NORTHEAST NOW (Assamese)

বাদুলীৰ পৰাই মানুহৰ দেহলৈ বিয়পিছে কৰ’না; প্ৰকাশ পালে WHOৰ প্ৰতিবেদনত!

March 30, 2021 11:37 am · এন ই নাও নিউজ

লেবৰ পৰা নহয়,বাদুলীৰ পৰাই কৰ’না মানুহৰ দেহলৈ সংক্ৰমিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত এনেদৰেই কোৱা হৈছে।

পূৰ্বে কৰ’না সংক্ৰমণৰ উৎস সন্ধান কৰিবলৈ গৈ একাংশ বিশেষজ্ঞই দাবী কৰিছিল যে চীনৰ উহানৰ পৰীক্ষাগাৰৰ পৰাই গৱেষণাৰ সময়ত কৰ’নাৰ সংক্ৰমণ বিয়পিছে।

কিন্তু সম্প্ৰতি এক প্ৰতিবেদনত দাবী কৰা মতে সেই তথ্য শুদ্ধ নহয়। বাদুলীৰ পৰাই আন প্ৰাণীৰ জৰিয়তে মানুহৰ দেহলৈ কৰ’নাৰ সংক্ৰমণ ঘটিছে।

চীন আৰু বিশ্ব স্বাস্থ্য সংস্থাই যৌথ উদ্যোগত এই সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাই কৰ’নাৰ উৎস সম্পৰ্কে বিভিন্ন অনুসন্ধান চলাই কোনো উত্তৰ লাভ কৰা নাই যদিও সমীক্ষাৰ সৈতে জড়িত সকলোৱেই কৰ’নাৰ সংক্ৰমম পৰীক্ষাগাৰৰ পৰা হোৱা নাই বুলি নিশ্চিত হৈছে।

ইপিনে, প্ৰতিবেদন প্ৰকাশ পোৱাত বিলম্ব হোৱাত বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে। কৰ’না সংক্ৰমণৰ বিয়পোৱাৰ সকলো দোষ যাতে চীনৰ ওপৰত নপৰে তাৰবাবেই ইচ্ছাকৃতভাৱে প্ৰতিবেদন প্ৰকাশত বিলম্ব কৰা হৈছে নেকি তাক লৈয়ো প্ৰশ্ন উঠিছে।

বিশ্ব স্থাস্থ্য সংস্থাৰ এগৰাকী বিষয়াই যোৱা সপ্তাহত সদৰী কৰিছিল যে চলিত সপ্তাহৰ ভিতৰতেই কৰ’নাক লৈ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে।

সেই অনুসৰি, এটা সংবাদ সংস্থাৰ হাতত পৰা প্ৰতিবেদনৰ খচৰাৰ কপি প্ৰকাশ পাইছে। তাত কৰ’না ভাইৰাছ বাদুলীৰ পৰাই মানুহৰ দেহলৈ সংক্ৰমিত হোৱা বুলি কোৱা হৈছে।

অৱশ্যে, প্ৰতিবেদনখন প্ৰকাশ পালে তাত আন কিবা সালসলনি থাকিব পাৰে নেকি সেয়া অৱশ্যে কব পৰা নাযায়।

Related News