লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণালৈ মাজত কেইটামান মুহূৰ্ত বাকী থকাৰ সময়তে আহিল সেই নভৱা-নিচিন্তা খবৰটো! নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেলে আকস্মিকভাৱে পদত্যাগ কৰাৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইতিমধ্যে গ্ৰহণ কৰিছে গোৱেলৰ পদত্যাগ পত্ৰ। ২০২৭ চনলৈকে গোৱেলৰ কাৰ্যকাল আছিল যদিও শণিবাৰে আচম্বিতে তেওঁ পদত্যাগ কৰে। গোৱেলে ২০২২ চনৰ ২১ নৱেম্বৰত নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ পদত্যাগৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
২০২৫ চনত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই অৱসৰ লোৱাৰ পাছতে অৰুণ গোৱেলেই দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত পদত অধিষ্ঠিত হ’লহেঁতেন। তেনে প্ৰেক্ষাপটত ৰহস্যজনকভাৱে নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিলে অৰুণ গোৱেলে। এটা কথা মন কৰিব, দুমাহ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে দিয়া ৰায়দান সদনৰ মজিয়াত সংখ্যাৰ জোৰত সম্পূৰ্ণৰূপে সলনি কৰিছিল এইখন বিজেপি চৰকাৰে।
নিৰ্বাচনী প্ৰক্ৰিয়াত স্বতন্ত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি পাঁচজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশনা অনুসৰি প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মিলি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচনী আয়ুক্তসকলক বাছনি কৰিব। কিন্তু সেই নিৰ্দেশনা সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা স্বচ্ছতা আৰু নিকা বিলুপ্ত কৰিলে এইখন বিজেপি চৰকাৰে। নিৰ্বাচনী আয়ুক্ত বাছনি কমিটিৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাবলৈ আইন আনি ৰাজ্যসভাত পাছ কৰিলে বিজেপি চৰকাৰে।
তাৰেই পৰিণতিত এনেদৰে পদত্যাগ কৰিলে নেকি দেশৰ নিৰ্বাচনী আয়ুক্তই? সেই চৰ্চাও নচলা নহয়। এটা স্বতন্ত্ৰ প্ৰতিষ্ঠানক ইতিমধ্যে বিজেপি চৰকাৰে নিজৰ হাতৰ মুঠিলৈ অনা বুলি সৰ্বত্ৰে চৰ্চা চলিছে। কিয়নো সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আয়ুক্ত বাছনি কমিটিত এইবাবেই অন্তৰ্ভুক্ত কৰা হৈছিল যাতে বাছনি কৰা নিৰ্বাচনী আ্ৰয়ুক্তগৰাকীয়ে স্বতন্ত্ৰ আৰু স্বচ্ছতা বা নিকাকৈ পৰিচালনা কৰিব পাৰে আয়োগখন। অৰুণ গোৱেলক নিৰ্বাচনী আয়ুক্ত হিচাপে চৰকাৰে নিযুক্তি দিয়া প্ৰক্ৰিয়াটোও বিতৰ্কত সোমাই পৰিছিল। ১৯ নবেম্বৰত প্ৰশাসনিক বিষয়াৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ ২১ নবেম্বৰৰ দিনা অৰ্থাৎ ৪৮ ঘন্টাৰ ভিতৰতে নিৰ্বাচনী আয়ুক্ত পদত অধিষ্ঠিত হৈছিল অৰুণ গোৱেল। তেতিয়াই আবেদনকাৰী অৰুণ বাৰানৱালৰ আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোছেফৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কৈছিল “আমি এনে এজন মুখ্য নিৰ্বাচনী আয়ুক্ত বিচাৰো যিখনক বিজেপি চৰকাৰে যাতে নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব নোৱাৰে। এজন ব্যক্তিয়ে স্বেচ্ছামূলক অৱসৰ ল’বলৈ তিনি মাহ সময় লাগে। ১৯ নৱেম্বৰত পঞ্জাৱ কেডাৰৰ ১৯৮৫-বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া গোৱেলক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ৬০ বছৰ বয়সত ৩১ ডিচেম্বৰত অৱসৰ ল’ব লাগিছিল। আদালতে জানিব বিচাৰে যে গোৱেলক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াত কোনো “বিসংগতি” আছিল নেকি?
তেতিয়াই উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বতন্ত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি পাঁচজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশনা অনুসৰি প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মিলি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচনী আয়ুক্তসকলক বাছনি কৰিব। কিন্তু সেই সিদ্ধান্ত বিজেপি চৰকাৰে সংখ্যাৰ বলত আইন পাছ কৰি তচনছ কৰি পেলালে আৰু সিদ্ধান্ত লোৱা হ’ল যে বাছনি কমিটিত প্ৰধান মন্ত্ৰী থাকিব, বিৰোধী দলপতি থাকিব আৰু তৃতীয়গৰাকী প্ৰধান মন্ত্ৰীৰ মন পছন্দৰ কোনো কেন্দ্ৰীয় মন্ত্ৰী থাকিব। অৰ্থাৎ সমিতিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নাথাকে। এতিয়াৰ পৰা যিহেতু মুখ্য ন্যায়াধীশগৰাকী বাছনি কমিটিত নাথাকিব বা চৰকাৰে নিজৰ পছন্দৰ ব্যক্তিক নিৰ্বাচনী আয়ুক্ত পদত অধিষ্ঠিত কৰিব পাৰিব, গতিকে তেনেকুৱা নিৰ্বাচনী আয়ুক্তই কেনেকৈ চৰকাৰখনক প্ৰশ্ন কৰিব? চৰকাৰৰ নিৰ্দেশনাতে তেওঁ পৰিচালিত হ’ব নালাগিব নে?
সঁচাকৈয়ে অৰুণ গোৱেলৰ পদত্যাগ নিৰ্বাচনী আয়োগৰ বাবে মোক্ষম আঘাত নহয় নে? একেখিনি সময়তে EVMৰ ওপৰতো একাংশই প্ৰশ্ন তোলা দেখা পোৱাৰ বিপৰীতে প্ৰধান মন্ত্ৰী মোদীকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীসকলে ৩৭০ খন আসন লাভ কৰিব বুলি দাবী কৰি আহিছে। চৰকাৰৰ তৰফৰ পৰাও এই পদত্যাগ অতি স্বাভাৱিক হিচাপেই গণ্য কৰিছে বা বিশেষ প্ৰতিক্ৰিয়া চৰকাৰৰ পিনৰ পৰা লাভ কৰা নাই। প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী বা কেন্দ্ৰীয় আইন মন্ত্ৰীৰ তৰফৰ পৰাও কোনোধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে অহা নাই।
এটা কথা মন কৰিব…. সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ কথা আছিল। আকৌ কৈছো…. ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ তিনিজন নিৰ্বাচন আয়ুক্ত। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন আয়ুক্ত। আগৰে পৰা এজন আয়ুক্তৰ পদ খালী আছে। তাতেই অৰুণ গোৱেলে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে পদত্যাগ কৰিলে। প্ৰশ্ন হৈছে ইমান ডাঙৰ দেশখনত একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত নিৰ্বাচন ঘোষণা কৰা সম্ভৱনে?
প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এন গোপালস্বামীৰ মতে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ইচ্ছা কৰিলে অকলে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে। অৱশ্যে সেই পথত চলিব নে নাই সেয়া তেওঁৰ সিদ্ধান্ত। ইয়াত আইনৰ কোনো বাধা নাই। আয়োগ ৩ জন সদস্যৰে গঠিত হ’লেও মাত্ৰ এজন সদস্য থাকিলেই তাক কাৰ্যকৰী বুলি গণ্য কৰা হয়।
নিৰ্বাচনী ব্যৱস্থাত নিৰপেক্ষতা বজাই ৰখাৰ স্বাৰ্থত তিনিজন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। যাতে কোনো বিষয়ত সামূহিক বা সংখ্যাগৰিষ্ঠতাৰে সিদ্ধান্ত ল’ব পৰা যায়। ফলত ২৪ ৰ নিৰ্বাচনৰ পূৰ্বে যে নতুন সংকটৰ সৃষ্টি হৈছে তাত কোনো সন্দেহ নাই। আমি পূৰ্বতে উল্লেখ কৰা বাছনি সমিতিৰ অধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী। আৰু সদস্য হ’ব এজন চৰকাৰৰ মন্ত্ৰী আৰু বিৰোধী দলৰ নেতা। তেনেস্থলত চৰকাৰৰ মতেই যে প্ৰাধান্য পাব তাত কোনো সন্দেহ নাই।
শনিবাৰে অৰুণ গোৱালে পদত্যাগ কৰাৰ পিছত বিৰোধীয়ে এই প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে যে বিজেপিয়ে তেওঁলোকৰ পোহনীয়া বিষয়াক নিৰ্বাচন আয়োগত নিযুক্তি দিব নেকি? সেই ভোট কিমান নিৰপেক্ষ হ’ব?
কেৱল সেয়াই নহয়, তাতোকৈ চিন্তনীয় কথাটো হ’ল চৰকাৰে কিমান সোনকালে কমিটীৰ বৈঠক আহ্বান কৰি নতুন নিৰ্বাচনী আয়ুক্ত বাছি ল’ব পাৰিব।
ইপিনে, নিৰ্বাচনী আয়ুক্তৰ পদত্যাগৰ পাছতে ছ’চিয়েল মিডিয়াতো উঠিছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শিলাদিত্য দত্তই লিখিছে এইদৰে…. শুনা কথা অৰুণ গয়েল , যিজন নিৰ্বাচনী আয়ুক্তই কালি পদত্যাগ কৰিলে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পক্ষত নাছিল।
যোৱা ৫ মাৰ্চ তাৰিখে কলকাতাত অনুষ্ঠিত হোৱা নিৰ্বাচনী ৰিভিউ মিটিঙৰ মাজতেই “স্বাস্থ্য জনিত কাৰণত” মিটিঙ আধাতে সামৰি দিল্লীলৈ উৰা মাৰে !
৮ মাৰ্চত আনজন নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ উপস্থিতিত হম্ চেক্ৰেটেৰী অজয় ভাল্লাৰ সৈতে CAPF ( Central Arms Police Force) লোকসভাৰ নিৰ্বাচনত নিয়োগ কৰাক লৈ আলোচনা হয় , তেওঁ অধিক CAPF নিয়োগ পক্ষত নাছিল …. কলিকতাৰ মিটিঙত ও CAPF নিয়োগ কৰাক লৈ কিবা মতানৈক্য হৈছিল ।।
৯ মাৰ্চত তেওঁ পদত্যাগ কৰে , তেওঁৰ কাৰ্য্যকাল আৰু চাৰি বছৰ বাকী আছিল…. লক্ষণীয় কথাটো হৈছে যিটো গতিত তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হ’ল , সাধাৰণতে এনে পদত্যাগ গ্ৰহণ কৰিবলৈ কিছু সময়ৰ প্ৰযোজন হয়, কিন্তু কালি সকলো কাৰ্য্য বিজুলী গতিত সম্পন্ন হয় ।।
এতিয়া নতুন আইন অনুযায়ী প্ৰধানমন্ত্ৰীয়ে আন দুজন আয়ুক্ত নিৰ্বাচিত কৰিব পাৰিব , ইতিমধ্যে নতুন আইনৰ যোগেদি দেশৰ মুখ্য ন্যায়াধীশক এই কমিটিৰ পৰা আঁতৰ কৰা হৈছে ।।
এতিয়া ৪০০ কিয় ৫০০ ও পাৰ কৰিব পাৰিব
খেলৰ ৰেফাৰি যিহেতু নিজেই বাছনি কৰি লব পাৰিছে।
ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে আকৌ লিখিছে, এইদৰে… ইলেকট্ৰৰেল বণ্ডৰ তথ্য এচ-বি-আইয়ে দাখিল নকৰালৈকে নিৰ্বাচনৰ দিন-বাৰ ঘোষনা নকৰিবলৈ দেশৰ ৭৯ গৰাকী অৱসৰপ্ৰাপ্ত জেষ্ঠ আমোলাই নিৰ্বাচন আয়োগক দাবী জনাই পত্ৰ দিছে । কিবা ফল ধৰিবনে? উচ্চতম ন্যায়ালয়ে অসাংবিধানিক আখ্যা দিয়া ইলেকট্ৰৰেল বণ্ডৰ তথ্য নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা হলে জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে হয়তো ৰাজনৈতিক হস্তক্ষেপৰ বাবে এচ-বি-আইয়ে তথ্য গোপন কৰাৰ ফন্দী পাতিছে আৰু অহা জুন মাহ পৰ্যন্ত সময়সীমা বিচাৰিছে ন্যায়ালয়ৰ পৰা। যাতে নিৰ্বাচন পাৰ হৈ যায় । থিতাতে তথ্য দাখিলৰ ব্যৱস্থা থকাৰ পিচতো বেংকটোৰ যিহে অজুহাত। ইতিমধ্যে বেংকটোৰ বিৰুদ্ধে আদালত অৱমাননা গোচৰো ৰুজু হৈছে। এতিয়া ন্যায়ালয় আৰু নিৰ্বাচন আয়োগে কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হব। আমি বিচাৰো নিৰ্বাচন নিকা আৰু স্বচ্ছ হোৱাৰ খাতিৰতে তাহানি টি-এন-শেষানৰ দৰেই মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সাহস দেখাওক। সেই আশা কৰিব পাৰিনে? ৰহস্যজনকভাবে আজি এজন আয়ুক্তই পদত্যাগহে কৰিছে।
ইপিনে, এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতুপৰ্ণ কোঁৱৰে ফেচবুকত লিখিছে এইদৰে…. লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে কিয় আচম্বিতে পদত্যাগ কৰিলে ভাৰতবর্ষৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে??
আগন্তুক লোকসভা নির্বাচনৰ বাবে দিন বাৰ ঘোষণা কৰিবলৈ এসপ্তাহো নথকাৰ সময়তে ভাৰতীয় নিৰ্বাচনী আয়োগৰ বৰ্তমান একমাত্র নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে আজি পদত্যাগ কৰিছে। যদিও ২০২৭ চনলৈ তেওঁৰ কাৰ্য্যকাল আছিল। এই পদত্যাগৰ খবৰ লাভ কৰি সকলো সচেতন নাগৰিকৰে চকু কপালত উঠিছে। প্ৰকৃততে দেশত হৈ আছে কি? আগন্তুক নির্বাচন নিকা আৰু নিৰপেক্ষ হিচাবে অনুষ্ঠিত হ’ব নে? পাৰিবনে নিৰ্বাচন আয়োগে?
নিৰ্বাচন আয়োগৰ দুজন আয়ুক্তৰ এগৰাকীয়ে ফেব্ৰুৱাৰী মাহতে অৱসৰ ল’লে। গতিকে গোৱেলৰ পদত্যাগৰ লগে লগেই নিৰ্বাচন আয়োগৰ তিনিজনীয়া আয়োগৰ মাথো মুখ্য নিৰ্বাচনী আয়ুক্তহে থাকিলেগৈ। অৰ্থাৎ নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তি নিদিলে মুখ্য নির্বাচনী আয়ুক্তই অকলেই আগন্তুক নিৰ্বাচন পৰিচালনা কৰিব লাগিব! প্ৰথমবাৰৰ বাবে দেশত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে!!
খবৰ অনুসৰি যোৱাকালি কলকতাত অনুষ্ঠিত নিৰ্বাচন আয়োগৰ poll review সভাৰ পৰা হঠাৎ উঠি গৈছিল অৰুণ গোৱেল। তাৰ পিছতেই আজি তেওঁৰ পদত্যাগ পত্র গ্রহণ কৰিলে মাননীয় ৰাষ্ট্রপতি ডাঙৰীয়ানীয়ে। আনহাতেদি তেওঁ মোডী-শ্বাহৰো প্ৰিয়পাত্ৰ আছিল!
বিষয়টো অতি গুৰুত্বপূর্ণ। পদত্যাগৰ প্ৰকৃত কাৰণ কোনেও এতিয়ালৈকে জানিব পৰা নাই । কিন্তু সকলোৱে সন্দেহ কৰিছে যে হয়তো কেন্দ্রীয় চৰকাৰৰ সৈতে তেওঁৰ কিবা বিষয়ত মতানৈক্য হ’ব পাৰে!! নতুবা কোনোবা পুতলা ব্যক্তিক আয়ুক্ত নিযুক্তি দিবলৈ কাৰোবাৰ অভিসন্ধি!! আজিকালি নতুন আইন অনুযায়ী নিযুক্তি কমিটিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো নাই। প্ৰধানমন্ত্ৰীয়েই সৰ্বেসৰ্বা। গতিকে, আগন্তুক কেইটামান দিন নিৰ্বাচন আয়োগৰ গতিবিধি অতি লক্ষণীয় হ’ব।
নিৰ্বাচনী আয়োগ সঁচাকৈয়ে স্বতন্ত্ৰ হৈ আছে নে? সাধাৰণ জনতাৰ মনত সন্দেহ সৃষ্টি হোৱাটোও স্বাভাৱিক…. কিয়নো শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত আচৰণ বিধি ভংগ কৰি চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ তাণ্ডৱৰ পাছতো ধৃতৰাষ্ট্ৰৰ ভাৱত অৱতীৰ্ণ হৈছিল ভাৰতীয় নিৰ্বাচনী আয়োগ। উদাহৰণ স্বৰূপে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়ত এগৰাকী কণমানিয়ে গুজৰাটত বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী কাষতে বহি আছিল আৰু কণমানিগৰাকীৰ বক্তব্য শুনি আছিল। নিৰ্বাচনী প্ৰচাৰত এগৰাকী কণমানি নাবালিকাক ব্যৱহাৰটো কিমান দূৰ সমীচীন বা যুক্তিসংগত? নিশ্চয়কৈ ই আইন বহিৰ্ভূত তথা নিৰ্বাচনী বিধি উলংঘন কৰা এক বিষয়। এই ভিডিঅ’টোকে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শ্বেয়াৰ কৰি মোদীৰ জয়গান গোৱাত লাগি পৰিল। ঠিক সেইদৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিমাচল প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত বাবৰ, বাবৰী মছজিদ আৰু ৰাম জন্মভূমি কেন্দ্ৰিক সাম্প্ৰদায়িক বক্তব্য দাঙি ধৰিছিল। মুছলমানে তিনি তালাক কেনেকৈ দিয়ে, বাবৰী মছজিদ, ৰাম জন্মভূমিক লৈ সাম্প্ৰদায়িক মন্তব্যৰে পিছপৰি ৰোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাও। কিন্তু বিজেপিৰ এইবোৰ কাণ্ডৰ পাছতো ভাৰতীয় নিৰ্বাচনী আয়োগ নিশ্চুপ হৈ আছিল।