কানহাইয়াৰ গালত প্ৰচণ্ড চৰ! প্ৰচাৰৰ মাজত কোনে আক্ৰমণ কৰিলে কানহাইয়া কুমাৰক?

নিৰ্বাচনী প্ৰচাৰৰ মাজতে আক্ৰমণৰ বলি হ’ল দিল্লীৰ লোকসভাৰ প্ৰাৰ্থী কানহাইয়া কুমাৰ।

কানহাইয়াক মালা পিন্ধাবলৈ অহাৰ চলেৰে এজন যুৱকে প্ৰচণ্ড চৰ সোধাই কানহাইয়া কুমাৰৰ গালত।

উত্তৰ-পূব দিল্লীৰ ওছমানপুৰ অঞ্চলৰ কৰতাৰনগৰত সংঘটিত হৈছে এই ঘটনা। আম আদমি পাৰ্টিৰ মহিলা কাউন্সিলাৰ চায়া শৰ্মাৰ বিৰুদ্ধেও অসৎ আচৰণৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে শুকুৰবাৰে বিয়লি কানহাইয়াই প্ৰচাৰৰ বাবে ওলাই আহি মানুহৰ পৰা আশীৰ্বাদ লৈছিল। ঠিক তেনেতে এজন যুৱক আগবাঢ়ি আহিল তেওঁক মালা পিন্ধিবলৈ। ্মালা পিন্ধোৱাৰ সুযোগ লৈ মুহূৰ্ততে কানহাইয়াৰ গালত চৰ মাৰিলে যুৱকজনে। আনকি যুৱকজনে কানহাইয়াৰ শৰীৰত ক’লা চিয়াঁহী লগাবলৈও চেষ্টা কৰে।

এই কাণ্ডৰ পিছতে কানহাইয়াৰ সমৰ্থক সকলে আটক কৰে আক্ৰমণকাৰী যুৱকজনক।

জানিব পৰা মতে, আপৰ কাউন্সিলাৰ চায়া শৰ্মাই এই সন্দৰ্ভত থানাত লিখিত অভিযোগ দিছে।

উল্লেখ্য যে ২৫ মে’ত ৰাজধানী দিল্লীৰ ৭টা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কানহাইয়া উত্তৰ-পূব দিল্লী লোকসভাৰ আসনৰ পৰা বিৰোধী ঐক্য ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী। উক্ত সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈছে মনোয় তিৱাৰী।