• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“প্ৰেমিক” স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিয়া “প্ৰেমিকা-পত্নী” শৰ্মিষ্ঠা চেতিয়াৰ মৃত্যু; এৰি গৈছে সাত মহীয়া প্ৰথম সন্তানক

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , May 20, 2019 6:12 pm

2 min read

Sarmistha_Husband

সুখৰ দিনত ঘাতক স্বামী আৰু তেওঁৰ হাতত প্ৰাণ হেৰুওৱা শৰ্মিষ্ঠা চেতিয়া।

3.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমত পৰি পৰস্পৰক আপোন কৰি লোৱাৰ বছৰচেৰেক নৌ হওঁতেই স্বামীৰ ক্ৰুৰতাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটিব লগীয়া হ’ল শিৱসাগৰ জিলাৰ আমগুৰিৰ শৰ্মিষ্ঠা চেতিয়া (২৩) নামৰ এগৰাকী যুৱতীয়ে, যিগৰাকীয়ে এৰি গৈছে মৰমৰ ৭ মহীয়া সন্তানক।

অভিযোগ মতে, শৰ্মিষ্ঠাক যোৱা ২৩ এপ্ৰিলত স্বামী ৰিমন গগৈয়ে গাত কেৰাচিন ঢালি জুই লগাই দিছিল। ইয়াৰ পিছতে প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

আজি দুপৰীয়া মৃত্যুক সাৱটি লোৱা শৰ্মিষ্ঠাই মৃত্যুৰ পূৰ্বে নিজ মুখে কৈ যায় নিজৰ স্বামীৰ নিষ্ঠুৰতা আৰু তেওঁৰ গাত কেৰাচিন ঢালি জুই লগোৱাৰ কথা।

ৰিমন গগৈৰ গাঁও আমগুৰি থানাৰ অন্তৰ্গত বৰাহীবাৰীৰ ডিব্ৰুৱাল বচাশায়েক গাঁৱৰ স্থানীয় লোকে জনোৱা মতে, ৰিমনে পূৰ্বেও শৰ্মিষ্ঠাক প্ৰায়ে মাৰপিট কৰিছিল। ঘটনাৰ দিনা সাতমহীয়া সন্তানটোৰ শুদ্ধি-সবাহ পতাক লৈ প্ৰথমে দুয়োৰ মাজত সাধাৰণ যুক্তিতৰ্ক হৈছিল। পিছত খঙত হিতাহিত জ্ঞান হেৰুওৱা ৰিমনে শৰ্মিষ্ঠাৰ গাত কেৰাচিন ঢালি জুই লগাই দিয়ে। শৰীৰৰ ৭০ শতাংশ অগ্নিদগ্ধ হয় শৰ্মিষ্ঠাৰ।

প্ৰথমে চিকিৎসাধীন পত্নীৰ কাষত ৰিমন আছিল যদিও শৰ্মিষ্ঠাৰ দেউতাকে আমগুৰি থানাত ২৪ এপ্ৰিলত তেওঁৰ কন্যাক হত্যাৰ চেষ্টাৰে জ্বলাই দিয়া বুলি এজাহাৰ দিয়াত চিকিৎসালয়ৰ পৰাই পলায়ন কৰে, অৱশ্যে পিছত যোৱা ১২ মে’ত আমগুৰি থানাত আত্মসমৰ্পণ কৰে। ১৩ মে’ত ৰিমনক জেইললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা (হত্যাৰ চেষ্টা)ৰ অধীনত এটা গোচৰ ৰুজু হয়।

ইপিনে আজি শৰ্মিষ্ঠাৰ মৃত্যুৰ পিছতে উত্তেজিত হৈ পৰা শৰ্মিষ্ঠাৰ মাকৰ ঘৰৰ পৰিয়ালে স্বামী ৰিমন গগৈৰ ঘৰৰ চোতালতে মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে। এই কথায়ো উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে, যাৰ ফলত ঘটনাস্থলীত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰিব লগীয়া হয়।

ঘটনাটোৱে ছচিয়েল মিডিয়া য়ুজাৰৰ মাজত ক্ষোভৰ উদগিৰণ ঘটোৱা দেখা গৈছে। এসময়ৰ নিজৰ প্ৰিয়তম পুৰুষজনৰ হাততে কৰুণ মৃত্যুক সাৱটা শৰ্মিষ্ঠাক ন্যায় দিয়াৰ বাবে সকলোৱে দাবী তুলিছে।

প্ৰয়াত শৰ্মিষ্ঠা এসময়ত চহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী আছিল।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd