• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই কোন?” তৰুণ গগৈৰ প্ৰশ্ন

এ আই ইউ দি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ পোষকতা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 26, 2019 5:34 pm
"Who am I?" asks former Assam CM Tarun Gogoi

তৰুণ গগৈৰ ফাইল ছবি। নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংবাদ মাধ্যমৰ ক্লাছিক সংলাপ “হু ইজ বদৰুদ্দিন”ৰ স্ৰষ্টা তৰুণ গগৈয়ে শনিবাৰে সুধিছে: Who am I?

প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ এই প্ৰশ্ন অসমৰ শেহতীয়া উপ নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰপ্ৰধান জনিয়াৰ আসনখন হেৰুওৱাক লৈ তেওঁক একাংশই দায়ী কৰাৰ প্ৰত্যুত্তৰ।

Apply Now

“জনিয়াত মই ফেক্টৰ হ’লো কেনেকৈ? মই দেখোন যোৱাই নাছিলো। মোক দেখোন মতাই নাছিল। ক্ৰেডিট ল’বলৈ চালে আব্দুল খালেকে। খালেকে মোক গুৰুত্ব দিবলৈ Who am I?” গগৈয়ে কয়।

গগৈয়ে অসমৰ এন আৰ চিক লৈ কৰা “পেলনীয়া কাগজ”— ইত্যাদি মন্তব্যৰ বাবে ধৰ্মীয় সংখ্যালঘুৰ মাজত কংগ্ৰেছে গ্ৰহণযোগ্যতা হেৰুওৱা বুলি এক চৰ্চা চলি আছে।

উপ নিৰ্বাচনটোত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে অসমৰ বাকী সমষ্টিকেইটাত প্ৰচাৰ চলোৱাৰ বিপৰীতে জনিয়ালৈ যোৱা নাছিল।

এতিয়া ওলোটাই তেওঁৰ প্ৰশ্ন, “গগৈক নোহোৱাকে হাৰিল কিয় (জনিয়া)?’’

জনিয়াক এৰিও উপ নিৰ্বাচনটোত কংগ্ৰেছে অসমত এখনো আসন নোপোৱাটো “নেতৃত্বৰ ভুল” বুলি তেওঁ মন্তব্য কৰিছে।

“চাৰিখন আসনত অসমত হৰাৰ বাবে আমি নিজেই দায়ী। লীডাৰৰ ভুল আমি মানি লৈছো,” গগৈয়ে কয়।

বৰ্ষীয়ান ৰাজনীতিকজনে অসমত দলৰ নেতৃত্বত সালসলনি বিচাৰিছে আৰু ধাৰণা কৰিব পাৰি তেওঁ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক নীতি লোৱাৰ পোষকতা কৰিছে।

“মহাত্মা গান্ধীক বিজেপিয়ে হাইজেক কৰোঁতে আমি বহি আছো কিয়?” কংগ্ৰেছক গগৈৰ প্ৰশ্ন। “নতুন লীডাৰ ল’ব লাগিব আমি। প্ৰয়োজনত আমাৰ নেতৃত্ব সলনি কৰিব লাগিব।”

বিচাৰিলে বিজেপিক ৰুধিবলৈ নিজে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব ল’বলৈ সাজু বুলিও প্ৰকাশ কৰিছে।

“মই সভাপতি হ’বলৈ ৰে’দি। যদি সকলোৱে ভাবে, মই দায়িত্ব ল’ম। কামো কৰি দেখুৱাই দিম মই। সকলোৰে সহায় হ’লে বিজেপিক ৰুধিব পৰাকৈ মোৰ আত্মবিশ্বাস আছে,” গগৈয়ে কয়।

কংগ্ৰেছত কোনো “ডিক্টেটৰশ্বিপ” নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে সকলোৰে বিৰোধ আৰু সমৰ্থন কৰাৰ অধিকাৰ আছিল আৰু আছে।

একে সময়তে, দেশৰ শাসক দলে শেহতীয়া নিৰ্বাচনত আন ৰাজ্যসমূহত দেখুওৱা ফলাফলক লৈ গগৈয়ে কয় যে বিজেপিৰ অশ্বমেধ ঘোঁৰা থমকিছে।

“মহাৰাষ্ট্ৰ,হাৰিয়ানাৰ লগতে উপ নিৰ্বাচনক লৈ মোদীয়ে দেখা সপোন বাস্তৱ নহ’ল। ভাৰতৰ মানুহক আৱেগিক কৰি ভোট ল’ব নোৱাৰে, প্ৰমাণ হ’ল,” গগৈৰ মন্তব্য।

তেওঁ কয়, প্ৰধান মন্ত্ৰী মোদীৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ মূলতে আছে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাটো।

অভিজ্ঞ ৰাজনীতিকজনে লগতে কয় যে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিজেপিৰ ফলাফল বেয়া হ’ব।

অসমৰ লগতে, তেওঁৰ মতে, সৰ্বভাৰতীয় পৰ্য্যায়তো বহু কাৰকে বিজেপিৰ আসন কমাব।

ইফালে, পূৰ্বৰ স্থিতি সলাই গগৈয়ে এতিয়া এ আই ইউ দি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ পোষকতা কৰিছে।

কাকতালীয়ভাৱে, গগৈৰ সংবাদমেলৰ দিনাই এ আই ইউ দি এফ সভাপতিৰূপে পঞ্চমবাৰলৈ পুনৰ নিৰ্বাচিত হৈছে বদৰুদ্দিন আজমল।

“এ আই ইউ দি এফৰ লগত মিত্ৰতাত মই বাধা আৰোপ কৰিছিলো পূৰ্বে। এতিয়া মই মিত্ৰতা বিচাৰো,” গগৈয়ে কয়।

স্থিতি সলনিৰ কাৰণৰূপে গগৈয়ে সমগ্ৰ দেশজুৰি বিজেপিয়ে গ্ৰহণ কৰা মিত্ৰতাৰ নীতিলৈ আঙুলিয়ায়।

“বিজেপিৰ মিত্ৰতাৰ নীতি সফল হৈছে সকলোতে। বিজেপিয়ে পাৰিলে আমি কিয় নোৱাৰিম?” গগৈৰ মন্তব্য।

কংগ্ৰেছত এতিয়াও প্ৰভাৱশালী প্ৰবীণ নেতাজনে লগতে কয় যে ’২১ৰ নিৰ্বাচনত এ আই ইউ দি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ ৯০ শতাংশই সম্ভাৱনা আছে আৰু তেওঁ আশাবাদী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd