অসমৰ মুখ্যমন্ত্ৰীৰ নাম নজনা অখিল গগৈৰ বিৰুদ্ধে থিয় হোৱা কোন এইগৰাকী বিজেপিৰ প্ৰাৰ্থী!

Sivasagar

বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো আৰু দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।

নিৰ্বাচনী প্ৰচাৰ সভাবোৰত প্ৰতিপক্ষৰ ৰাজনৈতিক দলৰ প্ৰতি অধিক আক্ৰমণাত্মক হোৱাৰ সময়তে বৰ্হিপ্ৰকাশ ঘটিছে কিছুমান প্ৰাৰ্থীৰ ৰাজনৈতিক জ্ঞান তথা চেতনাৰ নমুনা।

তেনে এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী হৈছে সুৰভী ৰাজকুঁৱৰী। শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা এই সুৰভী ৰাজকুঁৱৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নামো নাজানে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সুৰভী কুঁৱৰীয়ে শিৱসাগৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম মঞ্চত উপস্থিত থকা সাংগো-পাংগোক সুধিহে উল্লেখ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ বিধানসভাৰ সমষ্টিত সুৰভী ৰাজকুঁৱৰীৰ নিজা এখন নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হৈছিল। উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। মঞ্চত উপস্থিত ভোটাৰক উদ্দেশ্যি ভাষণ আৰম্ভ কৰিয়ে ঘটিল অথন্তৰ।

বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ভাষণ আৰম্ভ কৰি মঞ্চত উপৱিষ্ট থকা মুখ্যমন্ত্ৰী নাম ক’ব নোৱাৰিলে। দুবাৰ মান মুখ্যমন্ত্ৰীৰ নামটো মনলৈ আনিবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱাৰ পিছতে মঞ্চত উপস্থিত থকা তেওঁৰে এগৰাকী সাংগো পাংগোৰ ওচৰলৈ গৈ মুখ্যমন্ত্ৰীৰ নামটো কি বুলি সোধে। সৰ্তীৰ্থগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নামটো কোৱাৰ পিছতে পুনৰ ভাষণ প্ৰদান কৰা স্থানলৈ ওভতি আহি সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ কৰিবলৈ সক্ষম হয় সুৰভী ৰাজকুঁলৰীয়ে।

আনহাতে কিছুদিনৰ পূৰ্বে এইগৰাকী বিজেপি প্ৰাৰ্থীৰে এটা অডিঅ’ ক্লীপ ভাইৰেল হৈছিল। উক্ত অডিঅ’ ক্লীপত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী সম্পাদকৰ সৈতে দোৰলখোৱা মাতেৰে বাৰ্তালাপ কৰি থকা শুনা গৈছে।

অডিঅ’টোত প্ৰাৰ্থীগৰাকীয়ে তেওঁক মদ্যপান কৰোৱাই ফোন কৰোৱা হয় বুলি যুৱ মৰ্চাৰ সম্পাদকগৰাকীক অভিযোগ কৰা শুনা যায়। আধাফুটা মাতেৰে বিজেপিৰ যুৱ সম্পাদকগৰাকীক সুৰভী ৰাজকুঁৱৰীয়ে দলৰ নেতৃত্বৰ পৰা ভৎসৰ্না খোৱা বুলি উল্লেখ কৰে।

উল্লেখ্য যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছ নেতা প্ৰয়াত প্ৰণৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে।

স্বাভাৱিকতে ভোটাৰৰ মাজত প্ৰশ্নৰ উদয় হৈছে, নিজ দলৰ নেতা তথা মুখ্যমন্ত্ৰী নামো ৰাজহুৱা স্থানত ক’বলৈ সক্ষম নোহোৱা, নজনা এই গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচত জয়ী হৈ সমষ্টিটোৰ সমস্যাসমূহ বিধানসভাৰ মজিয়াত কেনেকৈ উত্থাপন কৰিব পাৰিব?