• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AASU নেতাৰ মৌনব্ৰত! কংগ্ৰেছৰ দিনত বিৰোধ, বিজেপিৰ দিনত সমৰ্থন AASUৰ! ৰহস্য কি?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 29, 2023 5:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে চৌদিশে উত্তাল প্ৰতিবাদ। মঙলবাৰৰ দিনটোত বৰাক উপত্যকাত কংগ্ৰেছকে ধৰি বিভিন্ন সংগঠনে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে অৱস্থান লৈ বন্ধ পৰ্য্যন্ত দিছিল বিভিন্ন দল সংগঠনে। কংগ্ৰেছী কমলাক্ষ দে পুৰকায়স্থকে ধৰি অন্য বহু কংগ্ৰেছী নেতাক আটকো কৰি নিছিল আৰক্ষীয়ে। বুধবাৰেও লাহোৱাল সমষ্টিত সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে স্বতঃস্ফুৰ্ত বন্ধৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছিল। শিৱসাগৰ, বিশ্বনাথতো সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে।

কিন্তু অতি ৰহস্যজনকভাৱে এতিয়া নিশ্চুপ হৈ আছে সদৌ অসম ছাত্ৰ সন্থা। সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছত এতিয়ালৈকে কোনোধৰণৰ মুখ খোলা নাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। কিন্তু কিয়? এই আছুৱেই দেখোন কংগ্ৰেছৰ শাসনকালত ২০০১ চনৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে অৱস্থান লৈ ৰাজপথ উত্তাল কৰিছিল। সেই সময়তেতো সদৌ অসম ছাত্ৰ সন্থাই এখন শুদ্ধ NRC লাভ নকৰা পৰ্য্যন্ত বা বিদেশীমুক্ত শুদ্ধ ভোটাৰ তালিকা লাভ নকৰা পৰ্য্যন্ত সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া কোনোপধ্যে মানি নলওঁ বুলি কৈছিল। কিন্তু কিয় হঠাৎ আছুৰ নেতৃত্বই সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰহস্যজনকভাৱে মৌনব্ৰত অৱলম্বন কৰিছে? তাৰ উত্তৰ আছে নে সদৌ অসম ছাত্ৰ সন্থাৰ হাতত।

আমি যদি এইখিনিতে কংগ্ৰেছৰ দিনত হোৱা সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ কিছু ইতিহাস খুচৰি চাওঁ….. ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত যদি সমষ্টি পুনৰ্নিধাৰণ কৰে তেন্তে অসমত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি দাবী কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সেই সময়ৰ বিৰোধীৰ আসনত থকা বিজেপি আৰু অসম গণ পৰিষদে। অসমত নাগৰিকপঞ্জী অর্থাৎ NRC উন্নীতকৰণ কৰাৰ পূৰ্বে সমষ্টি নিৰ্ধাৰণ বাতিল কৰিব লাগে বুলি দাবী আছিল আছুৰ। অর্থাৎ প্রথমে NRC উন্নীতকৰণ কৰা হওক আৰু তাৰ পাছতহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰিব।

আনকি ২০০৭ চনৰ ১৬ মে’ত সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ে সমষ্টি সীমা নিৰ্ধাৰণ আয়োগৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰি কৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাজ্যত অন্দোলন, ধর্ণা, অসম বন্ধ, পথ বন্ধ, অনশন আদি প্ৰতিবাদী কাৰ্যসূচী ক্রমাৎ বৃদ্ধি পাইছে। আৰু ইয়ে ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰিছে।

তাৰ লগতে ২০০৭ চনৰে জুন মাহত দিল্লীত গৈ অসমৰ সৰ্বদলীয় প্ৰতিনিধিৰ এটা দলে সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বিজেপিকে ধৰি অসমৰ বিভিন্ন জাতীয় দল সংগঠন আৰু সৰ্বসাধাৰণ ৰাইজৰ প্ৰবল প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী আয়োগে গ্ৰহণ কৰা সমষ্টি পুনৰ বিন্যাস প্ৰক্ৰিয়া অসমত বন্ধ ৰাখিবলৈ আহ্বান জনাইছিল।

তাৰ পাছতেই সেই সময়ৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াৰ অধ্যক্ষ তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কুলদ্বীপ সিঙেও অসমত সমষ্টি বিন্যাস প্ৰক্ৰিয়া বন্ধ ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু তেতিয়াই তেওঁ কৈছিল যে অসমত ১১৩ টাকৈ জাতীয় সংগঠনে ৰাজপথ উত্তাল কৰি আছে তথা সৰ্বদলীয় প্ৰতিনিধিৰ দলেও ইয়াক বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ বাবে অসমৰ ক্ষেত্ৰত সমষ্টি বিন্যাস প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।

কিন্তু অতি ৰহস্যজনকভাৱে ২০০১ চনৰ ভিত্তিতে সদৌ অসম ছাত্ৰ সন্থাই বিজেপি চৰকাৰে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰা বিষয়টোক আদৰণি জনাইছে। যোৱা ২৭ মাৰ্চৰ দিনা হোটেল ৰেডিশ্যন ব্লুত নিৰ্বাচন আয়োগৰ শুনানিত অংশগ্ৰহণ কৰি আহি সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কৈছিল ২০০১ চনৰ ভিত্তিত সমষ্টি পুনঃ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ লগতে ১৯৮৬ চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো বিচাৰি আহিছিল।

