NORTHEAST NOW (Assamese)

মোৰ চাকৰি ক’ত গ’ল ? : SFI আৰু DYFIৰ অভিনৱ প্ৰতিবাদ বিশ্বনাথ চাৰিআলিত

December 22, 2020 4:30 pm · কাজি জেইদুল ইছলাম

মোৰ চাকৰি ক’ত গ’ল ?

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ (DYFI) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ সমীপত ২ ঘন্টীয়া যুৱ ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

নিবনুৱা সংস্থাপন, ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশীকিকৰণ কৰা ইত্যাদি বিভিন্ন দাবী লৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে বিশেষকৈ খালি হৈ থকা সকলো পদ অতিশীঘ্ৰে পূৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ তথা আঁচনিভুক্ত পদসমুহ নিয়মীয়া কৰাৰ দাবী তোলে।

ইয়াৰ লগতে দুৰ্নীতি মুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা, সকলো নিবনুৱাৰ পঞ্জীয়ন কৰি মাহিলী ৬০০০ টকাকৈ নিবনুৱা ভাট্টা প্ৰদান কৰা কৰাৰো দাবী কৰে ছাত্ৰ সংগঠন দুটাৰ প্ৰতিবাদকাৰীসকলে।

ইয়াৰোপৰি নতুন উদ্যোগ স্থাপন কৰাৰ লগতে মৃত উদ্যোগ পুনৰ উজ্জীৱিত কৰি তোলা, অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদত অসমৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰো দাবী কৰে SFI আৰু DYFIৰ প্ৰতিবাদকাৰীসকলে।

ৰাজনৈতিক পক্ষপাতিত্ব নোহোৱাকৈ প্ৰস্তাৱিত স্বয়ম আঁচনি ৰূপায়ন কৰা, লকডাউনৰ সময়ত কৰ্মচ্যুৎ হোৱা সকলোকে সংস্থাপন প্ৰদান কৰা আৰু  ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী আৰু ভেঞ্চাৰ শিক্ষক কৰ্মচাৰী চাকৰি প্ৰাদেশীকিকৰণ কৰা আদি বিভিন্ন দাবী লৈ দুয়ো ছাত্ৰ সংগঠনে যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Related News