প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ
নিট ইউজি ২০২৬ ৰ পুনৰ অনুষ্ঠিত হোৱা পৰীক্ষাত অন্যতম শীৰ্ষ স্থান দখল কৰা পাংশুল বাঞ্চালে কয় যে যেতিয়া প্ৰশ্নকাকত ফাদিল হোৱাক লৈ চাৰিওফালে প্ৰতিবাদ চলি আছিল, তেতিয়া তেওঁ ঘৰতে থাকি পঢ়াশুনা কৰাটোহে উচিত বুলি ভাবিছিল। পাংশুলে এই পৰীক্ষাত ৯৯.৯৯৯৯ পাৰ্চেন্টাইলৰ সৈতে সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিছে।
তেওঁ সাংবাদিকক জনায় যে প্ৰথমবাৰৰ পৰীক্ষা বাতিল হোৱাৰ খবৰটোৱে তেওঁক প্ৰথমে নিৰাশ কৰিছিল, কিন্তু পিছলৈ তেওঁ ইয়াক নিজৰ প্ৰদৰ্শন আৰু ভাল কৰাৰ এক সুযোগ হিচাপে গ্ৰহণ কৰিছিল।
পাংশুলে এনডিটিভিৰ সাংবাদিক শিৱ আৰোৰক কয় যে তেওঁ ভাবিছিল, প্ৰতিবাদলৈ গৈনো কি লাভ হ‘ব? তাতকৈ ঘৰত বহি পঢ়াশুনা কৰিলে নিজৰ দক্ষতা বাঢ়িব আৰু পৰীক্ষাত নম্বৰো বেছি পাব পাৰিব। তেওঁৰ এই মন্তব্য এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিৰোধী দলসমূহে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছে। নতুন দিল্লীৰ গ্ৰেটাৰ কৈলাশৰ কে আৰ মংগলম ৱৰ্ল্ড স্কুলৰ ছাত্ৰ পাংশুলে পুনৰ অনুষ্ঠিত হোৱা পৰীক্ষাত ৭১৫ নম্বৰ লাভ কৰিছে।
স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মূল নিট পৰীক্ষা যোৱা ৩ মে‘ত অনুষ্ঠিত হৈছিল। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উঠাৰ পিছত ১২ মে‘ত এই পৰীক্ষা বাতিল কৰা হয় আৰু চিবিআইয়ে ইয়াৰ তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত ২১ জুনত কটকটীয়া নিৰাপত্তাৰ মাজেৰে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু ১৬ জুলাইত ইয়াৰ ফলাফল ঘোষণা কৰা হয়।
প্ৰথম পৰীক্ষা বাতিল হোৱাৰ সময়ত তেওঁৰ প্ৰতিক্ৰিয়া কেনে আছিল সেই বিষয়ে সোঁৱৰণ কৰি পাংশুলে কয় যে প্ৰথমতে তেওঁৰ মনলৈ এক হতাশা আৰু দুখৰ ভাৱ আহিছিল। কিন্তু এঘণ্টা বা দুঘণ্টামানৰ পিছতেই তেওঁ কথাতো ইতিবাচকভাৱে লয় আৰু এইবাৰ আগতকৈ ভাল কৰাৰ বাবে মনতে দৃঢ়প্ৰতিজ্ঞ হয়। পাংশুলে জানিবলৈ দিয়ে যে তেওঁ প্ৰথম পৰীক্ষাত প্ৰায় ৭০৬ নম্বৰ পাইছিল আৰু পৰৱৰ্তী পৰীক্ষাত সেয়া ৭১৫ লৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়।
অতিৰিক্ত সময়খিনিত তেওঁৰ পঢ়াৰ ৰুটিনত কিবা সালসলনি হৈছিল নেকি বুলি সোধাত তেওঁ কয় যে তেওঁ একো সলনি কৰা নাছিল। তেওঁ আগৰ দৰেই পঢ়াশুনা কৰি গৈছিল। তেওঁ মাথোঁ ভাবিছিল যে শেষৰ ডেৰ মাহত তেওঁ নিজৰ ফালৰ পৰা ১০০ শতাংশ চেষ্টা কৰিব লাগিব আৰু বাকীখিনি ভগৱানৰ ওপৰত এৰি দিব লাগিব। প্ৰথমতে তেওঁ চৰকাৰী মেডিকেল কলেজত নামভৰ্তিৰ বাবে যথেষ্ট নম্বৰ পোৱাৰ পিছতো কিয় পৰীক্ষা বাতিল হ‘ল বুলি নিজকে প্ৰশ্ন কৰিছিল। কিন্তু পিছত তেওঁ নেতিবাচক চিন্তাবোৰ বাদ দি নিজৰ লক্ষ্যত গুৰুত্ব দিয়াটোকে ঠিক কৰে আৰু ভাৱে যে যি হয় ভালৰ বাবেই হয়। অৱশ্যে, দেশৰ বিভিন্ন প্ৰান্তত চলি থকা প্ৰতিবাদৰ বিষয়ে সোধাত পাংশুলে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰু কয় যে তেওঁ এই বিষয়ে একো ক‘ব নিবিচাৰে।