• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

কিয় সম্পদৰ অধিকাৰৰ আন্দোলন পৰিবেশ সুৰক্ষাৰ লগত জড়িত হৈ পৰিছে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 31, 2026 7:52 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

​বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি ক্ষতি হৈছে পৰিবেশৰ। গতিকে পৰিবেশৰ হৈ মাত মতা বা পৰিবেশবাদী যিবোৰ সংগঠন আছে তেওঁলোকক এক কৰিব পাৰিনে সেইটো ভাবি দুবছৰমান আগতে মই এটা উদ্যোগ লৈছিলোঁ। তেনেতে চানডুবিলৈ যোৱা ৰাস্তাটো চৰকাৰে বহলাব বিচাৰোঁতে স্থানীয় ৰাইজে তাৰ বিৰোধিতা কৰাৰ খবৰ ওলাল। এদিন ময়ো তালৈ গ’লোঁ। তাতেই পক্ষীৰাজ ৰাভাৰ লগত চিনাকি। গতিকে মই গুৱাহাটীত আৰু গুৱাহাটীৰ ওচৰে-পাজৰে পৰিবেশৰ হৈ মাত মতা সংগঠন আৰু ব্যক্তিক লৈ কিবা এটা কৰিব পাৰি নেকি চিন্তা কৰি দুবাৰ-তিনিবাৰমান তেওঁলোকৰ লগত বহিলোঁ। এটা হোৱাটছএপ গ্ৰুপো খোলা হ’ল তেওঁলোকক লৈ। কিন্তু কেইবাৰমান বহাৰ পিছত প্ৰচেষ্টাটো নিস্তেজ হৈ পৰিল। এই কথাটো মনলৈ আহিছে কালি ‘Energy Policy in Northeast’ৰ বিষয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে আয়োজন কৰা অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ পিছত। ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে যিটো উদ্যোগ লৈছে সেই উদ্যোগটোৱে কিয় জনসমৰ্থন লাভ কৰিবলৈ লৈছে আৰু মই লোৱা উদ্যোগটো কিয় মৰহি গ’ল? কিন্তু পক্ষীৰাজ ৰাভা থাকি গ’ল। তেওঁ সেই প্ৰচেষ্টাটোতো আছিল আৰু এতিয়া ভূমি অধিকাৰতো আছে।

​মোৰ প্ৰচেষ্টাটো কিয় সফল নহ’ল আৰু ভূমি অধিকাৰ আন্দোলনটো কিয় লাহে লাহে সফল হৈ আহিছে? এই কাহিনীটো বুজাটো দৰকাৰী। মোৰ প্ৰচেষ্টাটোৰ লগত জড়িত অধিকাংশ ব্যক্তি আছিল বেচৰকাৰী পৰিবেশ সংস্থা বা ব্যক্তি। তেওঁলোকৰ সদিচ্ছাক মই অসন্মান নকৰোঁ। কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে বোধহয় বেচৰকাৰী সংস্থাবোৰ সম্প্ৰতি এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চৰকাৰৰ নীতি, বৰ চোক নোহোৱা ভাষাত মানে শিক্ষায়তনিক (Academic) পৰিভাষাত সমালোচনাও কৰিম আৰু চৰকাৰৰ পৰা বিত্তীয় সাহায্যও ল’ম—সেই দিন এতিয়া উকলি গ’ল। এতিয়াৰ সময় পক্ষ-বিপক্ষৰ সময়। হয় তুমি চৰকাৰৰ লগত, নহয় তুমি চৰকাৰৰ বিৰুদ্ধে। আপোনালোকে সমসাময়িক ভাৰতবৰ্ষৰ পৰিবেশ আন্দোলনলৈ চাওকচোন কথাটো হয়নে নহয়। সেইকাৰণেই বহুতো পেছাদাৰী পৰিবেশ সংস্থা এতিয়া দেশী-বিদেশী পুঁজি নিৰ্ভৰ শিক্ষায়তনিক সংস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁলোকৰ এতিয়া পৰিবেশ সুৰক্ষাত বিশেষ একো অৰিহণা নাই। এতিয়া পৰিবেশ সুৰক্ষা আন্দোলন সম্পদৰ অধিকাৰ আন্দোলনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। সম্পদৰ অধিকাৰ আন্দোলনৰ মূল শৰিকদাৰ কোন? ভুক্তভোগীসকল। ভূমি অধিকাৰ আন্দোলন কিয় ক্ৰমান্বয়ে থন ধৰি উঠিছে? তাৰ শিপাডাল কাৰ্বি আংলং, দৰাবিল, বৰদুৱাৰ, ফলঙনী, মিকিৰ বামুণী, পৰ্বতঝোৰাৰ ভুক্তভোগী লোকসকলৰ মাজত আছে বুলি। তেওঁলোকৰ কাৰণে ই জীৱন-জীৱিকাৰ সমস্যা। চাওক, এফালে পৰিবেশবাদীসকলৰ আলোচনা কক্ষ আৰু আনফালে পথাৰ হেৰুওৱা, হাবি হেৰুওৱা, বিল হেৰুওৱা, নদী-পৰ্বত হেৰুৱাই প্ৰায় সৰ্বস্বান্ত হোৱা ৰাইজ। এইসকল লোকে কিতাপ পঢ়ি পৰিবেশ আন্দোলন কৰিবলৈ অহা নাই। তেওঁলোকৰ কাৰণে সেইটোৱেই হ’ল জীৱন।

Apply Now

​কিন্তু তাতো সমস্যা আছে। ফুকোৱে (Foucault) এনেয়ে জ্ঞান আৰু ক্ষমতাৰ মাজৰ সম্পৰ্কৰ কথা কোৱা নাছিল! পশ্চিমীয়া আধিপত্যৰ মূলতে কি? বিজ্ঞান-প্ৰযুক্তি আৰু তেওঁলোকৰ জ্ঞানভাণ্ডাৰ নহয় জানো? জীৱাশ্ম ইন্ধনৰ আধুনিক নিষ্কাশনৰ লগত পশ্চিমীয়া প্ৰযুক্তি যুক্ত হৈ থকা নাছিল নে? উদ্যোগীকৰণ, অটোমোবাইল উদ্যোগ আৰু নগৰীকৰণৰ লগত জীৱাশ্ম ইন্ধনৰ সম্পৰ্কৰ কথা ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে জানো? কিন্তু যেতিয়া জীৱাশ্ম ইন্ধনৰ ভঁৰাল উদং হৈ আহিবলৈ ধৰিলে তেওঁলোকে ‘সেউজীয়া শক্তি’ৰ তত্ত্ব (Green Energy) উলিয়ালে। সৌৰ শক্তি, জলবিদ্যুৎ প্ৰকল্প আহিল, নদীবান্ধ আহিল। আগতে ঔদ্যোগিক প্ৰদূষণৰ সমস্যাহে আছিল, এতিয়া গ্ৰীণ ইন্ধনে মানুহক নিজৰ ভেটিৰ পৰাই উছন কৰিব ওলাইছে। আকৌ নতুনকৈ শুনিবলৈ পাইছোঁ দুৰ্লভ খনিজ পদাৰ্থৰ (Rare Earth Mineral) কথা। মনত ৰাখিব, এইবোৰ সকলোৰে সম্পৰ্ক মাটি, পানী, বায়ুৰ লগত। এই সম্পদ আৰু সম্পদ নিষ্কাশনৰ প্ৰযুক্তিৰ উদ্ভাৱনৰ লগত সদায় কিন্তু পশ্চিমীয়া বিশ্ববিদ্যালয় জড়িত হৈ আহিছে। আৰু অলপ ভালকৈ অনুসন্ধান কৰিলে দেখিব সেইবোৰলৈ বিত্তীয় সাহায্য আগবঢ়ায় ডাঙৰ ডাঙৰ ব্যবসায়িক প্ৰতিষ্ঠানে, বহুজাতিকে। সেই জ্ঞান-তত্ত্ববোৰ লাহেকৈ বাগৰি আহে আমাৰ বিশ্ববিদ্যালয় বা অন্য উচ্চ শিক্ষা অনুষ্ঠানবোৰলৈ। সেইবোৰক লৈ বিধে বিধে নানা তৰহৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয়। আমোদজনক কথা হ’ল, তাৰ বিকল্প জ্ঞান-তত্ত্বও কিন্তু গঢ় লৈ উঠে এই বিশ্ববিদ্যালয় আৰু শিক্ষায়তনিক স্থানসমূহতে। এফালে জ্ঞানৰ সাম্ৰাজ্য আৰু বহুজাতিকৰ সাম্ৰাজ্য, আনফালে তাৰ বিকল্প শিক্ষায়তনিক পৰিমণ্ডল আৰু মাজত সাধাৰণ মানুহ। সাধাৰণ মানুহৰ মাজতো কিন্তু পৰিবেশৰ জ্ঞান লোক-ৰূপত জীয়াই আছে। তাৰ ভাষা-পৰিভাষাহে গৈঞাইহে বুজে। আনকি তাৰ সমল আমি শংকৰদেৱতো বিচাৰি পাওঁ। কালি অভিৱৰ্তনত বিভিন্নজনৰ বক্তৃতাত বিকল্প জ্ঞান পৰিমণ্ডলৰ কথাবোৰেই শুনিছিলোঁ। কথা হ’ল, সেই কথাবোৰ, তত্ত্ববোৰ কিতাপৰ ভাষাৰ পৰা ৰাইজৰ ভাষালৈ নমাই আনিব লাগিব। ৰাইজৰ ভাষা আৰু বিকল্প শিক্ষায়তনিক পৰিমণ্ডলৰ ভাষাৰ মাজত এক যৌগিক মিলন হ’ব লাগিব। তেতিয়া এই আন্দোলনৰ ক্ষেত্ৰসমূহৰ পৰা নতুন জ্ঞান, নতুন পৰিভাষা ওলাই আহিব। আশা কৰোঁ এই কথাটোৰ ওপৰত আন্দোলনৰ নেতৃত্বই গুৰুত্ব দিব।

