• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Why infants cry কেচুৱাই কন্দাতো স্বাভাৱিক; কিন্তু কেচুৱাই কিয় কান্দে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 29, 2022 6:43 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো কেচুৱাই কান্দে, ইয়াত ভাৱিবলগীয়া একো নাই। পিছে লালন পালন কৰোতা সকলেহে বুজে নিজৰ কেচুৱাৰ কান্দোনে সময়ে সময়ে কিমান যাতনা দিয়ে।

এটি হাঁহি মাতি কলমলাই থকা শিশুক দেখি কাৰনো বাৰু বেয়া লাগিব? পিছে কন্দা শিশুৱে আনক আমনি দিয়াই নহয় অস্বাভাৱিক ভাৱে কন্দা শিশুৱে কেতিয়াবা পিতৃ মাতৃকো চিন্তাত পেলায়।
কথা বা ভাষা নুবুজা এটি শিশুৰ অশান্তিকৰ যিকোনো অৱস্থাৰ প্ৰকাশ ভংগী হ’ল কান্দোন।

Apply Now

অৱশ্যে শিশুৱে স্বাভাৱিক ভাৱে কন্দাটো একধৰনৰ ব্যায়াম যদিও বহু ক্ষেত্ৰত শিশুৰ অস্বাভাৱিক কান্দোনৰ কাৰন নুবুজি পিতৃ মাতৃ বিপাঙত পৰাও দেখা যায়। কিয়নো শিশুৱে অকাৰণত কেতিয়াও নাকান্দে। সেয়েহে যত্ন লোৱা পিতৃ মাতৃ সকলে এই কথা ভালকৈ জনা উচিত যে কেচুৱাই কিয় কান্দে।

কি কি কাৰনতনো কান্দে জানো আহক:-

১) ভোক লগা- ভোক পিয়াহ লাগিলে কন্দাটো স্বাভাৱিক কথা। সেয়ে মাতৃ গৰাকীয়ে স্তনপান বা আহাৰাদি নিৰ্দ্ধাৰিত সময় বুজি্(feediing rutine মতে)খুউৱাতো উচিত।
মাকৰ গাখীৰ সকলো শিশুৰে প্ৰিয় আৰু জন্মৰে পৰা চিনাকি সুস্বাদু আহাৰ।

অন্য আহাৰ খুৱাওতে কেতিয়াবা ভোক থাকিলেও খাব নুখুজা , থুৱাই দিয়া,ওকালি দিয়া বমি কৰা আদি লক্ষন দেখা যায়। সেয়ে অইন তৰল আহাৰ খুৱাওতে শিশুৰ ৰুচিবোধ অধ্যয়ন কৰি খুৱাব। লগতে আহাৰৰ গৰম /ঠাণ্ডা/সোৱাদ পৰীক্ষা কৰিব।

২) ভয় লগা বা অস্বাভাৱিক শব্দ শুনা-
আকস্মিক ভয়ৰ দৃশ্য দেখা,পৰি যোৱাৰ ভয় ,ডাঙৰ শব্দ , ধমকনি বা আনে ভেঙুচালি কৰা, অচিনাকী লোকৰ সম্পৰ্ক,অচিন পৰিৱেশ আদি নানা কাৰনত কান্দিব পাৰে।

৩)বিৰক্তিবোধ :- খুৱাওতে ,পিন্ধাওতে,গা ধোৱাওতে, অকলে বহাই বা শুৱাই থওতে , শৌচ প্ৰস্ৰাৱ কৰা লেতেৰা অৱস্থাত, দুষিত পৰিবেশ, অচিনাকী লোকৰ কোলাত , অতি গৰম বা ঠান্ডা পোৱা, বেচিকৈ কাপোৰ উৰাই দিয়া,বিচৰা বস্তু নোপোৱা আদি বিভিন্ন কাৰনত সময়ে সময়ে শিশুৱে বিৰক্তিবোধ কৰিও কান্দিব পাৰে।

৪) ওখ ঠাইৰ পৰা পৰি , পোক পৰুৱা, মহ মাখিয়ে কামোৰা বা অন্য কিবা কাৰনত দেহৰ কৰবাত দুখ পালেও কান্দিব পাৰে।

৫)ভাগৰ লগা- শিশুৱে একো অন্য কাম নকৰিলেও খেলা,হঁহা,কন্দা,ইফালে সিফালে যোৱা,মালিচকৰা, আদি কামত ভাগৰি পৰে। সাধাৰনতে ডাঙৰতকৈ শিশুৰ টোপনি বেচি। সেয়ে সময়মতে টোপনিয়াব নোপোৱাতো কান্দোনৰ এটা কাৰন।

৬) শিশুৰ দেহত হব পৰা ৰোগৰ কাৰনতো কান্দিব পাৰে।চালৰ ৰোগ,জৰ ,কাহ, চৰ্দি, বমি,হাগনি আদি নানা ৰোগ হব পাৰে। সেইবোৰৰ যথোচিত শুশ্ৰুষা কৰাব।

শিশুৱে আমনি পোৱা কন্দা কেবাটাও ৰোগৰ ভিতৰত সঘনাই হোৱা ৰোগ হ’ল-

পেটত গেছ হোৱা। এই ৰোগে বহুতো মাতৃক চিন্তিত কৰায় । স্তনপান কৰোতে ,বতলৰ গাখীৰ খাওতে নাইবা অন্য আহাৰৰ কাৰনত শিশুৰ পেটত গেছ (বায়ু) জমিব পাৰে, পেট ফুলা,বায়ু ত্যাগ কৰা, শৌচ কচা আদি কাৰনত কান্দিব পাৰে।

সেয়ে নিৰ্দিষ্ট বয়সত Gripe water বা চিকিত্সকৰ পৰামৰ্শমতে দৰৱ খুউৱাটো ভাল । অধিক গেছৰ সমস্যাত আকনমান খোৱা হিং পানীত মিহলাই নাভিৰ চাৰিও ফালে ঘহিলে উপসম হয়(নাভীত নলগাব)।

গা ধোৱাৰ আগতে লাহে লাহে কিছু ব্যায়াম কৰাই দিলেও আৰাম পাব। দেখা যায় শিশুৰ বয়স বাঢ়ি অহাৰ লগে লগে কান্দোনৰ কাৰন সমুহো বদলিব ধৰে। ৰাগ, খং, ভেম ,অভিমান ,জিদ কৰা , নকৰিবলগীয়াতো কৰা’, দুষ্টামী কৰা , ইটো সিটো বিচৰা আদি কাৰনতো আমনি কৰাব পাৰে।

সকলো বোজা জন্মদাতা পিতৃ মাতৃ বা পৰিয়ালৰ ওপৰতে পৰে। কেচুৱা বা শিশুৱে কান্দিবই। তথাপি অবুজ শিশুৱে পোৱা আমনি বা কান্দোনৰ ভাষা সমুহ সুক্ষ্মভাৱে অধ্যয়ন কৰি সন্তানক নিৰোগী আৰু হাস্যমুখৰ কৰি ৰাখিব পৰাটো দক্ষ মাতৃৰ দক্ষ পৰিচয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd