NORTHEAST NOW (Assamese)

কোভিডৰ উৎপত্তিস্থল বিচাৰি য়ুহানৰ চিকিৎসালয়ত উপস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দল

January 30, 2021 11:01 am · এন ই নাও নিউজ
বিশ্ব স্বাস্থ্য সংস্থাৰ দলটো

কোভিডৰ উৎপত্তিস্থলৰ বিষয়ে অনুসন্ধানৰ বাবে চীনত উপস্থিত হোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলে শুকুৰবাৰে য়ুহানৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰে।

য়ুহানত প্ৰথম কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত উক্ত চিকিৎসালয়খনত প্ৰথম কোভিড ৰোগী সকলক চিকিৎসা প্ৰদান কৰা হৈছিল।

চীনত উপস্থিত হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ দলটো দুসপ্তাহ কোৱাৰেণ্টাইনত থাকিবলগীয়া হয় আৰু শুকুৰবাৰে দলটোৱে কোৱাৰেণ্টাইন কাল শেষ কৰি য়ুহানৰ চিকিৎসালয় খনত উপস্থিত হয়।

‘‘বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে য়ুহানৰ কোনো সাধাৰণ লোকক সাক্ষাৎ নকৰে, দলটোৱে এই অধ্যয়নৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ব্যক্তি সকলকহে সাক্ষাৎ কৰিব,’’ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ মাৰ্গাৰেট হেৰিছে শুকুৰবাৰে জেনেভাত এইদৰে কয়।

উল্লেখযোগ্য যে, পূৰ্বে চীন চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোক য়ুহানত উপস্থিত হোৱাত বাধা প্ৰদান কৰিছিল। কোভিড সংক্ৰমণ আৰু ভিছা সংক্ৰান্তীয় বিষয় দেখুৱাই চীনে দলটোৰ ভ্ৰমণত অনুমতি দিয়া নাছিল।

চীনৰ এই কাৰ্য্যৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘই তীব্ৰ আপত্তি কৰাত চীনে পৰৱৰ্তী সময়ত দলটোক য়ুহানলৈ যোৱাৰ অনুমতি দিয়ে।

দুসপ্তাহ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটো য়ুহানত উপস্থিত হয়।

Related News