NORTHEAST NOW (Assamese)

ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ কিমান দিন পাছত ভেকচিন লাভ কৰা যাব? জনালে কেন্দ্ৰই

May 19, 2021 7:40 pm · এন ই নাও নিউজ
Updated: May 19, 2021 7:43 pm

ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱাৰ পাছত তিনি মাহৰ ভিতৰত একোজন লোকক প্ৰথম পালি ভেকচিন প্ৰদান কৰিব পৰা যাব।

প্ৰথম পালি ভেকচিন প্ৰদান কৰাৰ পাছত যদি লোকজন পুনৰ ক’ভিড-১৯ সংক্ৰমিত নহয়, তেনেহ’লে প্ৰথম পালিৰ তিনিমাহ পাছত দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হ’ব।

আজি কেন্দ্ৰীয় চৰকাৰে এই কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ নিতি আয়োগৰ সদস্য ডাঃ ভি কে পালৰ নেতৃত্বত গঠিত ‘এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এডমিনিষ্ট্ৰেচন’-এ দিয়া পৰামৰ্শমতে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

সন্তানক স্তন্যপ্ৰাণ কৰি থকা মহিলাকো ভিকচিন প্ৰদান কৰিবলৈ এই নতুন বিশেষজ্ঞ কমিটি পৰামৰ্শ প্ৰদান কৰিছে।

আনহাতে গৰ্ভৱতী মহিলাক ভেকচিন প্ৰদানৰ সম্পৰ্কে বৰ্তমানলৈকে বিশেষজ্ঞ কমিটিখনে কোনো সিদ্ধান্তলৈ অহা নাই।

Related News