NORTHEAST NOW (Assamese)

শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু

November 13, 2019 10:01 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 13, 2019 10:35 am
ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰে নিশা শিৱসাগৰৰ চৰগুৱাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

পুৱা ধাননি পথাৰত স্থানীয় ৰাইজে বিদ্যুস্পৃষ্ট হৈ মৃত্যু হোৱা এটা হাতী দেখাৰ পিছতেই কিছু নিলগত হাবিৰ মাজত আন এটা হাতীৰ মৃতদেহ দেখে হোৱা বুলি জানিবলৈ দিয়ে।

কোনে দুষ্ট চক্ৰই পথাৰত সংযোগ কৰি ৰখা বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলতেই খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটাই কৰুণ মৃত্যুক আকোৱালি ল’ব লগীয়া হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে কিছুদিনৰ পৰা এটা হাতীৰ জাকে অঞ্চলটোৰ ধাননি পথাৰত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। ঠিক সেইদৰে মঙলবাৰে নিশাও হাতীৰ জাকটোৱে চৰগুৱা, মাজুমেলীয়া আদি গাঁৱৰ ধাননি পথাৰত ধান খাবলৈ আহিছিল। আৰু তেতিয়াই এই কৰুণ ঘটনাটো সংঘটিত হয়।

ইফালে স্থানীয় লোকে ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাত ঘটনাস্থলত বন বিভাগৰ লোক উপস্থিত হৈ হাতী দুটা উদ্ধাৰ কৰে। ইতিমধ্যে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে।

Related News