হোৱাটছএপ হেকিংৰ পুৰণি কৌশলসমূহ এতিয়া প্ৰায় অচল হৈ পৰিছে। এইবাৰ হেকাৰসকলে ব্যৱহাৰ কৰিছে এক নতুন আৰু অধিক বিপজ্জনক পদ্ধতি, য’ত ব্যৱহাৰকাৰীয়ে অজ্ঞাতেই হেৰুৱাব পাৰে তেওঁৰ হোৱাটছএপ একাউণ্টৰ নিয়ন্ত্ৰণ। এই নতুন ফান্দৰ আটাইতকৈ চিন্তাজনক দিশটো হ’ল যে সন্দেহজনক বাৰ্তাটো আপোনাৰ মোবাইলত সংৰক্ষিত (Save) হৈ থকা কোনো চিনাকি নম্বৰৰ পৰাই আহে।
তথ্য অনুসৰি, এই হেকিং কৌশলটোৱে এটা “চেইন চিষ্টেম” (Chain System) হিচাপে কাম কৰে। যেতিয়াই কোনো এজন ব্যৱহাৰকাৰীৰ একাউণ্ট হেক হয়, তেতিয়াই সেই একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে তেওঁৰ ফোনত থকা থকা সকলো নম্বৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হয়। বাৰ্তাটোত সাধাৰণতে লিখা থাকে, “তোমাৰ এখন ছবি পাইছো”, আৰু তাৰ সৈতে এটা লিংক সংযুক্ত থাকে।
ব্যৱহাৰকাৰীয়ে সেই লিংকটোত ক্লিক কৰাৰ লগে লগে ফোন নম্বৰ দি পৰীক্ষণ (Verification) কৰিবলৈ এটা অনুৰোধ পায়। ইয়াতেই লুকাই থাকে আচল ফান্দ। ফোন নম্বৰ দি পৰীক্ষণ সম্পূৰ্ণ কৰাৰ লগে লগে হোৱাটছএপ একাউণ্টৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ হেকাৰৰ হাতলৈ গুচি যায়। ইয়াৰ পিছত হেকাৰে ব্যৱহাৰকাৰীৰ নাম ব্যৱহাৰ কৰি যিকোনো ধৰণৰ আপত্তিকৰ বাৰ্তা প্ৰেৰণ, প্ৰতাৰণা বা অবৈধ কাৰ্যকলাপ চলাব পাৰে।
বিশেষজ্ঞসকলে জনাইছে যে এই প্ৰক্ৰিয়াত একাউণ্ট হেক হোৱাৰ পিছতো ব্যৱহাৰকাৰীয়ে তৎক্ষণাত কোনো ধৰণৰ জাননী নাপাবও পাৰে। এতিয়ালৈকে এই হেকিং কৌশলটো মূলতঃ চেক গণৰাজ্যত ধৰা পৰিছে যদিও ই অতি শীঘ্ৰেই বিশ্বজুৰি বিয়পি পৰাৰ সম্ভাৱনা আছে।
বিশেষজ্ঞৰ পৰামৰ্শ:
- যিকোনো সন্দেহজনক লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকক।
- হোৱাটছএপত ‘টু-ষ্টেপ ভেৰিফিকেচন’ (Two-step verification) বা দুই-স্তৰীয় সুৰক্ষা ব্যৱস্থা সক্ৰিয় কৰক।
- চিনাকি নম্বৰৰ পৰা আহিলেও কোনো অস্বাভাৱিক বাৰ্তা বা লিংক পালে তৎক্ষণাৎ সতৰ্ক হওক।





