জঘন্য কাণ্ড! : নিজ কিশোৰী কন্যাক ধৰ্ষণ কৰি পত্নীৰ হাতত প্ৰাণ হেৰুৱালে এজন লোকে

index.jpg

এক জঘন্য কাণ্ডই কঁপাই গৈছে নয়ডাক। শুকুৰবাৰে নয়ডাৰ মোৰানা বাছষ্টেণ্ডত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই পোহৰলৈ আহিছে অতি জঘন্য আৰু চাঞ্চল্যকৰ এক ঘটনা।

ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী পিতৃয়ে নিজৰ ১১ বছৰীয়া কিশোৰী কন্যাক ধৰ্ষণ কৰে। ধৰ্ষণৰ পিছত অতিৰিক্ত ৰক্তপাতৰ ফলত কিশোৰী গৰাকীৰ মৃত্যু ঘটে।

এই জঘন্য ঘটনাৰ পিছত লোকজনে নিজ পত্নী আৰু অন্য কন্যা সন্তান দুটিকো অকথ্য ভাষাৰে গালি গালাজ পাৰিবলৈ ধৰাৰ লগতে শাৰীৰিক আৰু যৌন নিৰ্যাতনো চলাবলৈ ধৰে।

অৱশেষত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আৰু নিজ কিশোৰী কন্যা সন্তানক ধৰ্ষণ কৰাৰ প্ৰতিশোধ ল’বলৈ গৈ স্বামীক টেটু চেপা দি হত্যা কৰে পত্নীয়ে।

মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ মতে লোকজনক ডিঙি চেপি হত্যা কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত মৃত ব্যক্তিজনৰ পত্নীক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহিলা গৰাকীয়ে স্বামীক ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে।

অভিযুক্ত মহিলা গৰাকীয়ে আৰক্ষীক জনায় যে তেওঁৰ স্বামীয়ে ১১ বছৰীয়া কিশোৰী কন্যাক ধৰ্ষণ কৰাৰ পিছত ৰক্তক্ষৰণ হৈ কিশোৰী কন্যাৰ মৃত্যু হয়।

আনকি অভিযুক্ত মহিলা গৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে তেওঁৰ স্বামীয়ে তেওঁলোকৰ ১৪ আৰু ১৬ বছৰীয়া অন্য দুই কন্যা সন্তানৰ ওপৰতো যৌন আতিশায্য চলাই অহাৰ লগতে গা ধোৱাৰ সময়তে গোপনে দুই কন্যাৰ গা ধোৱাৰ দৃশ্য চাই থাকে।

ইয়াৰ সমান্তৰালভাৱে স্বামীৰ শাৰীৰিক অত্যাচাৰো ক্ৰমশঃ বৃদ্ধি পাই আহিছিল বুলি প্ৰকাশ কৰিছে অভিযুক্ত মহিলা গৰাকীয়ে।

স্বামীৰ এই অত্যাচাৰ আৰু জঘন্য কাণ্ড সহ্যাতীত হোৱাত মহিলা গৰাকীয়ে দুই কন্যাৰ সহযোগত স্বামীক হত্যা কৰা বুলি আৰক্ষীক জনাইছে।

ইফালে আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে অভিযুক্ত মহিলা গৰাকীয়ে।

“মই বাৰে বাৰে মোৰানা আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিলো। স্বামীৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাইছিলো। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।” অভিযুক্ত মহিলা গৰাকীয়ে কয়।

ইফালে অভিযুক্ত মহিলা গৰাকীৰ এই অভিযোগ স্বীকাৰ কৰিছে মোৰানা আৰক্ষী থানাৰ বিষয়া প্ৰভাত দীক্ষিতে।

“মহিলা গৰাকীয়ে আমাৰ ওচৰত অভিযোগ দাখিল কৰিছিল। আমি লোকজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলো, কিন্তু লোকজন অত্যধিক পৰিমাণে মদ্যপান কৰি নিচাগ্ৰস্ত হৈ থাকে। তেওঁ আমাৰ কথাক গুৰুত্বই নিদিলে।” আৰক্ষী বিষয়া প্ৰভাত দীক্ষতে সংবাদ মাধ্যমক কয়।