NORTHEAST NOW (Assamese)

চুলিত উফি কিয় হয়? উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

April 30, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 29, 2025 9:31 pm

চুলিত উফি হোৱাৰ মূল কাৰণ হPediculus humanus capitis নামৰ এবিধ পৰজীৱীৰ সংক্ৰমণ। ই এক সংক্ৰামক ৰোগ। অপৰিষ্কাৰ-অপৰিচ্ছন্নতাৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক নাই, কিন্তু ভিৰ বা অস্বাস্থ্যকৰ পৰিৱেশত ই সহজে বিয়পে।

চুলিত উফি হোৱাৰ কাৰণ

১. উফি থকা ব্যক্তিৰ মূৰৰ সৈতে মূৰ স্পৰ্শ হলে।

২. ব্যক্তিগত সামগ্ৰী ভাগ-বতৰা।  যেনে ব্ৰাছ, টুপী, বা বিচনাৰ কাপোৰ আদি।

৩. বিদ্যালয়, হোষ্টেল বা শিবিৰত এই সংক্ৰমণ সহজে হয়।

৪. যদিও পৰিষ্কাৰ চুলিতো উফি হব পাৰে, নিয়মিত চুলি পৰিষ্কাৰ নকৰিলে সমস্যা বৃদ্ধি পায়।

উফি হোৱাৰ লক্ষণ –

১. মূৰৰ ছালত খজুৱতি।

২.. চুলিৰ গুৰি বা মূৰৰ ছালত সৰু সৰু উফি বা ইয়াৰ কণী দেখা পোৱা।

৩. মূৰৰ ছালত ৰঙা দাগ বা সংক্ৰমণ।

৪. অস্বস্তি

চিকিৎসা আৰু প্ৰতিকাৰ

১. ঔষধি শ্বেম্পু বা লোচন ব্যৱহাৰ : পাৰ্মেথ্ৰিন (Permethrin) বা মেলাথিয়ন (Malathion)যুক্ত শ্বেম্পু বা লোচন ব্যৱহাৰ কৰক

২. পাইৰেথ্ৰিন (Pyrethrin) যুক্ত প্ৰডাক্টো ব্যৱহাৰ কৰিব পাৰে।

৩. শিশুৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লওক, কাৰণ কিছুমান ঔষধ ২ বছৰৰ তলৰ শিশুৰ বাবে নিৰাপদ নহয়।

৪. সৰু দাঁতৰ ফণী ব্যৱহাৰ কৰক।

৫. নিমৰ তেল বা পাতৰ পেষ্ট চুলিত লগাই কিছু সময় ৰাখি ধুই পেলাওক।

৬. চুলিত তেল লগাই ৰাতিটো ৰাখি পিছদিনা ধুই দিয়ক।

৭. কেইটোপালমান চাহপাতৰ তেল শ্বেম্পুৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব পাৰে।

৮. পৰিয়ালৰ সকলো সদস্যৰ চুলি পৰীক্ষা কৰক আৰু প্ৰয়োজন হলে চিকিৎসা কৰক।

৯. আনৰ টুপী বা কাপোৰ ব্যৱহাৰ নকৰিব।

Related News