NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বৰুৱাচুকত বনৰীয়া হাতীৰ তাণ্ডৱ

December 26, 2021 2:22 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত।

কলিয়াবৰৰ বৰুৱাচুকত বনৰীয়া হাতীৰ তাণ্ডৱ।

নিশা বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰৱেশ কৰি হাতীয়ে উপদ্ৰৱ চলায়।

বনৰীয়া হাতীয়ে যোগেশ্বৰ বৰুৱা নামৰ লোকজনৰ পকী ভঁৰাল ঘৰ ভাঙি তাণ্ডৱ চলোৱাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে।

লগতে সমগ্ৰ অঞ্চলটোতে হাতীয়ে বহুদিনৰ পৰা উপদ্ৰৱ চলাই আছে।

বন বিভাগৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

Related News