NORTHEAST NOW (Assamese)

দেশত হ্ৰাস পাইছে পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি, তথাপি কমা নাই সামগ্ৰীৰ দাম

November 20, 2022 4:49 pm ·

মুদ্ৰাস্ফীতিয়ে এতিয়া দানৱৰ ৰবপ ধৰি দেশবাসীক গ্ৰাস কৰিছে।দেশত পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি হ্ৰাস পাইছে। কিন্তু ইমানৰ পিছতো খুচুৰা বজাৰত বস্তুৰ দাম কমা নাই।

শেহতীয়া তথ্য অনুসৰি পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি অক্টোবৰত ১৯ মাহৰ ভিতৰত নিম্নতম ৮.৩৯ শতাংশলৈ হ্ৰাস হয়। ছেপ্টেম্বৰত এই হাৰ আছিল ১০.৭ শতাংশ।

পাইকাৰী মূল্য সূচক-আধাৰিত (ডব্লিউপিআই) মুদ্ৰাস্ফীতি অক্টোবৰত ১৯ মাহৰ ভিতৰত হ্ৰাস পাইছে। ডব্লিউপিআই মুদ্ৰাস্ফীতি আছিল আগষ্টত ১২.৪১ শতাংশ।

এপ্ৰিল ২০২১-ৰ পৰা ডব্লিউপিআই মুদ্ৰাস্ফীতি ১৮ মাহৰ বাবে দুটা সংখ্যাত আছিল আৰু ছেপ্টেম্বৰৰ ১০.৭৯ শতাংশ আছিল। ২০২১ চনৰ অক্টোবৰত মুদ্ৰাস্ফীতি আছিল ১৩.৮৩ শতাংশ। বাণিজ্য মন্ত্ৰালয়ে কয় যে অক্টোবৰ ২০২২ ত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাটো মুখ্যতঃ খনিজ তেল, মৌলিক ধাতু আৰু বস্ত্ৰৰ মূল্য হ্ৰাস হোৱাৰ ফলত হৈছে।

ইন্ধন আৰু শক্তিৰ মুদ্ৰাস্ফীতি অক্টোবৰত ২৩.১৭ শতাংশ আছিল, ছেপ্টেম্বৰত ৩২.৬১ শতাংশ আৰু আগষ্টত ৩৫.০৩ শতাংশ।

Related News