NORTHEAST NOW (Assamese)

দাঁত কেতিয়া ব্ৰাছ কৰিব? খোৱাৰ আগত নে পিছত?

January 19, 2023 8:46 am · এন ই নাও নিউজ, গুৱাহাটী

আমি সকলোৱে এই বুলিয়েই জানো যে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। সৰুৰে পৰা বহু লোক এই অভ্যাসত অভ্যস্ত।

ইয়াৰ বাহিৰেও স্বাস্থ্য সচেতন লোকসকলে কেতিয়াবা ‘স্কেল’, ‘ফ্লছ’ বা ‘ক্লিন’ৰ বাবে দন্ত চিকিৎসকৰ ওচৰলৈ যায়। নিশ্চিতভাৱে ই এটা ভাল অভ্যাস।

অৱশ্যে দাঁতক সুস্থ কৰি ৰাখিব বিচাৰিলে কেৱল দাঁত ঘঁহিয়েই দাঁত ভালে ৰাখিব নোৱাৰি। সুস্থ দাঁতৰ বাবে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও গুৰুত্বপূৰ্ণ।

ইণ্টাৰনেটৰ প্ৰভাৱশালী ভ্লগাৰ কাৰী ৰড্ৰিগেজে তেওঁৰ অনুৰাগীসকলৰ বাবে দন্ত স্বাস্থ্যৰ বিশদ বিৱৰণ দিছে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত।

তাতে তেওঁ কৈছে যে বহুতে পুৱা সাৰ পাই চাহ বা কফি খায়, ইয়াৰ পিছত ব্ৰেকফাষ্ট কৰে আৰু তাৰ পিছতহে দন্ত মৰ্জন কৰে। এনে কৰিলে দাঁতৰ যথেষ্ট ক্ষতি হয়।

দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ উপৰিও আৰু কি কৰিব পাৰি? দাঁত কেনেকৈ ব্ৰাছ কৰিব লাগে?

এই বিষয়েও কৈছে ৰডিগ্ৰেজে।

ৰডিগ্ৰেজে কৈছে যে এদিন জোৰেৰে ঘঁহিলে দাঁতৰ দাগ নাইকিয়া নহয়। গতিকে, এনেদৰে ব্ৰাছ কৰিব নালাগে যাতে আলু বা দাঁতৰ ওপৰত অত্যধিক চাপ পৰে।


দিনটোত কিমানবাৰ দন্ত মৰ্জন কৰিব লাগে?

চিকিৎসকৰ মতে দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰিলেই যথেষ্ট। সাৰ পাই উঠি আৰু শুই উঠাৰ আগতে। অৱশ্যে দাঁত সুস্থ কৰি ৰাখিবলৈ চিকিৎসকে প্ৰতিটো আহাৰ খোৱাৰ পিছত কুল কুলি কৰিবলৈ পৰামৰ্শ দিয়ে।

দাঁত ঘঁহিবলৈ কি ধৰণৰ মলম ব্যৱহাৰ কৰিব লাগে?

শেহতীয়াকৈ দাঁতৰ সমস্যা অনুসৰি বিভিন্ন টুথপেষ্ট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে। সংক্ৰমিত দাঁত, আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ খাঁজত আবদ্ধ হৈ থকা খাদ্য, ইনামেল ক্ষয় আদি সমস্যাৰ পৰা মুক্তি পাবলৈ চিকিৎসকে ফ্ল’ৰাইড নামৰ যৌগ থকা টুথপেষ্ট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

Related News