NORTHEAST NOW (Assamese)

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

May 28, 2025 9:11 pm · এন ই নাও নিউজ, গুৱাহাটী

আই পি এল ২০২৫ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্টে মুঠ ৬৬ লাখ টকা জৰিমনা ভৰিবলগীয়া হৈছে। আই পি এল কৰ্তৃপক্ষই তেওঁৰ ওপৰত এই জৰিমনা আৰোপ কৰিছে কাৰণ তেওঁ আই পি এলৰ আচৰণ বিধি উলংঘন কৰিছে বুলি দোষী সাব্যস্ত হৈছে। অভিযোগ অনুসৰি, ২৭ মেত আৰচিবিৰ বিৰুদ্ধে খেলা মেচত ঋষভ পন্ট আৰু তেওঁৰ দল এল এছ জি অতি লেহেমীয়া ওভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত হৈছিল। এই ছিজনত তৃতীয়বাৰৰ বাবে শ্লো ওভাৰ ৰেটৰ দোষত ঋষভ পন্টক জৰিমনা বিহা হৈছে। এইবাৰ তেওঁক ৩০ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে, আৰু পূৰ্বৰ দুটা ভুলৰ বাবে তেওঁৰ ওপৰত ৩৬ লাখ টকাৰ জৰিমনা আছিল।

আই পি এল ২০২৫ত ঋষভ পন্ট প্ৰথমবাৰৰ বাবে শ্লো ওভাৰ ৰেটৰ দোষত ৫ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা মেচত দোষী সাব্যস্ত হৈছিল। সেইবাৰ তেওঁক ১২ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। দ্বিতীয়বাৰৰ বাবে তেওঁ একেই ভুল ২৭ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা মেচত কৰিছিল, আৰু সেইবাৰ তেওঁক ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছিল। তৃতীয়বাৰৰ বাবে ২৭ মেত আৰচিবিৰ বিৰুদ্ধে খেলা মেচত তেওঁ একেই শ্লো ওভাৰ ৰেটৰ ভুল কৰে, যাৰ ফলত তেওঁৰ মুঠ জৰিমনাৰ পৰিমাণ ৬৬ লাখ টকা হৈছে।

Related News