এবাৰ আপুনিয়েই ভাবকচোন… চলিত ২৭ মাৰ্চৰ দিনা ২০০১ চনৰ ভিত্তিতে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি জনোৱা সদৌ অসম ছাত্ৰ সন্থাই খচৰা প্ৰকাশৰ পাছতে একেবাৰে মৌনব্ৰতত আছে। এবাৰ ভাবি চাওঁকচন কিবাটো ৰহস্য ইয়াত নিশ্চয়কৈ নথকা নহয়…. দৰ্শক ৰাইজক মনত পেলাই দিছো,,,,, ২০০৭ চনত অসমত নাগৰিকপঞ্জী অর্থাৎ NRC উন্নীতকৰণ কৰাৰ পূৰ্বে বা বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পূৰ্বে সমষ্টি নিৰ্ধাৰণ বাতিল কৰিব লাগে বুলি দাবী আছিল আছুৰ।  কুচ তু গৰ্বৰ হে দয়া…. এতিয়াওটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই। তাৰ পাছতো কি ৰহস্যজনক কাৰণত ২০০১ চন ভিত্তিবৰ্ষ সমৰ্থন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই? খচৰা প্ৰকাশৰ পাছত কিয় ৰহস্যজনকভাৱে নিমাত সদৌ অসম ছাত্ৰ সন্থা?

আছুলৈ প্ৰশ্নবাণ এৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ প্ৰশ্ন আছুৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাটো অধ্যয়ন কৰা হ’লনে বাৰু? কেতিয়া জাতীয় সংগঠনটোৰ স্থিতি জানিব পাৰিম?

বৰাক বন্ধ, লাহোৱাল সমষ্টি বন্ধ দিয়াৰ লগতে সমষ্টিয়ে সমষ্টিয়ে প্ৰতিবাদ হোৱাৰ পাছতো ৰহস্যজনক কাৰণত আছু নিমাত হৈ আছে? বিজেপিৰ শ্ৰুতলিপি মতে প্ৰস্তুত কৰা খচৰাৰ পাছতে বিজেপিয়ে ওলোটা খৰ মৰাৰ লেখীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাইয়ো ওলোটা খৰ মাৰিলে নেকি?

এইখিনিতে ৰাইজৰ পৰা অহা অভিযোগ দুটামান উল্লেখ কৰি লৈছো… টিয়ক সমষ্টিৰ এজন লোকৰ অভিযোগ টিয়ক সমষ্টিৰ গাতে লাগি থকা কেইবাটাও পঞ্চায়ত মৰিয়নি আৰু যোৰহাটৰ লগত সংলগ্ন হ’ল। যোৰহাট সমষ্টি পাৰ হৈ লং জাম্প মাৰি দেৰগাঁৱৰ ১৫ টা মান পঞ্চায়ত টিয়কৰ লগত সংযোগ কৰিলে। এনেদৰে যদি সমষ্টি জাম্প মাৰি নিৰ্ধাৰণ কৰে, পঞ্চায়ত সমূহে কি ৰাইজৰ উন্নয়ন কৰিব পাৰিব?

গোৱালপাৰা পশ্চিম সমষ্টিৰ এজন লোকৰ অভিযোগ… গোৱালপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত ২৩ খন পঞ্চায়ত, তাৰে ১৮ টাত ৯৯% মুছলিম ভোটৰ, বাকী ৫ খনত অমুছলিম ভোটৰ। এই গোৱালপাৰা পশ্চিম সমষ্টিটো ST Reservation কেনেকৈ হব পাৰে।

ঠিক সেইদৰে মৰিগাঁও সমষ্টিটো ST Regervation আছিল… সেই সমষ্টিটো এতিয়া অনুসূচিত জনজাতিৰ সংৰক্ষণ উঠাই সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষণ কৰা হৈছে।

উল্লেখ কৰি থওঁ ২০২৬ ত সমগ্ৰ দেশতে হ’ব সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া। কিন্তু তাৰ পূৰ্বে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে খদম দম লাগিছে? ইয়াৰ আঁৰত আছে নেকি কিবা ৰাজনৈতিক অংক? আপোনালোকৰ বাৰু মনত আছে নে সেই ২০২২ ৰ ৩১ ডিচেম্বৰৰ কথাটো। একে নিশাৰ ভিতৰতে যে লাচিতে গড় বন্ধা লেখীয়াকৈ চাৰিখন জিলাক জিলাৰ মৰ্যদা কৰ্তন কৰি ৩৬ খনকৈ গাঁওক এখন জিলাৰ অন্য জিলাৰ লগত সংলগ্ন কৰিছিল। সেয়াও আপোনাক মনত পেলাই দিলো।

এৰাতিতে কৰা সেই কাণ্ডৰ লগত কি সম্পৰ্ক আছে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ প্ৰসংগৰ? সকলোবোৰ সামৰি আমি যুগুত কৰিম আমাৰ পৰৱৰ্তী প্ৰতিবেদন। কিন্তু পুনৰ কৈছো… খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাণী দোহৰা আছুৰ মৌনব্ৰত শেষ হ’ব কেতিয়া? নহ’লে অসমৰ ৰাইজেও ভাবিবলৈ বাধ্য হ;ব…. কুচ তো গৰ্বৰ হে দয়া….. নহ’লেনো কংগ্ৰেছৰ দিনত বিৰোধ আৰু বিজেপিৰ দিনত সমৰ্থন….. এয়া কেনে কথা?

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ FIRৰ বিৰুদ্ধে সাংবাদিক অভিষাৰ শৰ্মাৰ আবেদনৰ শুনানি

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ FIRৰ বিৰুদ্ধে সাংবাদিক অভিষাৰ শৰ্মাৰ আবেদনৰ শুনানি

August 27, 2025 12:44 pm
একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

August 27, 2025 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd