• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি কোটি অসমীয়াৰ NRC-ৰ স্পৰ্শকাতৰ তথ্যবোৰ কিমান সুৰক্ষিত?

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , November 6, 2019 1:24 pm

2 min read

nrc-1-678x381

প্ৰতিনিধিত্বমূলক ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি প্ৰক্ৰিয়াত অসমৰ লোকে দাখিল কৰা তেওঁলোকৰ স্পৰ্শকাতৰ তথ্যবোৰ কিমান সুৰক্ষিত হৈ আছে চৰকাৰৰ হাতত।

নাগৰিকসকলৰ মাটিৰ কাগজ-পত্ৰ, বেংক একাউণ্ট, ৰেচন কাৰ্ড, জীৱন বীমা আদিৰ দৰে গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ নথিবোৰ সন্দৰ্ভত চৰম দায়িত্বহীনতাৰ এটা ঘটনা পোহৰলৈ আহিছে।

চৰকাৰে চূড়ান্ত এন আৰ চিৰ ৱেবছাইটটো Amazon Web Services (AWS)-ত ৰখা বুলি জানিব পৰা গৈছে।

এমাজন এটা আমেৰিকান কোম্পানি আৰু ইয়াৰ ৱেব ছাৰ্ভিছৰ অধীনত ভাৰতত তিনিটা ডাটা চেণ্টাৰ আছে।

নিৰাপত্তাৰ দিশেদি ভাৰতীয় নাগৰিকৰ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ তথ্য বিদেশৰ কোম্পানি এটাৰ হাতত থকাটো কিমান গ্ৰহণযোগ্য সেয়া এটা প্ৰশ্নৰ বিষয়।

ইয়াৰ পূৰ্বে এন আৰ চিয়ে খচৰা এন আৰ চিৰ তথ্য ভাৰত চৰকাৰৰ ইলেকট্ৰনিকছ এণ্ড ইনফৰ্মেশ্যন টেকন’লজি মন্ত্ৰ্যালয়ৰ অধীনৰ NIC (National Informatics Centre)ত nic.in ডমেইনত ৰখা হৈছিল। NIC যিটো অত্যাধুনিক ক্লাউড ছাৰ্ভিচ ব্যৱস্থাযুক্ত আৰু ঘাইকৈ নিৰ্ধাৰিত অৰ্হতাযুক্ত চৰকাৰী প্ৰতিষ্ঠানৰ তথ্য ৰখাতহে ব্যৱহাৰ হয়।

ইয়াৰ বিপৰীতে এমাজনৰ আছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ক্লাউড ছাৰ্ভিচ।

কিন্তু এখন দেশৰ নাগৰিকসকলৰ গুৰুত্বপূৰ্ণ তথ্য আন দেশৰ কোম্পানিৰ ছাৰ্ভাৰত ৰখাৰ অৰ্থ উক্ত তথ্যবোৰ সেই কোম্পানিৰ হাতত ৰখা।

এই সন্দৰ্ভভত নাম প্ৰকাশত অনিচ্ছুক গুৱাহাটীৰ এজন বাসিন্দাৰ মন্তব্যটো গুৰুত্বপূৰ্ণ, “প্ৰক্ৰিয়াটোত চৰকাৰে নাগৰিকসকলক গুৰুত্বপূৰ্ণ তথ্যবোৰ দাখিল কৰিবলৈ ক’লে, যিবোৰৰ দ্বাৰা তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ হয়। আমি সেইবোৰ চৰকাৰৰ হাতত দিলো। কিন্তু আমি দিয়া তথ্যবোৰ অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ। বেংক ডিটেইল, একাউণ্ট নাম্বাৰ, মাটিৰ কাগজ আদি। কিন্তু তথ্যবোৰ সুৰক্ষিত বুলি কিবা নিশ্চয়তা আছে নে?”

তেওঁ লগতে কয়, “মোৰ তথ্যবোৰ সুৰক্ষিত আছে নে নাই এই কথাটো জানিবলৈ বা প্ৰশ্ন কৰিবলৈ মোৰ অধিকাৰ আছে।”

নতুন দিল্লীস্থিত এজন ডেটা বিশেষজ্ঞ ৰাহুল শৰ্মায়ো বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰিছে।

অৱশ্যে উদ্বিগ্নতা প্ৰকাশ কৰিও তেওঁ কয়, “এমাজনত হোষ্ট কৰা মানেই এইটো নহয় যে তেওঁলোকে তথ্যবোৰ পাই আছে। তেওঁলোকে এইবোৰ পাবও পাৰে বা নাপাবও পাৰে। এইটো নিৰ্ভৰ কৰিব চৰকাৰে এমাজন ৱেব ছাৰ্ভিচেজৰ সৈতে কেনেকুৱা চুক্তি কৰিছে তাৰ ওপৰত।”

জানিব পৰা গৈছে যে ভাৰত চৰকাৰৰ মুঠ তিনিটা বৃহৎ আৰু ৩০টা সৰু সৰু ডাটা চেণ্টাৰ আছে। বৃহৎকেইটা ক্ৰমে দিল্লী, পুনে আৰু হাইদৰাবাদত আছে।

Recent News

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

Rhino

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ; গঁড়টোৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগৰ লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd