NORTHEAST NOW (Assamese)

নগাঁৱৰ চাপানলাত বনৰীয়া হাতীৰ আক্ৰমণ; ভাঙি লণ্ডভণ্ড দোকান আৰু স্কুলগৃহ

September 14, 2018 5:17 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চাপানলাৰ জামুতল অঞ্চলত যোৱা নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বিদ্যালয় গৃহ আৰু দোকান ঘৰ ভাঙি লণ্ডভণ্ড কৰি সন্ত্ৰাস সৃষ্টি কৰে।

প্ৰাপ্ত তথ্য মতে ১৩ ছেপ্তেম্বৰৰ নিশা প্ৰায় ১২ বজাত খাদ্য সন্ধানত পাহাৰৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে চাপানলাৰ জামুতলত অৱস্থিত দীপক দাসৰ পকী দোকান ঘৰটো ভাঙি পেলায়।

ইয়াৰ উপৰি পৰবৰ্তী সময়ত হাতীটোৱে চাপানলাৰ বালিজুৰিত অৱস্থিত বালিজুৰি কাজিৰঙা প্ৰাথমিক বিদ্যালয়গৃহ ভাঙি লণ্ডভণ্ড কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে বুলিও স্থানীয় লোকে জানিবলৈ দিয়ে।

অৱশ্যে পিছত গঞা ৰাইজে হাতীটোক পাহাৰলৈ খেদি পথাবলৈ সক্ষম হয় যদিও হাতীয়ে আক্ৰমণ চলাই থকাৰ সময়ত বন বিভাগৰ দল আহি নোপোৱাত স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে।

Related News