​আন এটা কথা হ’ল—এই আন্দোলনবোৰৰ লগত ৰাজনৈতিক দলৰ সম্পৰ্ক কেনে হ’ব? মই ভাবো এই আন্দোলনবোৰক ৰাজনৈতিক দলৰ সহায়-সমৰ্থনৰ নিশ্চয় প্ৰয়োজন। অকল ৰাজনৈতিক দলৰে নহয়, নাগৰিক সমাজ আৰু প্ৰচাৰ মাধ্যমৰো। কিন্তু এই আন্দোলনবোৰৰ স্থানীয় বৈশিষ্ট্য আৰু নেতৃত্বৰ কথাটো বৰ গুৰুত্বপূৰ্ণ। নেতৃত্ব নিজৰ মানুহৰ হাতত থকাটো অতি প্ৰয়োজনীয়। কিন্তু ভূমি অধিকাৰৰ দৰে যুক্তৰাষ্ট্ৰীয় আৰ্হিটো আদৰণীয়। পিছে, পৰিবেশ বা সম্পদৰ অধিকাৰ আন্দোলনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল তাৰ দাৰ্শনিক ভেটিটো। গান্ধীয়ে এটা কথা কৈছিল: “The world has enough for everyone’s need, but not enough for everyone’s greed.” এই যে এতিয়া পৃথিৱীত ইন্ধনৰ বা শক্তিৰ সংকট হৈছে—তাৰ মূলতে কি? আমাৰ লোভ নহয় জানো? তাতো কি অসমতা! কিছুমানৰ সকলো উভৈনদী, প্ৰয়োজনতকৈও বেছি আৰু আন কিছুমানৰ লগাখিনিও নাই। গতিকে যাৰ সকলো উভৈনদী তেওঁলোকে নিজৰ প্ৰয়োজন কৰ্তন কৰিবই লাগিব। এক ধৰণৰ অৰ্থনৈতিক সমতাৰ প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm
পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd