• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘‘বনৰীয়া হাতীৰ বাবে খেতি কেতিয়াবাই এৰিলো, এতিয়া অন্তত আমাক জীয়াই থাকিব দিয়ক,’’ মৰিয়নীত এগৰাকী মহিলাৰ অসহায় ক্ৰন্দন

নিৰ্মলানেন্দু পাঠক by নিৰ্মলানেন্দু পাঠক
October 29, 2020 8:44 pm
192
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ মৰিয়নীত হস্তী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ লৈছে। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে মৰিয়নীৰ বিভিন্ন অঞ্চলৰ লগতে পুখুৰীয়া গাঁৱত ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই ধাননি পথাৰ তহিলং কৰি বাসগৃহ ভাঙি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

আনহাতে, শেহতীয়াকৈ বন্যহস্তীৰ জাকটোৱে পুখুৰীয়া গাঁৱৰ বৰ নামঘৰটোত আক্ৰমণ কৰি মণিকুট ভঙাৰ লগতে গুৰু আসন ভাঙি লণ্ড-ভণ্ড কৰি বাহিৰলৈ দলিয়াই দিছিল।

বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে পুখুৰীয়া গাঁওবাসীয়ে প্ৰতি নিশাই উজাগৰে আতংকত দিন কটাবলগীয়া হৈছে।

ইপিনে, বন্যহস্তীৰ উপদ্ৰৱৰ পৰা গাঁৱবাসীক বন বিভাগ তথা চৰকাৰ-প্ৰশাসনে ৰক্ষা কৰিব নোৱাৰাত অৱশেষত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ পুখুৰীয়া গাঁওবাসীয়ে গজৰাজলৈ ভোগ আগৱঢ়াই ভগৱানৰ শৰণাপন্ন হোৱা দেখা গ’ল।

পুখুৰীয়া গাঁৱৰ মহিলাসকলে ভোগদৈ নৈৰ পাৰত বন্যহস্তীৰ জাক অহা–যোৱা কৰা পথত গজৰাজলৈ ভোগ আগৱঢ়োৱাৰ লগতে গণেশ বাবাক পূজা–অৰ্চনা কৰি বন্য হস্তীজাকৰ কুদৃষ্টিৰ পৰা গাঁওবাসীক ৰক্ষা কৰিবলৈ ভগৱন্তৰ প্ৰতি প্ৰাৰ্থনা জনায়।

গাঁৱৰ মহিলাসকলে নেদেখাজনৰ  শৰণাপন্ন হৈ এগছি বন্তি প্ৰজ্বলন কৰি দুখন শৰাই সঁজাই পায়স, কল, কুঁহিয়াৰ আদি ভোগ আগৱঢ়াই গজৰাজলৈ।

আনহাতে, গাঁৱৰ এগৰাকী মহিলাই বন বিভাগ তথা চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কয় যে, ‘হাতী খেদিবলৈ অহা বন বিভাগৰ লোকসকলৰ গুলী নুফুটে।

‘‘বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আমি খেতি কৰিবলৈ কেতিয়াবাই এৰিলো। এতিয়া অন্তত আমাক জীয়াই থাকিবলৈ সুবিধা অকণ কৰি দিয়ক,’’ অসহায় মহিলা গৰাকীয়ে কয়।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd