২ হাজাৰ টকাতকৈ অধিক মূল্যৰ নিৰ্দিষ্ট কিছুমান ইউপিআই লেনদেনৰ ওপৰত এমডিআৰ বা অতিৰিক্ত মাচুল আৰোপ কৰাৰ কেন্দ্ৰীয় সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন গোচৰ ৰুজু হৈছিল। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা জানিবলৈ বিচাৰে যে এই মাচুলৰ পৰা প্ৰকৃততে কোন লাভৱান হ‘ব আৰু সংগ্ৰহ কৰা ধন কেনেদৰে বিতৰণ কৰা হ‘ব। অৱশ্যে আৱেদনকাৰীয়ে এই নিয়ম কাৰ্যকৰী কৰাৰ ওপৰত স্থগিতাদেশ বিচাৰি যি আৱেদন কৰিছিল, সেয়া মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে খাৰিজ কৰে।
ডিজিটেল ইণ্ডিয়া গঢ়ি তোলাই হৈছে মোদী চৰকাৰৰ মূল লক্ষ্য। সেইবাবেই দেশত নগদ ধনবিহীন অৰ্থনীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। চৰকাৰৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপেই ইউপিআই লেনদেনে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে আৰু সাধাৰণ ৰাইজৰ মাজত ইয়াৰ ব্যৱহাৰ ব্যাপকভাৱে বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত অহা ১৫ অক্টোবৰৰ পৰা ২ হাজাৰ টকাতকৈ অধিক মূল্যৰ ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অতিৰিক্ত মাচুল ভৰিব লাগিব। অৰ্থাৎ ইউপিআই যোগে কৰা এনে বৃহৎ লেনদেনত এমডিআৰ প্ৰযোজ্য হ‘ব।
এনে পৰিস্থিতিত ন্যায়ালয়ে কৰ্তৃপক্ষৰ পৰা স্পষ্টকৈ জানিবলৈ বিচাৰিছে যে ইউপিআইৰ ওপৰত আৰোপ কৰা এই মাচুলৰ লভ্যাংশ কেনেকৈ ভাগ-বতৰা কৰা হ‘ব। ইয়াৰ সমান্তৰালভাৱে এই নতুন ব্যৱস্থাত ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এনপিচিআইৰ ভূমিকা প্ৰকৃততে কি হ‘ব, সেই বিষয়েও সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছে।





