• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত ১জন নিহত, আন ১গৰাকী গুৰুতৰভাৱে আহত

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 9, 2018 8:19 pm

2 min read

buffalo attack in kaziranga

বনৰীয়া ম’হৰ আক্ৰমণত আহত মহিলাগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।

299
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে আক্ৰমণ কৰি মঙলবাৰে লক্ষীৰাম ঘাতোৱাল নামৰ এজন কৃষকক হত্যা কৰাৰ লগতে মণি চাৰ’ নামৰ যুৱতী এগৰাকীও ম’হৰ আক্ৰমণত আহত হৈছে।

প্ৰাপ্ত তথ্য মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনৰ কুঠৰী গাওঁ পঞ্চায়ত এলেকাৰ গোহাঁই গাঁৱত মঙলবাৰে দিনৰ প্ৰায় ২ বজাত উদ্যানখনৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া ম’হে পথাৰলৈ কাম কৰিবলৈ যোৱা গাওঁখনৰ লক্ষীৰাম ঘাটোৱাল নামৰ লোকজনক উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। আহত লোকজনক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ৰাইজে বনৰীয়া ম’হটোক গুলীয়াই মাৰিবলৈ দাবী জনাইছিল যদিও অৱশ্যে বন বিভাগৰ লোকে আক্ৰমণকাৰী ম’হটোক খেদি উদ্যানৰ ভিতৰলৈ নিবলৈ সক্ষম হয়।

ম’হৰ আক্ৰমণত মৃত্যু হোৱা ঘাতোৱালৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ বন বিভাগক ৰাইজে দাবী জনাইছে।

ইফালে উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ সীমাতে থকা মাজ চাপৰিতো মঙলবাৰেই মণি চাৰ’ নামৰ এগৰাকী নৱ বিবাহিতা যুৱতীও বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে৷ জানিব পৰা মতে মাজ চপৰিত সমনীয়াৰ সৈতে ঝাও বনৰ খৰি সংগ্ৰহৰ বাবে যোৱা যুৱতীগৰাকীৰ লগৰীয়াসকল পলাই সাৰে যদিও চাৰ’ ম’হৰ আক্ৰমণত অতি বেয়াকৈ আহত হয়৷

পাচত চাৰ’ক সমীপৰ ধনশিৰি ইক’ কেম্পৰ গাড়ীৰে বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়৷

চাৰ’ৰ ঘৰ মাজ চাপৰিৰ সমীপৰে ধানবাৰীৰ চাৰ’ গাঁৱত৷

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd