কলিয়াবৰৰ কুঁৱৰীটোলত শুকুৰবাৰে যান-বাহনৰ এক অতৰ্কিত তালাচী অভিযান চলাই জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে নিয়ম উলংঘাকাৰী ৩৭ খন বাইকক জৰিমণাৰ বাবে আদালতলৈ প্ৰেৰণ কৰিছে।
অভিযান কালত মুঠ ৫৩ খন বাইকৰ নথি-পত্ৰৰ বিসংগতি ধৰা পৰাৰ লগতে বহু কলেজীয়া ছাত্ৰৰ বাইকৰ অনুজ্ঞাপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ লগতে হেলমেট পৰিধান নকৰাৰ কথা পোহৰলৈ আহিছে।
আদালতলৈ প্ৰেৰণ কৰা বাইকসমূহৰ বাহিৰেও আন ১৬ খন বাইকৰ আৰোহীক কলিয়াবৰ আৰক্ষীয়ে থানালৈ অনাৰ পিছত জৰিমণা বিহি এৰি দিয়ে।
কলিয়াবৰ মহাবিদ্যালয়ৰ একাংশ ছাত্ৰৰ লগতে অঞ্চলটোৰ একাংশ যুৱকৰ বাইকৰ তীব্ৰ গতি কলিয়াবৰৰ বহু দুৰ্ঘটনাৰ কাৰক বুলি দীৰ্ঘদিনৰ পৰা ৰাইজে অভিযোগ কৰি আহিছিল।
অভিযানটোক স্থানীয় একাংশ ৰাইজে আদৰণি জনাইছে।
পৰিবহণ বিভাগৰ লগতে কলিয়াবৰ আৰক্ষীয়ে সকলোকে অনাগত দিনত নীতি-নিয়ম মানি বাইক, গাড়ী চলাবলৈ আহ্বান জনাইছে।