NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল হোৱাটছাপ

May 26, 2021 12:37 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল সামাজিক মাধ্যম ‘হোৱাটছাপ’।

সামাজিক মাধ্যমটোৰ তৰফৰ পৰা দাবী যে নতুন এই নিয়মৰ ফলত হোৱাটছাপ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তাৰ সুৰক্ষা ভংগ হ’ব হ’ব।

এই সম্পৰ্কত হোৱাটছাপে ন্যায়ালয়ত এটা আবেদন দাখিল কৰিছে।

চৰকাৰে জাৰি কৰা নতুন নিয়ম কাৰ্যকৰী হৈছে বুধবাৰৰ পৰা।

সামাজিক মাধ্যমসমূহক তিনি মাহৰ সময় দিছিল কেন্দ্ৰই।

মঙলবাৰে ইয়াৰ ম্যাদ উকলি যায়।

উক্ত দিনাই গ্ৰাহক সুৰক্ষাৰ প্ৰসংগ তুলি ন্যায়ালয়ৰ দ্বাৰস্থ হয় হোৱাটছাপ।

আনহাতে, ফেচবুকে মঙলবাৰে জনাইছিল যে চৰকাৰৰ নিয়ম অনুসৰণ কৰাৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেওঁলোকে।

কিন্তু ফেচবুকৰে মালিকানাধীন হোৱাটছাপে কিন্তু নতুন আইনৰ বিৰোধিতা কৰি আইনী পথ লৈছে।

এক বিবৃতিযোগে হোৱাটছাপে দাবী কৰে যে নতুন এই নিয়মৰ ফলত গ্ৰাহকসকলৰ গোপনীয়তাৰ সুৰক্ষা ভংগ হ’ব।

তদুপৰি ই মানুহৰ গোপনীয়তাৰ অধিকাৰো খৰ্ব কৰিব বুলি হোৱাটছাপে কয়।

ভাৰতত হোৱাটছাপ ব্যৱহাৰকাৰীৰ সংখ্যা ৪০ কোটি।

ইতিমধ্যে বিষয়টো লৈ বিশেষজ্ঞ আৰু ভাৰত চৰকাৰৰ স’তে আলোচনা চলোৱা হৈছে বুলি বিবৃতিটোত জনোৱা হৈছে।

Related News