হাতী যদি গণেশ দেৱ, নাম হয়গৈ কিয় “লাদেন”?

অসমৰ বনৰ সকলো মদমত্ত হাতীকে “লাদেন” বোলা হয় আৰু সকলো “লাদেন”কে অৱশেষত নিধন কৰা হয়।

Why named “Laden” when elephants are revered as Lord Ganesha?

“লাদেন” ওৰফে কৃষ্ণ। ছবি সৌজন্য-- টুইটাৰ।

হাতীক কলা আৰু বিজ্ঞানৰ পৃষ্ঠপোষক, আৰু বোধ আৰু জ্ঞানৰ দেৱতা গণেশ দেৱ বুলি সন্মান যঁচা হয়।

কিন্তু অসমত, ভাতি খোলা বনৰীয়া মতা হাতী এটা যেতিয়া মদমত্ত হৈ পৰে, মানুহ মাৰে, তাক সহজেই নাম দিয়া হয় “লাদেন”।

২০০১ চনৰ ১১ চেপ্তেম্বৰত অ’চামা বিন লাদেনে ইউ এছত চাৰিটা সমন্বিত সন্ত্ৰাসবাদী আক্ৰমণেৰে সমগ্ৰ বিশ্ব কঁপাইছিল।

সোনকালেই লাদেন বিশ্ব সন্ত্ৰাসৰ আইকনত পৰিণত হ’ল কাৰণ তেওঁ হত্যা কৰিলে ২৯৯৬গৰাকী লোক, আহত হ’ল আন ২৫,০০০, আৰু হানি হ’ল ১০ বিলিয়ন ইউ এছ দলাৰৰ সম্পত্তি।

আশ্চৰ্য্যজনকভাৱে, মদমত্ত হাতী এটাক ৰাইজে “লাদেন” নাম দিয়াৰ পিছত আনকি অসমৰ বন বিভাগেও ইয়াক বিদ্ৰোহীৰূপে গণ্য কৰিবলৈ ল’লে।

২০০৪ চনত অসমৰ শোণিতপুৰ জিলাত কমেও ২৭গৰাকী লোকৰ হত্যা আৰু সা-সম্পত্তি ধ্বংসৰ বাবে জগৰীয়া আছিল এটা মদমত্ত ষাঁড় হাতী, আৰু সিও নাম পাইছিল “লাদেন”।

দুবছৰৰ ধ্বংসলীলাৰ পিছত ২০০৬ চনৰ ডিচেম্বৰত অৱশেষত হাতীটোক গুলীয়াই মৰা হৈছিল। অসমৰ বন বিভাগৰ অনুৰোধত চিকাৰী দীপেন ফুকনে তাক গুলীয়াইছিল।

পিছত, খবৰ ওলাইছিল যে এটা নিৰ্দোষ হাতীক গুলীয়াই মৰা হৈছিল, আৰু সি “লাদেন” নাছিল।

বন্যপ্ৰাণী কৰ্মীসকলে অভিযোগ কৰিছিল যে “লাদেন”ৰ সৈতে ফুট প্ৰিণ্ট, আকাৰ আৰু আন চিনাক্তকাৰী চিনবোৰ মিলাই নোচোৱাকৈয়ে হাতীটোক লৰালৰিকৈ পুতি পেলোৱা হৈছিল।

২০০৮ চনত আকৌ আন এটা হাতীক “লাদেন” নাম দিয়া হৈছিল—তাক গুলীয়াই মৰা হৈছিল ঝাৰখণ্ডত— সি ১১গৰাকীতকৈ অধিক লোকক নিধন কৰিছিল আৰু কেইবাদজনো আঘাতপ্ৰাপ্ত হৈছিল।

ৰংজুলিত যোৱা ১১ নৱেম্বৰত ট্ৰেংকুইলাইজ কৰা হাতীটোও আচলতে “লাদেন” নাছিল।

পিছত, ট্ৰেংকুইলাইজদ হাতীটোক নাম দিয়া হৈছিল কৃষ্ণ, আৰু কাৰ্দিয়াক এৰেষ্ট হৈ দেওবাৰে তাৰ অ’ৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হৈছিল।

দুবছৰ আগতে, গোৱালপাৰাৰ হাবিত আন এটা মদমত্ত বনৰীয়া মতা হাতীয়ে সন্ত্ৰাসৰ ৰাজত্ব চলাইছিল। তাৰো নাম দিয়া হৈছিল “লাদেন”।

অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰমতে, মদমত্ত “লাদেন”ৰ ২০১৮ চনতে স্বাভাৱিক মৃত্যু ঘটিছিল, আৰু সেই মৃত্যুৰ তথ্য চৰকাৰী জৰীপত সন্নিৱিষ্ট কৰা হৈছিল।

দুৰ্ভাগ্যজনক যে অসমৰ বনৰ সকলো মদমত্ত হাতীকে “লাদেন” বোলা হয়।

আৰু সকলো “লাদেন”কে অৱশেষত নিধন কৰা হয়।