• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনৰ কাৰাগাৰৰ পৰা মুকলি জুলিয়ান আছাঞ্জ; চলিত সপ্তাহতে আত্মসমৰ্পণ কৰিব আমেৰিকাৰ আদালতত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2024 1:20 pm
ব্ৰিটেইনৰ কাৰাগাৰৰ পৰা মুকলি জুলিয়ান আছাঞ্জ; চলিত সপ্তাহতে আত্মসমৰ্পণ কৰিব আমেৰিকাৰ আদালতত

ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত মুকলি কৰি দিয়া হ’ল ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জক। অৱশ্যে ই নিঃচৰ্ত মুক্তি নহয়, তাৰ প্ৰশ্নও নুঠে। আমেৰিকাৰ আদালতত আত্মসমৰ্পণ কৰি চোৰাংচোৱা আইন উলংঘা কৰাৰ দোষ স্বীকাৰ কৰাৰ আৰু গোপনীয় সামৰিক তথ্য প্ৰকাশ কৰাৰ চৰ্তত ব্ৰিটিছ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। লগে লগে ইমান বছৰৰ দীঘলীয়া আইনী নাটকৰ অন্ত পৰিল।

ৱিকিলিক্সে প্ৰকাশ কৰা অনুসৰি ব্ৰিটিছ সময় অনুসৰি মঙলবাৰে পুৱা জুলিয়ান আছাঞ্জ মুক্ত হৈ দেশ এৰি গৈছে। স্থানীয় সময় অনুসৰি বুধবাৰে পুৱা তেওঁ আমেৰিকাত উপস্থিত হোৱাৰ কথা। এই সপ্তাহতে তেওঁ আমেৰিকাৰ আদালতত হাজিৰ হোৱাৰ কথা।

তথ্য অনুসৰি আমেৰিকাৰ আদালতত তেওঁক দোষী সাব্যস্ত কৰা হ’ব। অৱশ্যে তেওঁৰ শাস্তি ৫ বছৰৰ কাৰাদণ্ডলৈ হ্ৰাস কৰিব পাৰি। ইতিমধ্যে সেই ৫ বছৰ তেওঁ ব্ৰিটিছ কাৰাগাৰত কটায়। গতিকে এইবাৰ হয়তো তেওঁ নিজৰ জন্মভূমি অষ্ট্ৰেলিয়ালৈ উভতি যোৱাৰ অনুমতি পাব।

লগতে পঢ়কঃ ৰাম মন্দিৰৰ চাদৰ পৰা সৰি পৰিছে পানী, ৰামলালাৰ পূজাত বাধা! ছমাহতে কিয় এনেকুৱা হ’ল?

২০০৬ চনত আছাঞ্জে ৱেবছাইট ৱিকিলিকছ প্ৰতিষ্ঠা কৰিছিল। ২০১০ চনত তেওঁৰ সংস্থাটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বাৰ্তা ফাদিল কৰিছিল, আৰু তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় সমাজত ব্যাপক চৰ্চা লাভ কৰিছে। সেই সময়ত আছাঞ্জে আমেৰিকা চৰকাৰৰ বহু গোপন বাৰ্তা ফাদিল কৰাৰ বাবে আমেৰিকাৰ ৰোষত পৰে।

এই সময়ছোৱাতে আছাঞ্জে বিশ্বৰ বাক স্বাধীনতাৰ সমৰ্থক আৰু মানৱ অধিকাৰ সংগঠনৰ নায়ক হৈ পৰে। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অনিবাৰ্যভাৱে খলনায়ক হৈ পৰে ।

ইয়াৰ পিছত ২০১০ চনত ছুইডেন চৰকাৰে ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত আছাঞ্জৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। যদিও আছাঞ্জে এই অভিযোগ অস্বীকাৰ কৰে, তেওঁ আমেৰিকা চৰকাৰৰ একাধিক গোপন বাৰ্তা ফাদিল কৰাৰ বাবেই ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰে। ২০০৭ চনত ইৰাকত আমেৰিকাৰ হেলিকপ্টাৰ বন্দুকৰ জাহাজৰ জুঁইত সাধাৰণ নাগৰিক নিহত হোৱাৰ ভিডিঅ’ও তেওঁ প্ৰকাশ কৰে। নিহতসকলৰ ভিতৰত আছিল ৰয়টাৰৰ দুজন সাংবাদিক। এই সকলোবোৰ কাৰণতে তেওঁ আমেৰিকাৰ চকুৰ কূটা আৰু তেওঁক ছুইডেনৰ পৰা আমেৰিকালৈ লৈ যোৱা হ’ব পাৰে বুলিও আশংকা প্ৰকাশ কৰে।

লগতে পঢ়কঃ আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

অৱশেষত আছাঞ্জে লণ্ডন আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। কিন্তু জামিন পোৱাৰ পিছত অন্তৰ্ধান হৈ পৰে। দুবছৰ লুকাই থকাৰ পিছত অৱশেষত ২০১২ চনত ইকুৱেডৰত ৰাজনৈতিক আশ্ৰয়ৰ অনুমতি লাভ কৰে। কূটনৈতিক সুৰক্ষাও লাভ কৰে।

তেতিয়াৰ পৰাই আছাঞ্জে লণ্ডনত থকা ইকুৱেডৰৰ দূতাবাসত আছিল। ইকুৱেডৰৰ নাগৰিকত্বৰ ম্যাদ উকলি যোৱাৰ পিছত ২০১৯ চনত তেওঁক গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে। আৰম্ভ হয় তেওঁক আমেৰিকালৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া। কিন্তু আছাঞ্জে লণ্ডনৰ উচ্চ নিৰাপত্তাসম্পন্ন বেলমাৰ্ছ কাৰাগাৰৰ পৰাই ব্ৰিটেইনৰ আদালতত প্ৰত্যাৰ্পণৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰে।

JULIAN ASSANGE IS FREE

Julian Assange is free. He left Belmarsh maximum security prison on the morning of 24 June, after having spent 1901 days there. He was granted bail by the High Court in London and was released at Stansted airport during the afternoon, where he boarded a…

— WikiLeaks (@wikileaks) June 24, 2024

২০১০ চনত আছাঞ্জে আফগানিস্তান আৰু ইৰাকত আমেৰিকাৰ সামৰিক অভিযানৰ সৈতে জড়িত ৫ লাখ গোপন ফাইল ফাদিল কৰিছিল। আছাঞ্জে আমেৰিকা চৰকাৰৰ কম্পিউটাৰ হেক কৰি গোপন নথি-পত্ৰ ৰাজহুৱা কৰাৰ অভিযোগ আছে। এই গোচৰত আছাঞ্জৰ বিৰুদ্ধে ১৮টা অভিযোগ উত্থাপন হৈছে। এই নথি-পত্ৰ প্ৰকাশৰ বাবে আমেৰিকা আৰু ব্ৰিটেইন দুয়োখন দেশেই আছাঞ্জক আমেৰিকাৰ ন্যায় ব্যৱস্থাৰ মুখামুখি কৰিবলৈ তৎপৰ হৈ পৰিছিল। কিন্তু ২০২১ চনত লণ্ডনৰ ওল্ড বেইলী ক’ৰ্টে আছাঞ্জক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল। সেই সময়ত আছাঞ্জে স্বস্তিৰ নিশ্বাস পেলাইছিল।

কিন্তু শেষত খেল ঘুৰি গ’ল। ২০২২ চনৰ জুন মাহত ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰত্যাৰ্পণৰ বাবে অনুমোদন জনায়। ১৪ বছৰৰ বিৰতিৰ পিছত আমেৰিকালৈ উভতি আহিব আছাঞ্জে। কিন্তু প্ৰত্যাৰ্পণ নহয়, তেওঁ ঘূৰি আহিছে আত্মসমৰ্পণৰ বাবে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd