NORTHEAST NOW (Assamese)

প্ৰাণঘাতী ‘নিও ক’ভ’! কোভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

January 29, 2022 5:27 pm · এন ই নাও নিউজ, গুৱাহাটী

কোভিড-১৯ৰ অ’মিক্ৰণ ভেৰিয়েন্টৰ পাছত এইবাৰ ‘নিও ক’ভ’ নামৰ ভেৰিয়েন্টে পুনৰ আতংকৰ সৃষ্টি কৰিছে। পূৰ্বৰ আটাইবোৰ ভেৰিয়েন্টৰ তুলনাত এইটো আটাইতকৈ অধিক প্ৰাণঘাতী বুলি কোৱা হৈছে।

ইপিনে, চীনৰ গৱেষকসকলে দাবী কৰা মতে দক্ষিণ আফ্ৰিকাৰ বাদুলীৰ মাজত এইটো বিয়পি পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই ‘নিও ক’ভ’ক লৈ আৰু অধিক গৱেষণা হোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে।

চীনৰ বিজ্ঞানীসকলে শেহতীয়াকৈ ছাৰ্ছ-ক’ভ-২ বা মূল কৰ’না ভাইৰাছৰ এটা ৰূপান্তৰিত ভেৰিয়েন্টৰ সন্ধান লাভ কৰিছে। নতুন এই ভাইৰাছৰ বৈজ্ঞানিক নাম হৈছে পিডিএফ-২১৮০-ক’ভ। অৱশ্যে সাধাৰণভাৱে ইয়াৰ নাম দিয়া হৈছে ‘নিও ক’ভ’।  

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

তেওঁলোকে জানিবলৈ দিয়া মতে মূল কৰ’না ভাইৰাছ আৰু ইয়াৰ যিমানবিলাক ৰূপান্তৰিত ভেৰিয়েন্ট চিনাক্ত হৈছে সেই সকলোবোৰৰ ভিতৰত ‘নিও ক’ভ’ আটাইতকৈ সংক্ৰামক তথা প্ৰাণঘাতী।

আনহাতে, এতিয়ালৈকে ভাইৰাছটোৰ উপস্থিতি দক্ষিণ আফ্ৰিকাৰ কিছুমান বাদুলীৰ মাজত পোৱা গৈছে। ইয়াৰ দ্বাৰা এতিয়ালৈকে কোনো মানুহ আক্ৰান্ত হোৱাৰ তথ্য পোৱা হোৱা নাই।

শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিযোগে জানিবলৈ দিছে,’’ছাৰ্ছ ভাইৰাছৰ বৃহৎ পৰিয়ালৰ এক সদস্য হৈছে ছাৰ্ছ-ক’ভ-২ বা মূল কৰ’না ভাইৰাছ। এই ভাইৰাছৰ পৰিয়ালৰ সদস্যসকলে সাধাৰণ পানীলগা জ্বৰৰ পৰা আৰম্ভ কৰি প্ৰাণঘাতী জটিল শ্বাসতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক:এইবাৰ শিৱসাগৰ পৌৰসভা দখলৰ লক্ষ্য বিধায়ক অখিল গগৈৰ

অৱশ্যে নতুন ভেৰিয়েন্ট ‘নিও ক’ভ’ সম্পৰ্কে অধিক গৱেষণাৰ পাছতহে ই কিমান প্ৰাণঘাতী সেয়া জানিব পৰা হব বুলি জনায় বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে এই ভেৰিয়েন্টটো চিনাক্ত কৰা বাবে চীনৰ উহানৰ গৱেষকসকলক ধন্যবাদো জনায়।   

Related News