• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্চাত ছোনীয়া গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ প্ৰসঙ্গ, এইবাৰ চৰ্চালৈ আনিলে খোদ কেন্দ্ৰীয় মন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2021 5:12 pm
Why couldn’t Sonia Gandhi be Indian PM?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘যদি কমলা হেৰিছ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব পাৰে, তেন্তে ছোনিয়া গান্ধী কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিব?’’ এয়া কোনো কংগ্ৰেছ নেতা অথবা কংগ্ৰেছৰ কোনো মিত্ৰ দলৰ নেতাৰ ভাষ্য নহয়, খোদ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য।

মন্ত্ৰীগৰাকী হৈছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ৰামদাস আঠৱালে।

আঠৱালেই শনিবাৰে এখন সংবাদ মেলত কয় যে ২০০৪ চনত যেতিয়া ইউপিএই পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ আহিছিল, তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ছোনিয়া গান্ধীয়ে দায়িত্ব ল’ব লাগিছিল। আনকি তেওঁ নিজেও কংগ্ৰেছক এই প্ৰস্তাৱ প্ৰদান কৰিছিল বুলি জনায়।

Apply Now

সংবাদমেলখনত তেওঁ বহুকেইটা ৰাজনৈতিক বিষয়ত আলোকপাত কৰি কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কোনো উন্নতি কৰিব নোৱাৰে।

অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিলেও আঠৱালে বিজেপি দলৰ সদস্য নহয়। বিজেপিৰ মিত্ৰ দল তথা এনডিএৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ সভাপতিৰ দায়িত্বত আছে আঠৱালে। আদৰ্শগতভাৱেও আঠৱালেৰ দলৰ বিজেপিৰ স’তে বিশেষ সাদৃশ্য নাই।

তথাপিতো তেওঁ মোদী মন্ত্ৰীসভাৰ এটা দায়িত্বশীল পদবী লাভ কৰিছে। তেনেস্থলত ছোনিয়া গান্ধীৰ সমৰ্থনত আঠৱালেই এনেদৰে বক্তব্য দাঙি ধৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

তেওঁ কৈছে যে ছোনিয়া গান্ধীক বিদেশীমূলীয় বুলি ভাৱি থকাটো অৰ্থহীন। এইক্ষেত্ৰত তেওঁ ব্যাখ্যাও দাঙি ধৰে যে ছোনিয়া গান্ধী একেধাৰে এগৰাকী ভাৰতৰ নাগৰিক, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী আৰু এগৰাকী সাংসদ, তেনেস্থলত দেশৰ প্ৰধানমন্ত্ৰী হোৱাত কি বাধা থাকিব পাৰে। এই প্ৰসংগত তেওঁ কমলা হেৰিছৰ প্ৰসংগ উত্থাপন কৰে।

উল্লেখযোগ্য যে কমলা হেৰিছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভৱ উপ-ৰাষ্ট্ৰপতি। তদুপৰি এই পদত অধিষ্ঠিত প্ৰথমগৰাকী আমেৰিকান মহিলাও হৈছে ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্য কমলা হেৰিছ।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণলৈ যাওতে কমলা হেৰিছক সাক্ষাৎ কৰিছিল। তাৰপাছতে কেন্দ্ৰীয় মন্ত্ৰী আঠৱালেই কমলা হেৰিছৰ স’তে ছোনিয়া গান্ধীৰ প্ৰসংগ উত্থাপন কৰে।

উল্লেখযোগ্য যে ১৯৬৮ ৰাজীৱ গান্ধীৰ স’তে বিবাহপাশত আৱদ্ধ হোৱা ইটালিয়ান যুৱতী ছোনিয়াই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল ১৯৮৩ চনত।

তেওঁৰ বিদেশী মূলক লৈ বৰ্তমান যদিও বৰ এটা চৰ্চা নহয়, এটা সময়ত ই ব্যাপক চৰ্চা লাভ কৰিছিল।

বিশেষকৈ ২০০৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি তথা এনডিএই এই বিষয়টোৰে কংগ্ৰেছ তথা ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাইছিল।

আনকি ছোনিয়া গান্ধীৰ বিৰোধী প্ৰতিবাদত বিজেপি নেতৃ সুষমা স্বৰাজে মুণ্ডন কৰাৰো ভাবুকি দিছিল। সুষমা স্বৰাজ আৰু ছোনিয়া গান্ধীৰ এই ৰাজনৈতিক সংঘাত একৈশ শতিকাৰ ভাৰতীয় ৰাজনীতিৰ এটা আকৰ্ষণীয় প্ৰতিদ্বন্দিতা বুলি ধৰা হয়।

আনহাতে, ২০০৪ চনৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰৰ ‘ইণ্ডিয়া শ্বাইনিং’ শ্লোগানৰ বিপৰীতে ছোনিয়া গান্ধী নেতৃত্বাধীন কংগ্ৰেছে ‘আম আদমী’ৰ শ্লোগান দিছিল।

ছোনিয়া গান্ধীৰ নেতৃত্বতে কংগ্ৰেছ আৰু মিত্ৰ দলসমূহে বৃহৎ ব্যৱধানত এনডিএক পৰাস্ত কৰিবলৈ সক্ষম হয়।

তদুপৰি ছোনিয়াই নিজেও ৰায়বেৰেলী সমষ্টিৰ পৰা নিকট প্ৰতিদ্বন্দিগৰাকীৰ পৰা ২ লাখ ভোটৰ ব্যৱধানত বিজয়ী হৈ ৰাজনৈতিক বিশ্লেষকসকলক হতচকিত কৰি তোলে।

সকলোৱে ধাৰণা কৰিছিল যে ছোনিয়া গান্ধীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব, কিন্তু অৱশেষত ছোনিয়াই বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজ্যসভাৰ সাংসদ ডঃ মনমোহন সিঙক প্ৰধানমন্ত্ৰী পদবী অৰ্পন কৰে। তাৰ পাছৰখিনি এতিয়া ইতিহাস।

এনেকুৱা এটা পাহৰণিৰ গৰ্ভলৈ যোৱা চৰ্চিত বিষয়ক শাসনাধীষ্ঠ চৰকাৰৰ এজন মন্ত্ৰীয়ে পুনৰ উত্থাপন কৰাটো লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd