Elephant Attack: গোৱালপাৰাৰ মাটিয়াত অঘটন ৷
বিয়া খাবলৈ আহি বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ ৷ মাটিয়াৰ মিলনপুৰত দুটাকৈ বন্যহস্তীৰ চলিছে সন্ত্ৰাস ৷ ফলত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল।
হাতীৰ আক্ৰমণত বিয়া খাবলৈ আহি হাতীৰ গচকত মৃত্যু হ’ল প্ৰদীপ দাস নামৰ এজন লোকৰ ৷
লোকজনৰ ঘৰ মৰনৈত ৷ উল্লেখ্য যে, পুৱাৰ পৰাই হাতীৰ এটা জাকে মাটিয়া অঞ্চলত মুক্ত বিচৰণ কৰি আছিল ৷
Also read: গুৱাহাটীত পেট্ৰ’লৰ দামে মাৰিলে চেঞ্চুৰী; ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিকে
সেই জাকটোৰে দুটা হাতীয়ে সন্ধিয়া হোৱাৰ লগে লগে জাকৰ পৰা ওলাই আহি মাটিয়া অঞ্চলত সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰে৷
এই হাতীৰ আক্ৰমণতে নিহত হয় লোকজন ৷
হাতীৰ আক্ৰমণত লোকজনৰ মৃতদেহটো চিন্ন-বিচ্ছিন্ন হৈ পৰে৷
এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাটিয়া আৰু মৰনৈত ৷
আনহাতে উপদ্ৰৱ চলোৱা হাতী দুটা এতিয়াও একে ঠাইতে অৱস্থান কৰি থকাত আতংকিত হৈ আছে ৰাইজ