• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এবছৰত দুখনকৈ বিয়া! বিজেপি নেতা শান্তনু ওজাৰ বিৰুদ্ধে প্ৰথম পত্নীৰ এজাহাৰ দাখিল

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 26, 2018 9:41 pm

3 min read

Marriage Final Photo
314
VIEWS
Share on FacebookShare on Twitter

এবছৰতে দুখনকৈ বিয়া কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত  হৈছে বিজেপি যুৱ মৰ্চাৰ নেতা শান্তনু ওজাৰ বিৰুদ্ধে। এই গুৰুতৰ অভিযোগ আনিছে শান্তনু ওজাৰ প্ৰথমা পত্নী অলিপ্ৰভা লাহনে। শান্তনু লাহনে আদালতত অলিপ্ৰভাৰ সৈতে চলিত বৰ্ষতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ অন্য এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি অভিযোগ আনে অলিপ্ৰভাই। জানিব পৰা মতে বিজেপি নেতা শান্তনুৰ ঘৰ হেঙেৰাবাৰীৰ নিজৰাপাৰ পথত।

উল্লেখ্য যে, কালি বশিষ্ঠ আৰক্ষী থানাত অলিপ্ৰভা লাহনে নিজৰ স্বামীৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰোৱাৰ গুৰুতৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে। বশিষ্ঠ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ১২৩৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

আনহাতে, ভুক্তভুগী মহিলাগৰাকীয়ে অভিযোগ কৰে যে বশিষ্ঠ আৰক্ষীয়ে তেওঁৰ স্বামীক সোধ-পোচৰ বাবে বৰ্তমানলৈকে থানালৈ অনা নাই । বশিষ্ঠ থানাৰ দায়িত্বত থকা এচিপি নন্দিনী কাকতিয়ে তেওঁক থানালৈ অনাৰ বাবে আৰক্ষী পঠোৱা হৈছে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে।

উল্লেখ্য যে, অলিভিলা লাহনৰ সৈতে বিজেপিৰ নেতা শান্তনু ওজাৰ চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত কামৰূপ(মেট্ৰ’) ৰ আদালতত দুয়োৰে বিবাহ হৈছিল আৰু শান্তনু ভুক্তভোগী মহিলাগৰাকীৰ সৈতে স্বামী-স্ত্ৰীৰ নিচিনাকৈ ভেটাপাৰাৰ সোণালী পথৰ ঘৰ নং ০৯ ত বসবাস কৰিছিল বুলিও গুৰুতৰ অভিযোগ আনে। লগতে তেওঁ উক্ত আইনী বিবাহৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপিও সংবাদ মাধ্যম তথা আৰক্ষীক দাখিল কৰে।

Biya

আনহাতে, মহিলাগৰাকীয়ে এজাহাৰৰ প্ৰতিলিপিত উল্লেখ কৰা অনুসৰি তেওঁৰ পূৰ্বৰ স্বামী পংকজ দত্তৰ ১৩ ডিচেম্বৰ ২০০৭ ত মৃত্যু হৈছিল। তাৰ পাছৰে পৰা তেওঁ আৰু তেওঁৰ পুত্ৰ ইভৰাজ দত্ত অকলশৰীয়া হৈ পৰিছিল বুলিও এজাহাৰ প্ৰতিলিপিটোত স্পষ্টকৈ  উল্লেখ কৰিছে।

২০১৫ চনৰ ২৪ চেপ্তেম্বৰত তেওঁৰ শান্তনুৰ সৈতে চিনাকি হয় আৰু প্ৰথমতে বন্ধুত্ব তাৰ পাছত দুয়োৰে মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি ভুক্তভুগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু শান্তনুৰ ঘৰৰ পৰিয়ালে শান্তনুৰ এই প্ৰেমক স্বীকৃতি দিয়া নাছিল আৰু তেওঁলোক সুখী নাছিল।

যোৱা ২২ চেপ্তেম্বৰৰ দিনা এগৰাকী অন্য ছোৱালীৰ সৈতে শান্তনুৰ বিয়া হৈ যায় অথচ ভুক্তভুগী মহিলাগৰাকীয়ে এই কথা গম পোৱা নাছিল। কালি তেওঁ ফেচবুকৰ টাইমলাইত শান্তনুৰ বন্ধু এজনে শান্তনুৰ বিয়াৰ ফটো আপলোড দিয়াত মহিলাগৰাকীয়ে এই কথা গম পায়। তেতিয়াই তেওঁ শান্তনুৰ সৈতে যোগাযোগ কৰাত শান্তনুৱে বিয়া পতাৰ কথা স্বীকাৰ কৰে। এই কথা এজাহাৰখনত ভুক্তভুগী মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে।

আনহাতে, শান্তনুৱে মহিলাগৰাকীৰ পৰা দামী ছেমছাং মোবাইল আৰু মহিলাগৰাকীৰ ভাতৃৰ পৰা ১ লাখ টকা লোৱা বুলি গুৰুতৰ অভিযোগ তোলে।

মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ বিষয়টো তন্ন তন্নকৈ লক্ষ্য কৰে আৰু বিবাহৰ প্ৰমাণপত্ৰখন সঁচা বুলি গণ্য কৰে। এচিপি নন্দিনী কাকতিৰ সৈতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ জনাইছে যে শান্তনু ওজাক আটক কৰিবৰ বাবে আৰক্ষীৰ এটা দল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

Recent News

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

Kaliabor

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd