চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰ আৰু হাঁহচৰা বৰালী গাঁৱত পৃথকে পৃথকে বন্যহস্তীৰ দুটাকৈ জাকে শনিবাৰে নিশা উপদ্ৰৱ চলাই সন্ত্ৰাস সৃষ্টি কৰে।
অঞ্চলটোৰ স্থানীয় ৰাইজৰ ধাননি পথাৰত বন্যহস্তীৰ দলটোৱে চলোৱা উপদ্ৰৱৰ বাবে সম্প্ৰতি অতিষ্ঠ হৈ পৰিছে হাঁহচৰা বৰালী গাঁৱৰ ৰাইজ।
কালি অৰ্থাৎ শনিবাৰে পুৱাৰ ভাগতে বন্যহস্তীৰ জাকটো স্থানীয় এখন হাবিত অৱস্থান কৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। ইয়াৰ পিছতে সন্ধিয়ালৈ বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাই।
বন্যহস্তীৰ জাকটোৱে ব্ৰহ্মচাৰিৰ সত্ৰৰ আমিনগাঁৱত নিশা দীপামণি বৰা নামৰ এগৰাকী মহিলাৰ এটা পকী বাসগৃহ লণ্ডভণ্ড কৰে। অৱশ্যে বন্যহস্তীৰ জাকটোৰ পৰা পৰিয়ালৰ সদস্যকেইজনে কথমপি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।
পিছত স্থানীয় ৰাইজে উদমাৰি উপ-খণ্ড বন বিভাগৰ কাৰ্যালয়ত ঘটনা সন্দৰ্ভত অৱগত কৰে। ফলত বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ ফটকা ফুটাই নিশা পৰ্যন্ত বন্যহস্তীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়।