শেহতীয়াকৈ মুক্তি পালে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন অভিনীত ৱেব সিৰিজ ‘তালি’। ইয়াত তেওঁক ট্ৰান্সজেণ্ডাৰ ব্যক্তি হিচাপে দেখুওৱা হৈছে।
এই ধাৰাবাহিকখনত সমাজকৰ্মী শ্ৰীগৌৰী সাৱন্তৰ জীৱন কাহিনীৰ উন্মেষ ঘটিছে। কিন্তু বহুতে নাজানে এই শ্ৰীগৌৰী সাৱন্ত কোন আছিল? আজি জানো আহক বাস্তৱ সুস্মিতা সেনৰ চৰিত্ৰত দেখা পোৱা গৌৰী সাৱন্তৰ আচল পৰিচয় –
স্কুলত পঢ়ি আছিল তেতিয়া। এদিন শ্ৰেণীকোঠাত ল’ৰাটোক শিক্ষকে সুধিলে যে তুমি ডাঙৰ হ’লে কি হ’ব বিচাৰা? ল’ৰাটোৱে তপৰাই উত্তৰ দিলে – ছাৰ মই ‘মা’ হ’ব বিচাৰোঁ। শ্ৰেণীকোঠাত গোটেই সহপাঠীসকলে অট্টহাস্য কৰি হাঁহিবলৈ ধৰিলে। উত্তৰত শিক্ষকে বুজাই দিলে যে পুৰুষ কেতিয়াও মাতৃ হ’ব নোৱাৰে। সেই সৰু ল’ৰাটোৰ নাম আছিল গণেশ। এই গণেশেই এদিন প্ৰতিষ্ঠিত হৈছিল সমাজকৰ্মী গৌৰী সাৱন্ত হিচাপে।
গৌৰী সাৱন্তৰ জন্ম হৈছিল পুনেত। কম বয়সতে মাকক হেৰুৱাইছিল গৌৰীয়ে। দেউতাক পেছাত পুলিচ আছিল। যাৰ বাবে আইতাকৰ লগত ডাঙৰ হৈছিল গৌৰী। সৰুৰে পৰাই গৌৰীয়ে ছোৱালীক সাজ-পোছাক পিন্ধি ভাল পাইছিল। মাতৃ হোৱাৰ হাবিয়াস আছিল গৌৰীৰ। গৌৰীয়ে জন্মগতভাবে ল’ৰা হিচাপে জন্ম হৈ ছোৱালীৰ দৰে জীৱন কটাব খোজা কথাটোক লৈ দেউতাকে কষ্ট পোৱাটো নিবিচাৰিছিল, সেয়েহে সোতৰ বছৰ বয়সতে গৌৰী ঘৰৰ পৰা ওলাই গৈছিল। অনিশ্চিত ভৱিষ্যত এটাৰে স্বাভিমান আৰু হেঁপাহ বুকুত বান্ধি লৈ ঘৰৰ পৰা মুম্বাইলৈ গুচি গৈছিল গৌৰী।
মুম্বাইলৈ গৈ তেওঁ প্ৰথমে মন্দিৰৰ প্ৰসাদ আৰু ৰাস্তাৰ পানী খায়েই জীয়াই আছিল। তাৰ পিছত তেওঁ নিজৰ এজন সমকামী বন্ধুৰ সহায়ত এটা স্বেচ্ছাসেৱী সংগঠনত কাম কৰিবলৈ আৰম্ভ কৰে। তালৈ আহি তেওঁ গণেশৰ পৰা গৌৰী হৈ পৰিল। তেতিয়াও মাতৃ হোৱাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিল গৌৰীয়ে। যাৰ বাবে লৈ পেলাইছিল এটা ডাঙৰ সিদ্ধান্ত।
উল্লেখ্য যে হিজৰা সম্প্ৰদায়ৰ বা ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ ব্যক্তিসকলে সন্তান তুলি লোৱাৰ অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন আবেদন। ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি এই হিজৰা তথা ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ ব্যক্তিক সন্তান তুলি ল’ব বাবে অধিকাৰ প্ৰদান কৰিছিল। ইয়াৰ পিছতেই গৌৰীয়ে এটি কন্যা সন্তান তুলি লৈছিল।
উল্লেখ্য, এইস আই ভি পজিটিভ হৈ মৃত্যুশয্যাত পৰি থকা যশোদা নামৰ এগৰাকী যৌনকৰ্মীৰ কন্যা সন্তানক তুলি লৈছিল গৌৰীয়ে। তেনেদৰেই মাতৃত্ব লাভ কৰিছিল গৌৰী সাৱন্তে।
কেৱল এয়াই নহয়, ইয়াৰ লগতে বিভিন্ন সামাজিক কামৰ লগতো জড়িত হৈ আছিল গৌৰী সাৱন্ত। গৌৰী সাৱন্তে ট্ৰান্সজেণ্ডাৰ তথা হিজৰা সমুদাৰৰ অধিকাৰৰ বাবে যুঁজি গৈছিল।