• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:08 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত সোমবাৰে ককৰোচ জনতা পাৰ্টী চমুকৈ চি জে পিৰ সংসদ ভৱন অভিযানৰ সময়ত গুৰুতৰভাৱে আহত হোৱা এগৰাকী যুৱতীৰ স্বাস্থ্যৰ হঠাতে অৱনতি ঘটে। ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ সমীপত প্ৰতিবাদকাৰীৰ সমাৱেশত আৰক্ষীয়ে চলোৱা চলোৱা আক্ৰমণৰ সময়ত যুৱতীগৰাকীয়ে এটা বেৰিকেডত খুন্দা মাৰে। ইয়াৰ ফলত তেওঁ মূৰত গুৰুতৰ আঘাত পায়।

Apply Now

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে চি জে পিৰ এই সংসদ ভৱন অভিযানৰ সময়ত ৮০ জনতকৈয়ো অধিক প্ৰতিবাদকাৰী আহত হৈছিল। মঙলবাৰে পুৱা ইয়াৰে ৭৯ জন ছাত্ৰ-যুৱকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। সোমবাৰে লাঠীচালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিও আৰক্ষীয়ে চি জে পিৰ এই অভিযান সম্পূৰ্ণৰূপে স্তব্ধ কৰিব নোৱাৰিলে। বৰঞ্চ আৰক্ষীৰ বাধা নেওচি সোমবাৰে দুপৰীয়া প্ৰতিবাদকাৰীসকল সংসদ ভৱনৰ কাষ পাইছিলগৈ। প্ৰতিবাদকাৰীৰ সমদল আগবাঢ়ি অহা দেখি নিৰাপত্তাৰ স্বাৰ্থত সংসদৰ মূল গেটখন লগে লগে বন্ধ কৰি দিয়া হৈছিল।

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোমবাৰে এই সংসদ অভিযানৰ আহ্বান জনাইছিল চি জে পিয়ে। সেই অনুসৰি পুৱা দিল্লীৰ যন্তৰ মন্তৰৰ পৰা এক বিশাল সমদল উলিওৱা হয়। অৱশ্যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ বাবে কোনো আনুষ্ঠানিক অনুমতি লোৱা হোৱা নাছিল। বৰষুণৰ মাজতো বহু লোকে ৰেইনকোট পিন্ধিয়েই এই সমদলত অংশগ্ৰহণ কৰে। তেওঁলোকৰ হাতত ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতৰ সংবিধান দেখা গৈছিল। সংবাদ মাধ্যমৰ দাবী অনুসৰি সোমবাৰৰ এই কাৰ্যসূচীত প্ৰায় ২০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল, যাৰ অধিকাংশই আছিল ছাত্ৰ আৰু যুৱক। আনহাতে সোমবাৰৰ পৰাই সংসদৰ বৰ্ষাকালীন অধিৱেশনো আৰম্ভ হৈছে। সংসদ ভৱনত প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন দলৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল উপস্থিত আছিল। এনে পৰিস্থিতিত চি জে পিৰ এই অভিযানক লৈ দিল্লী আৰক্ষী আগৰে পৰাই অতি সতৰ্ক আছিল। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ শ্ৰমশক্তি ভৱনৰ ওচৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছৰ গোলাও নিক্ষেপ কৰে। ইয়াৰ পিছতো প্ৰতিবাদকাৰীৰ একাংশই সংসদ ভৱনৰ দিশে আগুৱাই যাবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত আৰক্ষীয়ে তেওঁলোকক সংসদ ভৱন পোৱাৰ আগতেই বাধা প্ৰদান কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd