মহিলাক কান্ধত ধৰি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

নাৰীশক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ নাক-কাণ কাটিলে হিমন্তৰ সোঁহাতস্বৰূপ মন্ত্ৰী পিযুষ হাজৰিকাই!মন্ত্ৰী পিযুষ হাজৰিকাৰ উগ্ৰমূৰ্তিৰ ভয়ংকৰ প্ৰতিফলন! অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে ৰুদ্ৰমূৰ্তি ধৰি মন্ত্ৰী পিযুষে এইবোৰ কৰিলে কি?

জনসমূদ্ৰ নিয়ন্ত্ৰণৰ ঠিকা লৈ মহিলাক ধমক সোধোৱাৰ লগতে কান্ধত ধৰি থেলিলে মন্ত্ৰী পিযুষ হাজৰিকাই! আগুৱাই যাব খোজা মহিলাক পিছফালৰ পৰা ধৰি বাধা দি কান্ধত ধৰি থেলি দিয়ে প্ৰতাপী খঙাল আৰু অহংকাৰী মন্ত্ৰী পিযুষ হাজৰিকাই….!
কেমেৰাত বন্দী হৈছিল সেই সমগ্ৰ দৃশ্য….উল্লেখ্য যে, বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈকে বাহিৰ কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ৰ মাজতে দেখা গৈছিল সেই দৃষ্টিকটু দৃশ্য!E Tv ভাৰতৰ কেমেৰাত বন্দী হৈছিল সেই সমগ্ৰ দৃশ্য!

আনকি মন্ত্ৰী পিযুষ হাজৰিকাই মহিলা আৰক্ষী কনিষ্টবলকো ধমক সোধোৱা দৃশ্যও বন্দী হৈছে কেমেৰাত!
উল্লেখযোগ্য যে, অমিত শ্বাহৰ‌ বাহন আগবঢ়াৰ লগে লগে পিচফালে দিনৰে পৰা ৰৈ থকা সমৰ্থকসকলৰ বহুত সংখ্যক উভতি ঘৰমুখী হ’বলৈ চেষ্টা কৰে ৷ কিন্তু তৎমূহূৰ্তত কৰবাৰ পৰা উগ্ৰমূৰ্তি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই ঘৰলৈ যাবলৈ বিচৰা মহিলাসকলক আগবাঢ়ি যোৱাত বাধা প্ৰদান‌ কৰে ৷ আনকি মহিলাসকলক মন্ত্ৰী পীযুষ হাজৰীকাই ধমকি লগোৱাৰ লগতে পিছফালৰ পৰা আগুৱাই যোৱাত বাধা দি কান্ধত ধৰি থেলিও দিলে এগৰাকী মহিলাক। পৰিলক্ষিত মন্ত্ৰীগৰাকীৰ লগত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো দৌৰি আহি মহিলাসকলক যাবলৈ বাধা দিয়ে।

তেওঁলোকে কৰ্মকৰ্তাসকলক ৰছী‌ বান্ধি পথত ভেটা দি‌ বহু সময় মহিলাসকলক ‌আৱদ্ধ কৰি‌ ৰাখে ৷এতিয়া প্ৰশ্ন হৈছে নাৰী শক্তি-সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দক্ষমন্ত্ৰীৰ এনে অভব্য আচৰণ কিয়? এয়াই নেকি নাৰীৰ প্ৰতি বিজেপি মন্ত্ৰীৰ সন্মান?এগৰাকী মহিলাক কান্ধত হাত দি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নাৰী শক্তিৰ বন্দনা শুনাৰ বিপৰীতে বিজেপিৰ মন্ত্ৰীৰে যদি নাৰীৰ প্ৰতি এনে আচৰণ হয় তেন্তে বিজেপি চৰকাৰৰ দিনত মহিলা যে প্ৰকৃতাৰ্থত সুৰক্ষিত সেই কথাত কিছুমান প্ৰশ্নবোধক ৰৈ নাযাব নে? কেৱল শ্ল’গানতে সীমাবদ্ধ নেকি নাৰী সুৰক্ষাৰ প্ৰসংগ? বাস্তৱত ৰাজহুৱা স্থানত জনপ্ৰতিনিধিৰ এনেবোৰ কাণ্ডই যদি প্ৰতিফলিত হয় বিজেপিৰ নেতা-মন্ত্ৰীয়ে কোনখন মুখেৰে ক’ব বেটি বচাও বেটি পঢ়াও শ্ল’গান?