• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগনাৰ পৰা হেমা মালিনীলৈকে : কোন কোন চেলিব্ৰেটি এইবাৰৰ লোকসভাত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 5, 2024 8:47 pm
773
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে ঘোষণা কৰা হ’ল ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ। নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ মুঠ ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত ৫৪২টা সমষ্টিত ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰে এন ডি এয়ে ২৯২খন, ইণ্ডিয়া এলায়েন্সে ২৩৩খন আৰু আন ১৭খন আসন লাভ কৰে।

আন প্ৰতিবাৰৰ দৰে এইবাৰো কেইবাজনো তাৰকা প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকৰ বহুতেই জয়লাভ কৰিছে। সেই তালিকাত আছে কংগনা ৰাণাওট, হেমা মালিনী, জুন মালিয়া, ৰচনা বেনাৰ্জী, শত্ৰুঘন সিনহা, ৰাজ বব্বৰ আদি বহুকেইজন।

কংগনা ৰাণাওট – অভিনয়ৰ পৰাই ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিলে বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে। হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপিৰ প্ৰাৰ্থী আছিল ৰাণাওট। কংগ্ৰেছ নেতা বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি অভিনেত্ৰীগৰাকীয়ে ৭৪ হাজাৰ ৭৫৫ ভোটৰ ব্যৱধানত জয়লাভ কৰে।

হেমা মালিনী – উত্তৰ প্ৰদেশৰ মথুৰা সমষ্টিৰ দুবাৰৰ সংসদ এগৰাকী অভিনেত্ৰী। এইবাৰো মথুৰাত বিজেপিৰ প্ৰাৰ্থী হেমা। হেমা মালিনীয়ে কংগ্ৰেছ নেতা মুকেশ ধনগৰক ২ লাখ ৯৩ হাজাৰ ৪০৭ ভোটত পৰাস্ত কৰে।

শত্ৰুঘন সিনহা – পশ্চিমবংগৰ আছানছল সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সিনহা। তেওঁ বিজেপি নেতা এছ এছ আলুৱালিয়াক ৫৯,৫৬৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

অৰুণ গোবিল – দূৰদৰ্শনৰ ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। বৰ্তমানৰ লোকসভাত তেওঁ উত্তৰ প্ৰদেশৰ মেৰুট সমষ্টিৰ পৰা বিজেপিৰ টিকেটত জয়লাভ কৰিছে।

সুৰেশ গোপী – কেৰালাৰ ত্ৰিছুৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰে অভিনেতা তথা গায়ক সুৰেশ গোপীয়ে। তেওঁ কমিউনিষ্ট পাৰ্টিৰ নেতা বি এছ সুনীল কুমাৰক ৭৫ হাজাৰ ৬৮৬ ভোটত পৰাস্ত কৰে।

মনোজ তিৱাৰী – উত্তৰ-পূব দিল্লীৰ বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰীয়ে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰক ১ লাখ ৩৮ হাজাৰ ৭৭৮ ভোটত পৰাস্ত কৰে।

ৰবি কিষাণ – শেহতীয়াকৈ তেওঁ অ’টিটি চিনেমা ‘লাপাটা লেডিজ’ত অভিনয় কৰি বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। চলিত নিৰ্বাচনত তেওঁ উত্তৰ প্ৰদেশৰ গোৰখপুৰ কেন্দ্ৰত বিজেপিৰ হৈ থিয় দিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা কাজল নিছাদক ১ লাখ ৩ হাজাৰ ৫২৬ ভোটত পৰাস্ত কৰে।

ছাইনী ঘোষ – পশ্চিম বংগৰ জাদৱপুৰ লোকসভা সমষ্টিত বিজেপিৰ অনিৰ্বাণ গংগোপাধ্যায়ক ২ লাখ ৫৮ হাজাৰ ২০১ ভোটত পৰাস্ত কৰি তৃণমূলৰ প্ৰতীক লাভ কৰে অভিনেত্ৰীগৰাকীয়ে।

শতাব্দী ৰায় – পশ্চিম বংগৰ বীৰভূম সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী আছিল। ১ লাখ ৯৭ হাজাৰ ৬৫০ ভোটৰ ব্যৱধানত জয়লাভ কৰে শতাবদীয়ে।

ৰচনা বেনাৰ্জী – তৃণমূলৰ হৈ পশ্চিম বংগৰ হুগলী লোকসভাৰ আসনৰ পৰা বিজয় সাব্যস্ত কৰে অভিনেত্ৰী ৰচনা বেনাৰ্জীয়ে। ৰচনাই অভিনেত্ৰী লকেট চট্টোপাধ্যায়ক ৭৬ হাজাৰ ৭৫৩ ভোটত পৰাস্ত কৰে।

জুন মালিয়া – মেদনীপুৰ তৃণমূলৰ প্ৰাৰ্থী জুন মালিয়াই বিজেপিৰ হেভিৱেট ডিজাইনাৰ অগ্নিমিত্ৰ পালক পৰাস্ত কৰে।

দীপক অধিকাৰী (দেৱ) – ঘটালৰ পৰা তৃণমূল প্ৰাৰ্থীয়ে বিজেপিৰ হীৰণ চেটাৰ্জীক ১ লাখ ৮২ হাজাৰ ৮৬৮ ভোটত পৰাস্ত কৰে। উল্লেখ্য, হীৰণো এজন অভিনেতা।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd