম খাদ্য। যিকোনো ঠাইতে আৰু যিকোনো সময়তে দৈ খাব পাৰি। ভাল গাখীৰৰ পৰা দৈ অতি সহজে প্ৰস্তুত কৰিব পাৰি। সেইবাবেই ইয়াৰ প্ৰচলন বেছি। আজিকালি বিভিন্ন ব্ৰেণ্ডৰ দৈ বজাৰত উপলব্ধ। দৈত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বেক্টেৰিয়া (Probiotics) থাকে, যিবোৰে অন্ত্ৰৰ সক্ৰিয়তা বৃদ্ধি কৰে আৰু পাচনত সহায় কৰে।

দৈয়ে পাচন নলীত হ’ব পৰা বিষ, বেদনা আদিৰ উপশম ঘটায়। গাখীৰতকৈ দৈ সহজে হজম হয়। তদুপৰি দৈয়ে প্ৰাকৃতিকভাৱে গাৰ শুকান ছাললৈ আৰ্দ্ৰতা আনে। দৈত থকা কেলচিয়ামে হাড়ৰ ঘনত্ব বঢ়ায় আৰু ইবোৰক শক্তিশালী কৰে। বিভিন্ন ব্যঞ্জনতো দৈ ব্যৱহাৰ হয়। গৰমৰ দিনত বহুতে দৈৰ চৰবত (লচ্চী) বনাই ৰাখে। অতিপাত গৰমত দৈৰ ব্যৱহাৰে আমাৰ শৰীৰলৈ শীতলতা আৰু সজীৱতা আনে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd