• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰা খহনীয়াত ত্ৰস্তমান অফলাবাসী : শেষ ভৰসা যেন নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ!

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 26, 2021 12:46 pm
Sivasagar
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৌদিশে এতিয়া মহামাৰী কৰোনাৰ আতংক। কিন্তু ইয়াৰ মাজতে আন এক বিপদে শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাবাসীৰ নিদ্ৰা হৰণ কৰিছে।

অঞ্চলবাসীয়ে দীৰ্ঘদিনে এক সমস্যাৰ সন্মুখীন হৈ আহিছে। সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। হয় বিগত কেইবা বছৰ ধৰি এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। লুইত পানী বাঢ়ি অহাৰ লগে লগে চপৰা চপৰে খহিছে গৰা। প্ৰতিবছৰে শ শ বিঘা ভূমি জাহ গৈছে এই গৰাখহনীয়াত।

Apply Now

খৰালি সময়ত শুই বহি কটোৱা অসম চৰকাৰৰ জলসম্পদ বিভাগ বাৰিষাৰ বান পানীৰ সময়ত সক্ৰিয় হোৱা দেখা যায়। অঞ্চলটোত বানপানী ৰোধিবলৈ মথাউৰিত বস্তা পাৰি দায়িত্ব সামৰে জল সম্পগ বিভাগে। এই অভিযোগ স্থানীয় ৰাইজৰ।

১৯৯৫ চন মানৰ পৰাই এই গৰাখহনীয়া সমস্যাৰ সন্মুখীন হৈ আহিছে অফলাবাসী। বৰ্তমানৰ মথাউৰিটোৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত আছিল এই অফলা গাঁওখন। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত এতিয়া মথাউৰিৰ পৰা মাত্ৰ ৬০ মিটাৰ মান দূৰত অৱস্থিত ব্ৰহ্মপুত্ৰ নদী।

কিন্তু অতি ৰিতাপৰ বিষয় যে দিচাংমুখৰ অফলাৰ এই গৰাখহনীয়া ৰোধৰ বাবে কি কংগ্ৰছ কি বিজেপি, কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে।

পূৰ্বৰ চৰকাৰৰ দিনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সেই সময়ৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিভ্ৰমণ কৰি অফলাবাসীক অতি সোনকালে গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

অফলাবাসীয়ে এতিয়া আশাৰে বাট চাইছে বৰ্তমানৰ বিধায়ক অখিল গগৈৰ ওপৰত। কিয়নো অখিল গগৈয়ে শপত গ্ৰহণৰ দিনাই অফলাৰ বান গৰাখহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছিল।

ইতিমধ্যে অখিল গগৈৰ হৈ ৰাইজৰ দলৰ এটি সজাতি দলে অঞ্চলটো পৰিভ্ৰণ কৰাৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও গৰাখহনীয়াৰ অঞ্চল পৰিভ্ৰমণ কৰি চৰকাৰৰ এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে।

জলসম্পদ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিয়েই বিভাগটোৰ ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈ উঠা মন্ত্ৰী পিয়ুষ হাজৰিকা, আহক এবাৰ এই দিচাংমুখৰ অফলা অঞ্চললৈ। গৰাখহনীয়াই কি ৰূপ ধাৰণ কৰিছে স্বচক্ষুৰে প্ৰত্যক্ষ কৰক। আপোনালোকৰ বানপানীমুক্ত গৰাখহনীয়ামুক্ত অসমৰ যি মিছন সেই মিছন পূৰণ কৰক। এই দাবী অফলাবাসীৰ।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd