ৰাজ্যৰ চৌদিশে এতিয়া মহামাৰী কৰোনাৰ আতংক। কিন্তু ইয়াৰ মাজতে আন এক বিপদে শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাবাসীৰ নিদ্ৰা হৰণ কৰিছে।
অঞ্চলবাসীয়ে দীৰ্ঘদিনে এক সমস্যাৰ সন্মুখীন হৈ আহিছে। সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। হয় বিগত কেইবা বছৰ ধৰি এই অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। লুইত পানী বাঢ়ি অহাৰ লগে লগে চপৰা চপৰে খহিছে গৰা। প্ৰতিবছৰে শ শ বিঘা ভূমি জাহ গৈছে এই গৰাখহনীয়াত।
খৰালি সময়ত শুই বহি কটোৱা অসম চৰকাৰৰ জলসম্পদ বিভাগ বাৰিষাৰ বান পানীৰ সময়ত সক্ৰিয় হোৱা দেখা যায়। অঞ্চলটোত বানপানী ৰোধিবলৈ মথাউৰিত বস্তা পাৰি দায়িত্ব সামৰে জল সম্পগ বিভাগে। এই অভিযোগ স্থানীয় ৰাইজৰ।
১৯৯৫ চন মানৰ পৰাই এই গৰাখহনীয়া সমস্যাৰ সন্মুখীন হৈ আহিছে অফলাবাসী। বৰ্তমানৰ মথাউৰিটোৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত আছিল এই অফলা গাঁওখন। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত এতিয়া মথাউৰিৰ পৰা মাত্ৰ ৬০ মিটাৰ মান দূৰত অৱস্থিত ব্ৰহ্মপুত্ৰ নদী।
কিন্তু অতি ৰিতাপৰ বিষয় যে দিচাংমুখৰ অফলাৰ এই গৰাখহনীয়া ৰোধৰ বাবে কি কংগ্ৰছ কি বিজেপি, কোনো এখন চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে।
পূৰ্বৰ চৰকাৰৰ দিনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সেই সময়ৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অঞ্চলটো পৰিভ্ৰমণ কৰি অফলাবাসীক অতি সোনকালে গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
অফলাবাসীয়ে এতিয়া আশাৰে বাট চাইছে বৰ্তমানৰ বিধায়ক অখিল গগৈৰ ওপৰত। কিয়নো অখিল গগৈয়ে শপত গ্ৰহণৰ দিনাই অফলাৰ বান গৰাখহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছিল।
ইতিমধ্যে অখিল গগৈৰ হৈ ৰাইজৰ দলৰ এটি সজাতি দলে অঞ্চলটো পৰিভ্ৰণ কৰাৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও গৰাখহনীয়াৰ অঞ্চল পৰিভ্ৰমণ কৰি চৰকাৰৰ এই সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে।
জলসম্পদ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিয়েই বিভাগটোৰ ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈ উঠা মন্ত্ৰী পিয়ুষ হাজৰিকা, আহক এবাৰ এই দিচাংমুখৰ অফলা অঞ্চললৈ। গৰাখহনীয়াই কি ৰূপ ধাৰণ কৰিছে স্বচক্ষুৰে প্ৰত্যক্ষ কৰক। আপোনালোকৰ বানপানীমুক্ত গৰাখহনীয়ামুক্ত অসমৰ যি মিছন সেই মিছন পূৰণ কৰক। এই দাবী অফলাবাসীৰ।