এ’ পি এচ চি সংস্কাৰ ক’ত? সোণোৱালক প্ৰশ্ন কংগ্ৰেছৰ

Sonowal Where is APSC reformation? Congress asks Assam CM Sonowal

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

ৰাকেশ পালৰ লগতে চাকৰিৰ বজাৰ চলোৱা বহুতক গ্ৰেপ্তাৰৰ পাছত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত এ’ পি এচ চি সংস্কাৰৰ দিশত আগবঢ়া বুলি চৰ্চা চলিছিল। কিন্তু প্ৰকৃততে এ’ পি এচ চিৰ কিমান সংস্কাৰ হ’ল?

লগতে পঢ়ক– ধোঁৱাচাঙত এ’ পি এচ চি সংস্কাৰ! অনুত্তীৰ্ণ ৪শ পুনৰ উত্তীৰ্ণ, উত্তীৰ্ণৰ মাজতো অনুত্তীৰ্ণ; স্বীকাৰ অধ্যক্ষৰ

শেহতীয়াভাৱে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (প্ৰাৰম্ভিক)ৰ ফলাফলত হোৱা ব্যপক খেলিমেলিয়ে অনুষ্ঠানটোৰ সংস্কাৰৰ প্ৰকৃত ছবিখন উদঙাই দিছে। আঁসোৱাহপূৰ্ণ ‘এনছাৰ কী’ৰে পৰীক্ষাৰ বহী পৰীক্ষণৰ তথ্য পোহৰলৈ অহাৰ পাছত দুবাৰকৈ ফলাফল ঘোষণা কৰিবলগীয়া কাৰ্য্যই স্তম্ভিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক। সমান্তৰালকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এ পি এচ চি সংস্কাৰৰ ফোঁপোলা স্বৰূপৰ কথা উল্লেখ কৰি সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছে।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে বিজেপি চৰকাৰৰ দিনত এ’ পি এচ চিৰ সংস্কাৰক লৈ প্ৰশ্ন উত্থাপন কৰে।

“এ’ পি এচ চিৰ অধ্যক্ষ ৰাকেশ পালক গ্ৰেপ্তাৰৰ পাছত গঠিত সংস্কাৰ কমিতিয়ে প্ৰতিবেদন দাখিল কৰা দুবছৰ হৈ গ’ল। সংস্কাৰৰ নামত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাঃ বাঃ ল’লে। তাৰ পাছতো ২১টাকৈ বিষয়ৰ যথেষ্টসংখ্যক প্ৰশ্নোত্তৰত ভুল। এয়াই নেকি এ’ পি এচ চিৰ সংস্কাৰ?” দুৰ্গা দাস বড়োৱে কয়।

উল্লেখ্য যে, যোৱা ১৩ মাৰ্চত ফলাফল ঘোষণা কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (প্ৰাৰম্ভিক), ২০১৮ৰ ২১টা বিষয়ৰ ‘এনছাৰ কী’ত যথেষ্ট পৰিমাণৰ ভুল ৰৈ যোৱাৰ কথা পোহৰলৈ আহাৰ পাছত বহী পুনৰীক্ষণ কৰিছিল আয়োগে। ইয়াৰ পাছত ৩০ এপ্ৰিলত একেটা পৰীক্ষাৰ দুবাৰকৈ ফলাফল ঘোষণা কৰিবলগীয়া হৈছিল। এ’ পি এচ চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপক কুমাৰ শৰ্মাৰ লগতে সদস্যসকলে বৃহস্পতিবাৰে সংবাদমেল পাতি এই ভুল স্বীকাৰো কৰিছে।

কিন্তু এ’ পি এচ চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে কেৱল প্ৰশ্নকাকত প্ৰস্তুত কৰা ২২গৰাকী বিশেষজ্ঞৰ ওপৰত দোষ জাপি নিজে দায় সাৰিব বিচৰা বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে।

ইপিনে, ত্ৰুটিপূৰ্ণ ‘এনছাৰ কী’ৰে উত্তীৰ্ণ হোৱা ৩৩৬১গৰাকী প্ৰাৰ্থীৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে দুৰ্গা দাস বড়োৱে। লগতে ২২ গৰাকী বিশেষজ্ঞক শাস্তি প্ৰদানৰ আগতে এ’ পি এচ চিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি সদস্যসকলকহে জৱাবদিহি কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

সংবাদমেলত দুৰ্গা দাস বড়োৱে ৰাজ্যৰ বন্ধ হৈ পৰা কাগজকলৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তাৰ কৰ্মচাৰীসকলৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিছে বুলিও মন্তব্য কৰে। লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি দিও তাক কাৰ্য্যত ৰূপায়িত কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে।

“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা ‘অষ্টলক্ষ্মী’ৰ স্থানত অসম গৌৰৱ কাগজকল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এবছৰ আগতে দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে,” দুৰ্গা দাস বড়োৰ মন্তব্য।

এডভাণ্টে’জ আচাম, নমামি ব্ৰহ্মপুত্ৰৰ জৰিয়তে কোটি কোটি টকা বিনিয়োগ হ’ব বুলি কোৱাৰ পাছত বাস্তৱত একো নহ’ল বুলিও তেওঁ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে চৰকাৰক সমালোচনা কৰে।

বিজেপি চৰকাৰৰ দিনত অসমত কিবা নতুন উদ্যোগ স্থাপন হ’ব বুলি আশা নকৰে বুলি মন্তব্য কৰি প্ৰদাশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে বন্ধ হৈ পৰা উদ্যোগসমূহকে প্ৰথমতে পুনৰুজ্জীৱিত কৰাৰ দাবী জনায়।