• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ ঘৰে ঘৰে যাম : পৰাজয়ৰ পিছত ভূপেন বৰাৰ ভাষণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 23, 2024 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে যাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। একত্ৰিত বিৰোধীয়ে ‘লিলিত বহিলেহে বিজেপি হিলিব’ বুলি উল্লেখ কৰি বৰাই আজি কয় যে ২০২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপি বিৰোধী দল-সংগঠন, কবি, সাহিত্যিক, শিল্পীসহ সকলো ৰাইজৰ লগত কথা পাতিব আৰু পৰামৰ্শ গ্ৰহণ কৰিব।

কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি বৰাই কয় যে বিধানসভাৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু চামগুৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে।

Apply Now

প্ৰসংগক্ৰমে তেওঁ কয় যে ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান ৪০ হাজাৰৰ পৰা ১০ হাজৰলৈ কমাই আনিছে। একেদৰে বিহালীত কংগ্ৰেছৰ সপক্ষে ৫০০০ ভোট বৃদ্ধি পাইছে। ছিদলীত কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈছে আৰু ভোট বৃদ্ধি পাইছে।

বঙাইগাঁৱতো কংগ্ৰেছৰ সপক্ষে ৰাইজৰ সহাঁৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি কয় যে চামগুৰিৰ পৰিস্থিতিয়ে তেওঁৰ অন্তৰত দুখ দিছে আৰু চামগুৰিত ব্যাপক হাৰত শাসকীয় দলে ৰিগিং কৰিছে। শাসকীয় দলে কৰা ৰিগিঙৰ বিষয়ে কংগ্ৰেছ দলে আগতীয়াকৈ উমান পাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে ৰাজ্যিক নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া সকলোকে অভিযোগ দিছিল আৰু বহিঃৰাজ্যত কৰ্মৰত চামগুৰিৰ ভোটাৰৰ ভোট ইভিএমত শাসকীয় দলে দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। চামগুৰিৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলিও বৰাই উল্লেখ কৰে।

তেওঁ লগতে কয় যে কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু ৰাজ্যখনৰ উপ-নিৰ্বাচনত ৩টা বিধানসভা সমষ্টিৰ ভোটযুদ্ধত আটাইকেইটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈছে। ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখথেকেচা খোৱা বুলি উল্লেখ কৰি বৰাই কয় যে এতিয়া সমগ্ৰ দেশতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা নেতাসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম বুলি চিহ্নিত হৈ পৰিছে। তেখেত য’লৈকে গৈছে তাতেই বিজেপিৰ পৰাজয় হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে ৪ মাহ ঝাৰখণ্ডত থকাৰ পিছত অসমৰ পাৰ্টটাইম মুখ্যমন্ত্ৰীজনে ধাৰ-ঋণ লৈ অসম চৰকাৰক ডুবন্ত জাহাজলৈ পৰিণত কৰিছে।

মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা হিমন্ত বিশ্ব শৰ্মাই হানি কৰা বুলি উল্লেখ কৰি বৰাই কয় যে চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ আগদিনা নিশা আঢ়ৈ বজাত বিজেপিৰ ২ বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ লগত ভিডিঅ’ কলত কথা পাতি চামগুৰিত কি কৰিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিছিল। নিৰ্বাচনত হৰা-জিকা আছেই বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী এজনে নিজকে ইমান ৰাজনৈতিক কৰি সাংবিধানিক বিধি-ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে।

ইফালে, ৫টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত জয়ী হোৱা ৫জন প্ৰতিনিধিক অভিনন্দন জ্ঞাপন কৰি বৰাই কয় যে ৱায়নাডত কংগ্ৰেছৰ অন্যতম মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত জয়ী হৈ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন বৃদ্ধি কৰাৰ কথাটোকে প্ৰমাণিত কৰিলে। কংগ্ৰেছ কৰ্মীসকলে এতিয়া আগতকৈয়ো দুগুণ উৎসাহেৰে কাম কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd