• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অযোধ্যা বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায় কিয় ঐতিহাসিক? চাওক কেইটামান দিশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 9, 2019 3:23 pm

2 min read

Supreame-Court-of-India-750x375-1

প্ৰতিনিধিত্বমূলক ছবি

4.6k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ে আজি দিলে এক ঐতিহাসিক ৰায়।

বিবাদিত উক্ত ভূমিৰ মালিকীস্বত্ত্ব লাভ কৰিলে ৰাম জনমভূমি ন্যাসে। অৱশ্যে, সেই ভূমিৰ তত্বাৱধান কৰিব এখন ট্ৰাষ্টে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰকৰ এই সাংবিধানিক বিচাৰপীঠে ৰায়দানৰ সময়ত পৰ্যবেক্ষণ কৰা কেইটামান গুৰত্বপূৰ্ণ দিশ চোৱা যাওক।

(ক) উচ্চতম ন্যায়ালয়ৰ এই ৰায় এক সৰ্বসন্মত ৰায় যিটো আদালতখনৰ সাংবিধানিক বিচাৰপীঠৰ পাঁচগৰাকী বিচাৰকৰ সৰ্বসন্মতিক্ৰমে ঘোষণা কৰা হৈছে। কোনো এগৰাকী বিচাৰকে ৰায়টো সন্দৰ্ভত দ্বিমত পোষণ কৰা নাই।

(খ) কোনো আস্থা বা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়টো দিয়া হোৱা নাই। একমাত্ৰ ভূমি আইনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

(গ) ৰায়দানৰ পূৰ্বে অযোধ্যাৰ বিবাদিত ভূমিৰ দাবীদাৰ আছিল প্ৰধানকৈ চাৰিজন। ছিয়া ৱাকফ বোৰ্ড, ছুন্নী ৱাকফ বোৰ্ড, ৰাম জনমভূমি ন্যাস আৰু নিৰ্মোহী আখড়া। কিন্তু ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে ছিয়া ৱাকফ বোৰ্ড আৰু নিৰ্মোহী আখড়াৰ দাবী নাকচ কৰে।

(ঘ) উচ্চতম ন্যায়ালয়ে ১৯৯২ চনত বাবৰি মছজিদ ভঙা ঘটনাৰ নিন্দা কৰিছে। তদুপৰি, ১৯৪৯চনত অন্তৰ্ভাগত স্থাপন কৰা ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰো নিন্দা কৰা হৈছে।

(ঙ) ৰামলালাক ৰায়টোত এজন দাবীদাৰ হিচাপে ধৰা হৈছে। ৰামলালাৰ তত্ত্বাৱধায়ক হিচাপে গণ্য কৰা হৈছে ৰাম জনমভূমি ন্যাসক। ৰামলালাকেই বিবাদিত ২.৭একৰ আৰু চৰকাৰৰ অধিকাৰত থকা ৬৭ একৰ ভূমি দিয়া হৈছে।

(চ) উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক এটা ট্ৰাষ্টী বোৰ্ড গঠনৰ নিৰ্দেশ দিছে। অহা তিনিমাহৰ ভিতৰত এই ট্ৰাষ্টী বোৰ্ড গঠন কৰা হ’ব। এই ট্ৰাষ্টৰ অধীনতে নিৰ্মাম হ’ব ৰাম মন্দিৰ।

(ছ) ছুন্নী ৱাকফ বোৰ্ডক বিকল্প হিচাপে দিয়া হৈছে ৫ একৰ ভূমি। অযোধ্যাৰ কোনো অঞ্চলত এই পাঁচ একৰ ভূমি দিব লাগিব। মুছলমান পক্ষক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক’ত ভূমি প্ৰদান কৰিব সেয়া ঠিক কৰিব।

আনহাতে, ১৩৪ বছৰ পুৰণি এই বিবাদৰ ৰায় প্ৰদান কৰাৰ পাছত স্বাভাৱিকতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আজিৰ দিনটোত আটাইতকৈ চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd