NORTHEAST NOW (Assamese)

পৈশাচিক অত্যাচাৰৰ একমাত্র সাক্ষী, কেনে আছে নির্ভয়াৰ বন্ধুজন?

March 21, 2020 12:55 pm · এন ই নাও নিউজ

সাত বছৰ পাছত ন্যায়বিচাৰ পালে নির্ভয়াই। শুকুৰবাৰে ফাঁচী দিয়া হৈছে নির্ভয়াৰ ধর্ষণকাৰী চাৰিওজনক।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ ৰাতি দিল্লীত পৈশাচিক নির্যাতন চলোৱা হৈছিল নির্ভয়াৰ ওপৰত। সেই ঘটনাৰ একমাত্র সাক্ষী আছিল তাইৰ এজন বন্ধু।

সেই বন্ধুৰ লগতেই সেই ৰাতি চিনেমা চাবলৈ গৈছিল দুয়ো। সেই বন্ধুৰ চকুৰ সন্মুখতেই সংঘটিত হৈছিল সেই ছয় নৰৰূপী দানৱৰ পৈশাচিক কাৰ্য্যকলাপ।

এতিয়া নির্ভয়াই ন্যায় বিচাৰ পাইছে। কিন্তু কেনে আছে সেই বন্ধু?

‘মানসিক ক্ষতি পূৰণ কৰিবলৈ অনেক সময় লাগে,’ উত্তৰপ্রদেশৰ গোৰক্ষপুৰত তেওঁৰ ঘৰ আছিল বুলি জনাইছে নির্ভয়াৰ বন্ধুৰ দেউতাকে।

তেওঁ কৈছিল, সেই ঘটনাত তাৰ শৰীৰত হোৱা আঘাটেও ইমান কষ্ট দিয়া নাছিল, যিমান মানসিকভাৱে কষ্ট পাইছিল। সেই ঘাঁ শুকাবলৈ বহু বছৰ লাগি গৈছিল।

অৱশ্যে বৰ্তমান সুস্থ তেওঁ। এঠাইত কৰ্মৰত। বিয়াও কৰাইছে আৰু এটা সন্তানো আছে।

নির্ভয়াৰ পৰিয়ালৰ সৈতেও যোগাযোগত আছে নির্ভয়াৰ বন্ধুৰ দেউতাক।

ঘটনাৰ সময়ত নির্ভয়াৰ বয়স আছিল মাত্র ২৩ বছৰ। ফিজিওথেৰাপিৰ ছাত্রী আছিল তেওঁ। বন্ধুজনৰ লগত চিনেমা চাই উভতি আহোতে এখন বাছত উঠিছিল দুয়ো।

বাছখনতেই আছিল সেই ছয় নৰপিশাচ। আধাৰাষ্টাত চলন্ত বাছত নির্ভয়াৰ ধর্ষণ কৰা হয়।

১৩ দিন পাছত ২৯ ডিচেম্বৰ তাৰিখে ছিঙ্গাপুৰৰ মাউন্ট এলিজাবেথ হস্পিটেলত নির্ভয়াৰ দেহাৱসান ঘটে।

এই ঘটনাৰ ছয় ধৰ্ষণকাৰীৰ মাজৰ এজন ৰাম সিঙে তিহাৰ জেলত বন্দী থকা অৱস্থাতেই আত্মহত্যা কৰে।

আৰু এজন নাবালক ধৰ্ষণকাৰীক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুক্তি দিয়া হয়।

Related News