• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দুত্ববাদে আমুৱাইছে নেকি! মছজিদত শিৱলিঙ্গৰ সন্ধানত অসন্তুষ্ট মোহন ভাগৱত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 6:58 pm
Mohan Bhagwat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত হিন্দুত্ববাদৰ অন্যতম প্ৰতিভু আৰ এছ এছ প্ৰধান প্ৰধান মোহন ভাগৱতক হিন্দুত্ববাদে আমুৱাইছে নেকি! শুভবুদ্ধিৰ উদয় হৈছে নেকি আৰ এছ এছ প্ৰধানৰ! ভাগৱতৰ শেহতীয়া এক মন্তব্যই এই জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে সকলোৰে মনত।

দেশত মছজিদে মছজিদে হিন্দুত্বৰ আধাৰ বিচৰাৰ যি এক ঢৌৰ সৃষ্টি হৈছে সেই সময়তে হঠাতে ভাগৱতে এই ধাৰাটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। স্বাভাৱিকতেই মোহন ভাগৱতৰ এই অনাকাংক্ষিত স্থিতিয়ে সকলোৰে চকু কপালত তুলিছে।

Apply Now

ভাৰতত হিন্দুত্ববাদৰ কূটকৌশলেৰে মন্দিৰ-মছজিদ ৰাজনীতিৰ আৱহাৱা সৃষ্টি কৰা অন্যতম বাটকটীয়া ভাগৱতৰ বাবৰি মছজিদ-ৰাম মন্দিৰ বিতৰ্কৰ ক্ষেত্ৰত থকা ভূমিকাৰ কথা সকলোৰে জ্ঞাত। পিছে হঠাতে কি এনে ঘটিল যে মছজিদ-মন্দিৰ ৰাজনীতিয়ে ভাগৱতক অসন্তুষ্ট কৰিছে, সেই লৈ ব্যাপক চৰ্চা হৈছে।

বৃহস্পতিবাৰে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ বিষয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত আৰ এছ এছৰ মুৰব্বী গৰাকীয়ে কয় যে প্ৰতিটো মছজিদতে শিৱলিংগ বিচাৰি উলিওৱাৰ আৰু প্ৰতিদিনে এটা নতুন বিবাদ আৰম্ভ কৰাৰ কোনো প্ৰয়োজন নাই।

জ্ঞানৱাপী মছজিদ প্ৰসঙ্গ উত্থাপন কৰি ভাগৱতে এই মন্তব্য কৰিছে। তেওঁ লগতে কয় যে জ্ঞানৱাপী বিবাদত লোক বিশ্বাসৰ কিছুমান বিষয় জড়িত আছে আৰু ইয়াৰ ওপৰত আদালতৰ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগে।

ভাগৱতে কয় যে ঐতিহাসিক কাৰণত আমি ৰাম জন্মভূমি অভিযানত জড়িত হৈছিলো আৰু ইয়াক বৰ্তমান সম্পূৰ্ণ কৰা হৈছে। “এতিয়া আমি কোনো আন্দোলনৰ নেতৃত্ব দিব নিবিচাৰো” বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাগৱতে।

ভাষণত ভাগৱতে কয়, “কিছুমান ঠাইৰ প্ৰতি আমাৰ বিশেষ ভক্তি আছিল আৰু আমি সেই স্থানসমূহৰ বিষয়ে কথা পাতিছিলো। কিন্তু আমি দৈনিক এটা নতুন বিষয় উলিয়াব নালাগে। আমি কিয় বিবাদ বৃদ্ধি কৰিব লাগে? প্ৰতিটো মছজিদতে কিয় শিৱলিংগ বিচাৰিব লাগে?”

ভাগৱতে লগতে বাৰানসীৰ জ্ঞানৱাপী মছজিদৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ওপৰত পাৰস্পৰিক চুক্তিৰ জৰিয়তে পথৰ সন্ধান কৰিবলৈ আহ্বান জনায়।

আৰ এছ এছ কোনো ধৰণৰ উপাসনাৰ বিৰোধী নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুছলমানসকল ভাৰতলৈ অহাৰ সময়ত ভাৰতীয়সকলৰ মনোবল ভাঙিবলৈ হাজাৰ হাজাৰ মন্দিৰ ধ্বংস কৰি মছজিদ প্ৰতিষ্ঠা কৰিছিল। সেয়া মুছলমানসকলৰ উপাসনা স্থলী।

আৰ এছ এছে সকলোকে পবিত্ৰ বুলি বিবেচনা কৰে বুলি উল্লেখ কৰি ভাগৱতে কয়, “ইতিহাসক আমি সলনি কৰিব নোৱাৰো। আমি সেই ইতিহাস লিখা নাছিলো, হিন্দু বা বৰ্তমানৰ মুছলমান সকলেও লিখা নাই। এইয়া অতীতত ঘটিছিল।”

“তেওঁলোকে হয়তো সেই ধৰণৰ উপাসনা গ্ৰহণ কৰিছিল, কিন্তু তেওঁলোক আমাৰ ঋষি, মুনি, ক্ষত্ৰিয়সকলৰ বংশধৰ। আমি একেজন পূৰ্বপুৰুষৰ বংশধৰ।”- তেওঁ কয়।

আনহাতে ৰাম মন্দিৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি এই ৰায়ৰ বিৰুদ্ধাচৰণ কৰা ভাগৱতে লগতে দেশৰ ন্যায় ব্যৱস্থাক ধাৰ্মিক আৰু সৰ্বোচ্চ বুলি বিবেচনা কৰিবলৈও আহ্বান জনায়। ন্যায় ব্যৱস্থাৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰা উচিত নহয় বুলিও ভাগৱতে মত পোষণ কৰে।

এনে অনাকাংক্ষিত মন্তব্যৰে ভাগৱতে সাম্প্ৰতিক হিন্দুত্ববাদী ৰাজনীতিৰ কাৰুকাৰ্যৰ বিৰোধিতা কৰাৰ পাছতে স্বাভাৱিকতেই বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যপ্ৰণালীত আৰ এছ এছ প্ৰধানগৰাকী সুখী নহয় বুলি সময়ে সময়ে যি বাতৰি প্ৰকাশ পাইছে, ভাগৱতৰ এই শেহতীয়া মন্তব্যই এনে বাতৰিসমূহত সত্যতা আৰোপ কৰিছে বুলি বিশেষভাৱে চৰ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd