NORTHEAST NOW (Assamese)

মিছাৰ পথাৰত বনৰীয়া ম’হৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু, আঘাতপ্ৰাপ্ত অন্য এগৰাকী ব্যক্তি

January 10, 2021 7:49 pm · বিদ্যুত জ্যোতি বৰা
Updated: January 11, 2021 6:24 am
উৎস-ইণ্টাৰনেট

নগাঁও জিলাৰ  মিছা আৰক্ষী থানাৰ অধীনস্থ বৰালি গাঁৱৰ পথাৰত আজি দুপৰীয়াৰ ভাগত এটা বনৰীয়া মহৰ আক্ৰমণত  এজন লোক নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাবে আহত হয়।

নিহত লোক জনক বামুণীৰ বুৰচিং টেৰণ (৪৫) বুলি জানিব হৈছে আৰু আহত মহিলা গৰাকী হল ৰৌমাৰীৰ ৰূমী মূড়া(৪০)।

জানিব পৰা মতে, আজি দুপৰীয়া ভাগত বৰালীগাঁৱৰ পথাৰত মাছ মাৰিবলৈ আহোতে টেৰণ নামৰ লোক  জনক বনৰীয়া মহ এটাই আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে।

পৰৱৰ্তী সময়ত বুৰচিং টেৰণক আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও জখলাবন্ধাৰ চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

তেজপুৰলৈ লৈ যোৱাৰ পথতে লোকজনৰ কৰুণ মৃত্যু ঘটে।

আনহাতে, আহত ৰূমী মূড়াক জখলাবন্ধা চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে বুলি  আৰক্ষীৰ সুত্ৰত প্ৰকাশ পাইছে।

Related News