NORTHEAST NOW (Assamese)

মমতা বেনাৰ্জীৰ প্ৰতি বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ আজৱ মন্তব্য, সম্মুখীন হ’ল গৰিহণাৰ

March 25, 2021 11:48 am · এন ই নাও নিউজ
Updated: March 25, 2021 11:58 am

বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে কৰা শেহতীয়া এটা মন্তব্যৰ বাবে তেওঁ ব্যাপক সমালোচনাৰ সম্মুখীন হৈছে।

তেওঁ কৈছিল যে মমতা বেনাৰ্জীয়ে মানুহক তেওঁৰ বেণ্ডেজেৰে বান্ধি থোৱা ভৰিখন দেখুৱাই ফুৰাতকৈ শাৰীৰ সলনি ‘বাৰমুদাচ’ পৰিধান কৰা উচিত, যাতে তেওঁৰ ভৰিখন স্পষ্টভাৱে দেখা পাব পাৰে।

‘বাৰমুদাচ’ (bermudas) হৈছে এবিধ চুটি পেণ্ট।

তেওঁ মন্তব্যটো প্ৰদান কৰে পুৰুলিয়াৰ এখন নিৰ্বাচনী সভাত।

দিলীপ ঘোষৰ মন্তব্যটোৰ পাছতে তৃণমূল কংগ্ৰেছে ক্ষোভ প্ৰকাশ কৰে।

ঘোষৰ মন্তব্যৰ ভিডিঅ’টো দলৰ টুইটাৰত প’ষ্ট কৰি মন্তব্যটোক ‘অৰুচিকৰ’ আৰু ‘গৰিহণাযোগ্য’ আখ্যা দিয়ে।

তৃণমূল সাংসদ মহোৱা মিত্ৰই বিজেপিক ‘পাৰভাৰ্ট’ তথা বিকৃত মানসিকতাসম্পন্ন বান্দৰৰ দল বুলি আখ্যা দিয়ে।

Related News