NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰত গাদীক লৈ টনা-টনি : কোন হ’ব পৰৱৰ্তী মুখমন্ত্ৰী?

November 23, 2024 6:31 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটৰ বিজয় প্ৰায় নিশ্চিত হোৱাৰ লগে লগে আনন্দৰ বন্যাৰ সৃষ্টি হৈছে।

কিন্তু, ইয়াৰ মাজতে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ এক উত্তেজনা আৰম্ভ হৈছে।

উল্লেখ্য যে ২৮৮খন আসনৰ মহাৰাষ্ট্ৰ বিধানসভাত ২৩খন আসনত আগবাঢ়ি আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট।  তাৰ ভিতৰত কেৱল বিজেপিয়ে ১৩৩ খন আসন লাভ কৰিবলৈ গৈ আছে। ফলত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে মুখ্যমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে।

কাৰণ আন দুটা মিত্ৰজোঁটৰ অংশীদাৰ শিন্দে শিৱসেনা ৫৭ আৰু অজিত পাৱাৰৰ এনচিপি ৪১ খন আসনত আগবাঢ়ি আছে। সেইবাবেই বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ দাবী অধিক শক্তিশালী হ’বলৈ গৈ আছে।

উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ মাতৃ সৰিতা ফাদনভিছে দৃঢ়তাৰে কয় যে তেওঁৰ পুত্ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য। তেওঁ কয়, অৱশ্যেই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য। কাৰণ এই মুহূৰ্তৰ বাবে তেওঁ দিনে নিশাই অক্লান্তভাৱে কাম কৰি আহিছে।

একেদৰে শিন্দেৰ অনুগামীসকলে কয় যে মিত্ৰতাৰ সংকটৰ সময়ত একনাথ শিণ্ডেযিদৰে ৰাজ্যখন পৰিচালনা কৰিছিল, তেওঁ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য। আনহাতে, অজিত পাৱাৰৰ দলটোৱেও তেওঁক মুখ্যমন্ত্রী লাগে বুলি দাবী জনাইছে

Related News