NORTHEAST NOW (Assamese)

দৃশ্যগ্ৰহণৰ সময়ত অভিনেত্ৰী তাপসী পান্নুৰ গালত খঙত ৭ চৰ সোধালে সহ-অভিনেত্ৰীয়ে

February 8, 2020 9:55 am ·
Updated: February 8, 2020 10:13 am
তাপসী পান্নু, উৎস-ইণ্টাৰনেট

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে অভিনেত্ৰী তাপসী পন্নুৰ নতুন ছবি থাপ্পৰে।

পৰিচালক অনুভৱ সিনহাই পৰিচালনা কৰা ‘থাপ্পৰ’ অহা ২৮ ফেব্ৰুৱাৰিত দেশৰ ছবিগৃহ সমূহত মুক্তি লাভ কৰিব।

নতুন ছবিখনক লৈ আশাবাদী হৈ পৰিছে অভিনেত্ৰী তাপসী পন্নু।

উল্লেখযোগ্য যে, ‘থাপ্পৰ’ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সহ-অভিনেত্ৰীৰ পৰা ৭ টা চৰ খাবলগীয়া হৈছিল অভিনেত্ৰী তাপসী পান্নুৱে।

চলচ্চিত্ৰখনত থকা এটা দৃশ্য সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে সহ-অভিনেত্ৰী পাৱেল গুলাটীয়ে তাপসী পান্নুক ৭ টা চৰ মাৰিছিল।

পৰিচালক অনুভৱ সিনহাই চৰিওৱাৰ দৃশ্যটো সম্পুৰ্ণ সঠিকভাৱে ৰূপায়ন কৰাৰ বাবে উক্ত দৃশ্যটো বাৰে বাৰে দৃশ্যগ্ৰহণৰ নিৰ্দেশ দিছিল।

বলিউদত মিষ্টাৰ পাৰ্ফেকচনিষ্ট হিচাপে পৰিচিত আমিৰ খানে নিজৰ চলচ্চিত্ৰসমূহৰ দৃশ্যগ্ৰহণৰ সময়ত সদায় সঠিক ৰূপায়নত গুৰুত্ব প্ৰদান কৰাৰ ধৰণে থপ্পৰৰ পৰিচালক অনুভৱ সিনহায়ো নতুন ছবিখনৰ দৃশ্যগ্ৰহণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

Related News